--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে নাৰী নিৰ্যাতন, বলাৎকাৰ। পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈছে এগৰাকী যুৱতী। এখন চাৰিচকীয়া বাহনেৰে লিফ্ট দিয়াৰ অজুহাতেৰে এইবাৰ তিনিজন লোকে ধৰ্ষণ কৰিলে এগৰাকী ২৯বছৰীয়া যুৱতীক। ঘটনা সংঘটিত হৈছে অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ বিজনোৰৰৰ পৰা যুৱতীগৰাকী উভতি অহাৰ বাটত তিনি লম্পটে এই দুষ্কাৰ্য সংঘটিত কৰে। দিল্লীৰ এটা কল চেণ্টাৰত কাম কৰা যুৱতীগৰাকীয়ে বিজনোৰত এক বিবাহ অনু্ষ্ঠানত অংশগ্ৰহণৰ পাছত চেণ্ট্ৰেল দিল্লীৰ নিজ কৰ্মক্ষেত্ৰলৈ উভতিবলৈ অপেক্ষা কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। দিল্লীলৈ যোৱা বাছলৈ ৰৈ থকা সময়তে তিনিজন লোকে আৰোহন কৰি অহা বাহনখনত লিফ্ট দিয়াৰ অজুহাতেৰে যুৱতীগৰাকীক তুলি লয় আৰু তাৰ পাছতে এক জনশূন্য ঠাইত ছুৰী দেখুৱাই তেওঁক দলবদ্ধ বলাৎকাৰ কৰে। এই সমগ্ৰ ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দাঙি ধৰিছে যুৱতীগৰাকীয়ে।

তেওঁ কয়, বিজনোৰত মোৰ সম্পৰ্কীয় দাদা এজনৰ বিয়াৰ অনুষ্ঠানত অংশ লৈ দিল্লীলৈ বাছ ধৰাৰ বাবে অপেক্ষা কৰি আছিলোঁ। তেনে সময়তে এখন চাৰিচকীয়া বাহন আহি মোৰ কাষতে ৰয় আৰু মোক লিফ্ট দিব বিচাৰে। মই যিমান পাৰোঁ সোনকালে দিল্লীত উপস্থিত হ’ব বিচাৰিছিলোঁ আৰু সেইবাবে তেওঁলোকৰ প্ৰস্তাৱ মানি লৈছিলোঁ। গাড়ীখনত তিনিজন লোক আছিল। মই উঠাৰ পাছত এক জনশূন্য স্থানত গাড়ীখন ৰাখি তেওঁলোকে মোক দলবদ্ধভাৱে বলাৎকাৰ কৰে। তেওঁলোকে মোক ছুৰী দেখুৱাই ভয় খুৱাইছিল। মোৰ কন্দা-কটা সমীপতে থকা এজন কৃষকে শুনা পায় আৰু তেওঁ মোক ৰক্ষা কৰাৰ বাবে আগুৱাই আহে। কৃষকগৰাকী আমাৰ ফালে দৌৰি অহা দেখি আটাইকেইজনে মোক এৰি পলায়ন কৰে। কৃষকগৰাকীয়ে তিনিওজন অভিযুক্তকে চিনাক্ত কৰা বুলি তেওঁ প্ৰকাশ কৰিছে।

শৰীৰত আঘাতৰ চিন লৈ তেওঁ এগৰাকী বন্ধুৰ সহযোগত থানাত উপস্থিত হয় যদিও আৰক্ষীয়ে প্ৰথমে এই গোচৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰিছিল। পাছত এটা সংগঠনৰ হস্তক্ষেপতহে আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু তদন্ত আৰম্ভ কৰে। ইতিমধ্যে তিনি অভিযুক্তক নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। উল্লেখ্য যে, দিল্লীৰ লক্ষ্মী নগৰৰ বাসিন্দা যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোঁৱা হৈছে আৰু তেওঁৰ ষ্টেটমেণ্ট বাণীবদ্ধ কৰা বুলি বিজনোৰৰ আৰক্ষী অধীক্ষক ধৰমবীৰ সিঙে প্ৰকাশ কৰিছে। নাৰি সুৰক্ষাৰ প্ৰশ্নত আজিও যে দেশ ভালেখিনি আগুৱাবলৈ বাকী আছে, সেই কথা পুনৰ প্ৰতীয়মান কৰিছে এই ঘটনাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?