--°C
Loading...
Listen to Article
2 min read
80%

ঝাৰখণ্ডঃ ঝাৰখণ্ডত শেহতীয়া এক ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ঘটনাৰ সম্ভেদ পোৱাৰ পাছতে জাঙুৰ খাই উঠিছে বিৰোধী শিবিৰ। ঝাৰখণ্ড ৰাজ্যিক বিধানসভাত মুছলমান বিধায়ক আৰু শ্ৰমিকসকলৰ সুবিধাৰ্থে নামাজ পঢ়াৰ বাবে এটা আছুতীয়া কোঠাৰ আৱণ্টন কৰা হ’ব বুলি বিধানসভাৰ অধ্যক্ষই ঘোষণা কৰাৰ পাছতে বিষয়টো তুমুল চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে। বিধানসভাৰ অধ্যক্ষৰ সিদ্ধান্তৰ বিৰোধীতা কৰিছে বিজেপিয়ে।

আনকি নামাজৰ বাবে অধ্যক্ষই আছুতীয়া কোঠা আবন্টন কৰাৰ প্ৰতিবাদত বিজেপিয়ে ৰাজ্যজুৰি 'ক'লা দিৱসো' পালন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ পূৰ্বে ৰাজপথত প্ৰতিবাদ কৰি থকা সময়ত বিজেপিৰ দলীয় কৰ্মীসকলৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিজেপিৰ বিক্ষোভৰ পাছতে মুখ খুলিছে বিধানসভাৰ অধ্যক্ষই। অধ্যক্ষ ৰবীন্দ্ৰনাথ মাহাতোৱে নামাজৰ বাবে আবন্টন কৰা কোঠাটো ভৱিষ্যতে ৰাখিব নে নাই সেয়া সৰ্বদলীয় সমিতিয়ে সিদ্ধান্ত ল'ব বুলি সদৰী কৰে।

বিধানসভা সচিবালয়ৰ শেহতীয়া নিৰ্দেশনাত টি ডব্লিউ ৩৪৮ নম্ৱৰ কোঠাতো নামাজ পঢ়িবলৈ ব্যৱহাৰ কৰা হ'ব বুলি প্ৰকাশ পোৱাৰ পাছতে বিজেপিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। বিগত সময়ছোৱাত বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনটোৰ পৰাই বিজেপি বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। 'জয় শ্ৰীৰাম' ধ্বনিৰে সদন উত্তাল কৰা বুলিও জানিবলৈ পোৱা গৈছে। উল্লেখ্য যে, ৰাজ্যখনত ২০১৯চনৰ পৰাই ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন চৰকাৰ বৰ্তি আছে। তেনে ক্ষেত্ৰত প্ৰধান বিৰোধী দল বিজেপিৰ নিনাদিত আৰ্তনাদে অনাগত সময়ত কিমান গুৰুত্ব লাভ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক