--°C
Loading...
Listen to Article
2 min read
80%

ডেৰাডুন : উত্তৰাখণ্ডৰ বিজেপি চৰকাৰৰ নেতৃত্ব দিবলৈ নিযুক্ত হ’ল তৃতীয়গৰাকী নেতা। এটা কাৰ্যকালৰ মাজভাগতে তৃতীয়গৰাকী মুখ্যমন্ত্ৰীয়ে চলাব উত্তৰাখণ্ডৰ চৰকাৰ। মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱটৰ আকস্মিক পদত্যাগৰ পাছত পুষ্কৰ সিং ধামীক ৰাজ্যখনৰ একাদশ মুখ্যমন্ত্ৰীৰূপে অভিষিক্ত কৰিবলৈ আগবাঢ়িছে বিজেপি।

আজি দিনৰ ভাগত বিজেপিৰ বিধায়ক দলৰ বৈঠকত তেওঁৰ নাম মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰা হয়। বিয়লি তিনি বজাৰ পৰা কেন্দ্ৰীয় পৰ্যবেক্ষক নৰেন্দ্ৰ টোমৰ আৰু প্ৰদেশ প্ৰভাৰী দুষ্যন্ত কুমাৰ গৌতমৰ উপস্থিতিত সম্পন্ন কৰা হয়। কেন্দ্ৰীয় পৰ্যবেক্ষকে প্ৰকাশ কৰে যে, বৈঠকত একক আৰু সৰ্বসন্মতভাৱে পুষ্কক সিং ধামীৰ নাম গৃহীত কৰা হয়। বিজেপিয়ে ভালেকেইগৰাকী জ্যেষ্ঠ নেতাক একাষৰীয়া কৰি যুৱ নেতাক এই গুৰুদায়িত্ব অৰ্পন কৰিছে।

আজিয়েই ৰাজভৱনত তেওঁ মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ সম্ভাৱনা আছে। ধামী উত্তৰাখণ্ডৰ খটিমা বিধানসভা সমষ্টিৰ বিধায়ক। ১৯৭৫চনত জন্মগ্ৰহণ কৰা ধামী আৰএছএছৰ অনুগত বুলি জনা যায়। উল্লেখ্য যে, কালি মাজনিশা আকস্মিকভাৱে পদত্যাগ কৰিছিল কেইমাহমান আগতে মুখ্যমন্ত্ৰীৰ আসনত বহা তিৰথ সিং ৰাৱটে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ