--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : অহাবছৰ অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূ্ৰ্বে এক উল্লেখনীয় সাফল্য লাভ কৰিছে শাসকীয় বিজেপি দলে। জিলা পঞ্চায়তৰৰ নিৰ্বাচনত চমকপ্ৰদ জয়েৰে বিজেপিয়ে ৰাজ্যখনত নিজৰ শক্তিশালী স্থিতি স্পষ্ট কৰি দিছে। বিজেপিয়ে ৭৫খন আসনৰ ভিতৰত ৬৭খনতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। বিজেপিৰ এই বিজয়ে উত্তৰ প্ৰদেশৰ প্ৰধান বিৰোধী দল অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীৰ বাবে এক বৃহৎ আঘাত বিবেচিত হৈছে।

অখিলেশৰ সমাবাদী পাৰ্টীয়ে মাত্ৰ ৫খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় লোক দল, জনসত্তা দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া যে, ২০১৬ চনৰ নিৰ্বাচনত অখিলেশ যাদৱে ৭৫টাৰ ভিতৰত ৬০টাতে বিজয় সাব্যস্ত কৰিছিল। অৱশ্যে এই ফলাফলে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই বুলি বিভিন্ন ৰাজনৈতিক বিশ্লেষকে প্ৰকাশ কৰিছে। এই ফলাফলৰ পাছতে উত্তৰ প্ৰদেশ বিজেপিৰ মুৰব্বী স্বতন্ত্ৰ দেৱ সিঙে মন্তব্য সংবাদ প্ৰতিষ্ঠান পিটিআইৰ আগত কয়, বিজেপিয়ে ৭৫খন জিলা পঞ্চায়তৰ সভাপতিৰ আসনৰ ভিতৰত ৬৭খনতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। আমি ২০২২ৰ বিধানসভা নিৰ্বাচনতো বিজয় সাব্যস্ত কৰিম। উল্লেখ্য যে, সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে অহা বিধানসভা নিৰ্বাচন বিজেপি তথা মুখ্যমন্ত্ৰী আদিত্যনাথৰ কাৰণে এক অগ্নিপৰীক্ষা সদৃশ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই বিজয়ে বিজেপিৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু