--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : অহাবছৰ অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূ্ৰ্বে এক উল্লেখনীয় সাফল্য লাভ কৰিছে শাসকীয় বিজেপি দলে। জিলা পঞ্চায়তৰৰ নিৰ্বাচনত চমকপ্ৰদ জয়েৰে বিজেপিয়ে ৰাজ্যখনত নিজৰ শক্তিশালী স্থিতি স্পষ্ট কৰি দিছে। বিজেপিয়ে ৭৫খন আসনৰ ভিতৰত ৬৭খনতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। বিজেপিৰ এই বিজয়ে উত্তৰ প্ৰদেশৰ প্ৰধান বিৰোধী দল অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীৰ বাবে এক বৃহৎ আঘাত বিবেচিত হৈছে।

অখিলেশৰ সমাবাদী পাৰ্টীয়ে মাত্ৰ ৫খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় লোক দল, জনসত্তা দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া যে, ২০১৬ চনৰ নিৰ্বাচনত অখিলেশ যাদৱে ৭৫টাৰ ভিতৰত ৬০টাতে বিজয় সাব্যস্ত কৰিছিল। অৱশ্যে এই ফলাফলে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই বুলি বিভিন্ন ৰাজনৈতিক বিশ্লেষকে প্ৰকাশ কৰিছে। এই ফলাফলৰ পাছতে উত্তৰ প্ৰদেশ বিজেপিৰ মুৰব্বী স্বতন্ত্ৰ দেৱ সিঙে মন্তব্য সংবাদ প্ৰতিষ্ঠান পিটিআইৰ আগত কয়, বিজেপিয়ে ৭৫খন জিলা পঞ্চায়তৰ সভাপতিৰ আসনৰ ভিতৰত ৬৭খনতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। আমি ২০২২ৰ বিধানসভা নিৰ্বাচনতো বিজয় সাব্যস্ত কৰিম। উল্লেখ্য যে, সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে অহা বিধানসভা নিৰ্বাচন বিজেপি তথা মুখ্যমন্ত্ৰী আদিত্যনাথৰ কাৰণে এক অগ্নিপৰীক্ষা সদৃশ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই বিজয়ে বিজেপিৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ