--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতত নিৰ্বাচন মানেই প্ৰতিশ্ৰুতিৰ বন্যা। নিৰ্বাচন আহিলেই প্ৰতিজন ৰাজনৈতিক নেতাৰ মুখত বয় প্ৰতিশ্ৰুতিৰ নৈ। ভোটাৰক আকৰ্ষণ কৰিবলৈ কত কিমান যে আঁচনি! প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুত কৰে প্ৰতিশ্ৰুতিৰে ভৰা নিৰ্বাচনী ইস্তাহাৰ। শেহতীয়াকৈ এজন নিৰ্বাচনী প্ৰাৰ্থীৰ ইস্তাহাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে, আমোদৰো সৃষ্টি কৰিছে।


বিহাৰৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তুফাইল আহমেদৰ নিৰ্বাচনী ইস্তাহাৰে জনসাধাৰণক আমোদ দিয়াৰ লগতে সৃষ্টি কৰিছে বিতৰ্কৰো। আহমেদে নিজৰ ইস্তাহাৰত 'আপুনি ৰাখক আমাৰ ওপৰত বিশ্বাস, এজন এজনকৈ হ'ব সকলোৰে বিকাশ' শীৰ্ষক শ্ল'গানেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। উল্লেখযোগ্য যে গাঁও পঞ্চায়তৰ প্ৰধান পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে তুফাইল আহমেদে। কাহানিও নুশুনা আহমেদৰ ৭টা মুখ্য প্ৰতিশ্ৰুতিয়ে গাঁওবাসীৰ লগতে সকলোকে আচম্বিত কৰিছে।

তুফাইল আহমেদৰ নিৰ্বাচনী ইস্তাহাৰত থকা প্ৰতিশ্ৰুতিসমূহ এনেধৰণৰ-
গাঁৱৰ নিবনুৱালৈ চৰকাৰী চাকৰি।
গাঁওবাসীলৈ বিমানবন্দৰৰ সুবিধা।
'ছিংগল' যুৱকসকললৈ দুচকীয়া বাহন।
ছোৱালীসকললৈ বিনামূলীয়া বিউটী পাৰ্লাৰৰ সুবিধা আৰু চিলাই মেচিন।
বয়োজ্যেষ্ঠলৈ প্ৰতিদিনে এপেকেট চাধা আৰু বিড়ি।
বাট-পথৰ লগতে খেতিপথাৰতো টাইলছ লগাই নগৰীকৰণ কৰা।
নল জল যোজনাত পানীৰ পৰিৱৰ্তে গাখীৰ যোগান ধৰা।


ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা তুফাইল আহমেদৰ নিৰ্বাচনী ইস্তাহাৰ সম্পৰ্কত প্ৰশ্ন কৰাত অৱশ্যে আহমেদে তেনেকুৱা কোনোধৰণৰ প্ৰতিশ্ৰুতি দিয়া নাই বুলি দাবী কৰে আৰু এয়া তেওঁৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ বুলিহে অভিযোগ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক