--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। ১১বছৰীয়া ছাত্ৰীগৰাকীয়ে সদায়ে ইচ্ছা কৰিছিল উপায়ুক্ত হোৱাৰ। এই সুযোগো আহিল। কিন্তু এক দুৰ্ভাগ্যজনক পৰিস্থিতিত তেওঁৰ হাতলৈ আহিল হাবিয়াস পূৰণৰ সুযোগ। ১১বছৰীয়া কিশোৰীগৰাকীয়ে এদিনৰ বাবে বহিল আহমেদাবাদৰ উপায়ু্ক্তৰ আসনত। ফ্ল’ৰা আছ’ডিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকী আক্ৰান্ত হৈছে ব্ৰেইন টিউমাৰত। গুৰুতৰভাৱে অসুস্থ হৈ পৰা ছাত্ৰীগৰাকীৰ ইচ্ছা পূৰণৰ বাবেই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে আহমেদাবাদ প্ৰশাসনে।

১১বছৰীয়া ছাত্ৰীগৰাকীয়ে সদায়ে ইচ্ছা কৰিছিল উপায়ুক্ত হোৱাৰ। এই সুযোগো আহিল। কিন্তু এক দুৰ্ভাগ্যজনক

যোৱা মাহত তেওঁৰ মগজুৰ টিউমাৰ আঁতৰোৱাৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু তাৰ পাছত তেওঁৰ স্বাস্থ্য অধিক অৱনতি ঘটে। তাৰ পাছতে তেওঁৰ ইচ্ছাপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আহমেদাবাদৰ উপায়ুক্তই। ‘গান্ধীনগৰৰ ফ্ল’ৰা ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈছিল। যোৱা মাহত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। আমি মেক-এ-উইচ ফাইণ্ডেচনৰ পৰা এটা বাৰ্তা লাভ কৰিছিলোঁ যে, এই কিশোৰীগৰাকী উপায়ুক্ত হ’ব বিচাৰে। আহমেদাবাদৰ উপায়ুক্ত সন্দীপ ছাংলেই সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে।

গান্ধীনগৰৰ এইগৰাকী কিশোৰীৰ কাহিনীয়ে এতিয়া আৱেগ মধুৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

কিশোৰীগৰাকীৰ এই ইচ্ছাৰ কথা জনাৰ পাছতে কিশোৰীগৰাকীক পৰিয়ালৰ সৈতে যোগাযোগ কৰে উপায়ুক্ত ছাংলাই। ‘মই ফ্ল’ৰাৰ পিতৃ-মাতৃৰে যোগাযোগ কৰি তাইৰ ইচ্ছা পূৰণ কৰিব বিচৰাৰ কথা প্ৰকাশ কৰিছিলোঁ। কিন্তু তেওঁৰ ভগ্ন স্বাস্থ্যই সেই লক্ষ্য পূৰণ হ’বলৈ দিয়া নাছিল। অৱশেষত তেওঁৰ ইচ্ছা পূৰণ কৰি তেওঁক আমি উপায়ুক্তৰ আসনত বহুৱাবলৈ সক্ষম হ’লোঁ।’ ফ্ল’ৰাই উপায়ুক্তৰ আসনত বহি ২৫ ছেপ্টেম্বৰৰ তেওঁৰ জন্মদিনো আগতীয়াকৈ পালন কৰে। গান্ধীনগৰৰ এইগৰাকী কিশোৰীৰ কাহিনীয়ে এতিয়া আৱেগ মধুৰ পৰিৱেশৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক