ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ এক নতুন সুযোগ ঘোষণা কৰিছে যোৰহাটস্থিত ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানখনে (NID)। প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা প্ৰকাশিত এক নিযুক্তি বিজ্ঞাপন অনুসৰি, চুক্তিভিত্তিক কাৰ্যনিৰ্বাহৰ বাবে ভিজিটিন মেডিকেল অফিচাৰ পদত যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে খালী পদত সৰ্বমুঠ ১ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব।
প্ৰকাশিত অধিসূচনা অনুসৰি, আৱেদন ইচ্ছুক প্ৰাৰ্থীসকল ভাৰতীয় চিকিৎসা পৰিষদ বা ৰাজ্যিক চিকিৎসা পৰিষদৰ দ্বাৰা স্বীকৃত প্ৰতিষ্ঠানৰ পৰা এমবিবিএছ ডিগ্ৰীধাৰী হোৱাৰ লগতে বৈধ চিকিৎসা পঞ্জীয়নভুক্ত হ'ব লাগিব। ইয়াৰ উপৰি চৰকাৰী হাস্পতাল অথবা কোনো নামী আৰু স্বীকৃত প্ৰাইভেট হাস্পতালত কাম কৰাৰ অন্তত ৩ বছৰৰ কাৰ্যনিৰ্বাহৰ অভিজ্ঞতা থাটো বাধ্যতামূলক কৰা হৈছে। আনহাতে, চিকিৎসা বিজ্ঞানৰ এমডি ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰমূলক অৰ্হতা হিচাপে বিবেচনা কৰা হ'ব।
আৱেদনকাৰীসকলৰ বাবে সৰ্বোচ্চ বয়সৰ সীমা ৫০ বছৰ নিৰ্ধাৰণ কৰা হৈছে, যদিও যোগ্য প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়সৰ শিথিলতা প্ৰযোজ্য হ'ব পাৰে। এই পদৰ বাবে প্ৰতি ভিজিটত মাননি প্ৰদান কৰা হ'ব আৰু প্ৰতিমাহে নামিমান ১২ দিন সেৱা আগবঢ়াব লাগিব। অৰ্হতা, অভিজ্ঞতা আৰু ডিউটিৰ সময়সীমাৰ ওপৰত ভিত্তি কৰি প্ৰতি ভিজিটত ২০০০ টকাৰ পৰা ৩০০০ টকালৈ মাননি নিৰ্ধাৰণ কৰা হৈছে, যিটো সমষ্ট মাহৰ অন্তত এককালীনভাৱে প্ৰদান কৰা হ'ব।