--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে নাৰী নিৰ্যাতন, বলাৎকাৰ। পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈছে এগৰাকী যুৱতী। এখন চাৰিচকীয়া বাহনেৰে লিফ্ট দিয়াৰ অজুহাতেৰে এইবাৰ তিনিজন লোকে ধৰ্ষণ কৰিলে এগৰাকী ২৯বছৰীয়া যুৱতীক। ঘটনা সংঘটিত হৈছে অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ বিজনোৰৰৰ পৰা যুৱতীগৰাকী উভতি অহাৰ বাটত তিনি লম্পটে এই দুষ্কাৰ্য সংঘটিত কৰে। দিল্লীৰ এটা কল চেণ্টাৰত কাম কৰা যুৱতীগৰাকীয়ে বিজনোৰত এক বিবাহ অনু্ষ্ঠানত অংশগ্ৰহণৰ পাছত চেণ্ট্ৰেল দিল্লীৰ নিজ কৰ্মক্ষেত্ৰলৈ উভতিবলৈ অপেক্ষা কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। দিল্লীলৈ যোৱা বাছলৈ ৰৈ থকা সময়তে তিনিজন লোকে আৰোহন কৰি অহা বাহনখনত লিফ্ট দিয়াৰ অজুহাতেৰে যুৱতীগৰাকীক তুলি লয় আৰু তাৰ পাছতে এক জনশূন্য ঠাইত ছুৰী দেখুৱাই তেওঁক দলবদ্ধ বলাৎকাৰ কৰে। এই সমগ্ৰ ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দাঙি ধৰিছে যুৱতীগৰাকীয়ে।

তেওঁ কয়, বিজনোৰত মোৰ সম্পৰ্কীয় দাদা এজনৰ বিয়াৰ অনুষ্ঠানত অংশ লৈ দিল্লীলৈ বাছ ধৰাৰ বাবে অপেক্ষা কৰি আছিলোঁ। তেনে সময়তে এখন চাৰিচকীয়া বাহন আহি মোৰ কাষতে ৰয় আৰু মোক লিফ্ট দিব বিচাৰে। মই যিমান পাৰোঁ সোনকালে দিল্লীত উপস্থিত হ’ব বিচাৰিছিলোঁ আৰু সেইবাবে তেওঁলোকৰ প্ৰস্তাৱ মানি লৈছিলোঁ। গাড়ীখনত তিনিজন লোক আছিল। মই উঠাৰ পাছত এক জনশূন্য স্থানত গাড়ীখন ৰাখি তেওঁলোকে মোক দলবদ্ধভাৱে বলাৎকাৰ কৰে। তেওঁলোকে মোক ছুৰী দেখুৱাই ভয় খুৱাইছিল। মোৰ কন্দা-কটা সমীপতে থকা এজন কৃষকে শুনা পায় আৰু তেওঁ মোক ৰক্ষা কৰাৰ বাবে আগুৱাই আহে। কৃষকগৰাকী আমাৰ ফালে দৌৰি অহা দেখি আটাইকেইজনে মোক এৰি পলায়ন কৰে। কৃষকগৰাকীয়ে তিনিওজন অভিযুক্তকে চিনাক্ত কৰা বুলি তেওঁ প্ৰকাশ কৰিছে।

শৰীৰত আঘাতৰ চিন লৈ তেওঁ এগৰাকী বন্ধুৰ সহযোগত থানাত উপস্থিত হয় যদিও আৰক্ষীয়ে প্ৰথমে এই গোচৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰিছিল। পাছত এটা সংগঠনৰ হস্তক্ষেপতহে আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু তদন্ত আৰম্ভ কৰে। ইতিমধ্যে তিনি অভিযুক্তক নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। উল্লেখ্য যে, দিল্লীৰ লক্ষ্মী নগৰৰ বাসিন্দা যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোঁৱা হৈছে আৰু তেওঁৰ ষ্টেটমেণ্ট বাণীবদ্ধ কৰা বুলি বিজনোৰৰ আৰক্ষী অধীক্ষক ধৰমবীৰ সিঙে প্ৰকাশ কৰিছে। নাৰি সুৰক্ষাৰ প্ৰশ্নত আজিও যে দেশ ভালেখিনি আগুৱাবলৈ বাকী আছে, সেই কথা পুনৰ প্ৰতীয়মান কৰিছে এই ঘটনাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক