--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। ১১বছৰীয়া ছাত্ৰীগৰাকীয়ে সদায়ে ইচ্ছা কৰিছিল উপায়ুক্ত হোৱাৰ। এই সুযোগো আহিল। কিন্তু এক দুৰ্ভাগ্যজনক পৰিস্থিতিত তেওঁৰ হাতলৈ আহিল হাবিয়াস পূৰণৰ সুযোগ। ১১বছৰীয়া কিশোৰীগৰাকীয়ে এদিনৰ বাবে বহিল আহমেদাবাদৰ উপায়ু্ক্তৰ আসনত। ফ্ল’ৰা আছ’ডিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকী আক্ৰান্ত হৈছে ব্ৰেইন টিউমাৰত। গুৰুতৰভাৱে অসুস্থ হৈ পৰা ছাত্ৰীগৰাকীৰ ইচ্ছা পূৰণৰ বাবেই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে আহমেদাবাদ প্ৰশাসনে।

১১বছৰীয়া ছাত্ৰীগৰাকীয়ে সদায়ে ইচ্ছা কৰিছিল উপায়ুক্ত হোৱাৰ। এই সুযোগো আহিল। কিন্তু এক দুৰ্ভাগ্যজনক

যোৱা মাহত তেওঁৰ মগজুৰ টিউমাৰ আঁতৰোৱাৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু তাৰ পাছত তেওঁৰ স্বাস্থ্য অধিক অৱনতি ঘটে। তাৰ পাছতে তেওঁৰ ইচ্ছাপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আহমেদাবাদৰ উপায়ুক্তই। ‘গান্ধীনগৰৰ ফ্ল’ৰা ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈছিল। যোৱা মাহত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। আমি মেক-এ-উইচ ফাইণ্ডেচনৰ পৰা এটা বাৰ্তা লাভ কৰিছিলোঁ যে, এই কিশোৰীগৰাকী উপায়ুক্ত হ’ব বিচাৰে। আহমেদাবাদৰ উপায়ুক্ত সন্দীপ ছাংলেই সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে।

গান্ধীনগৰৰ এইগৰাকী কিশোৰীৰ কাহিনীয়ে এতিয়া আৱেগ মধুৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

কিশোৰীগৰাকীৰ এই ইচ্ছাৰ কথা জনাৰ পাছতে কিশোৰীগৰাকীক পৰিয়ালৰ সৈতে যোগাযোগ কৰে উপায়ুক্ত ছাংলাই। ‘মই ফ্ল’ৰাৰ পিতৃ-মাতৃৰে যোগাযোগ কৰি তাইৰ ইচ্ছা পূৰণ কৰিব বিচৰাৰ কথা প্ৰকাশ কৰিছিলোঁ। কিন্তু তেওঁৰ ভগ্ন স্বাস্থ্যই সেই লক্ষ্য পূৰণ হ’বলৈ দিয়া নাছিল। অৱশেষত তেওঁৰ ইচ্ছা পূৰণ কৰি তেওঁক আমি উপায়ুক্তৰ আসনত বহুৱাবলৈ সক্ষম হ’লোঁ।’ ফ্ল’ৰাই উপায়ুক্তৰ আসনত বহি ২৫ ছেপ্টেম্বৰৰ তেওঁৰ জন্মদিনো আগতীয়াকৈ পালন কৰে। গান্ধীনগৰৰ এইগৰাকী কিশোৰীৰ কাহিনীয়ে এতিয়া আৱেগ মধুৰ পৰিৱেশৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?