--°C
Loading...
Listen to Article
2 min read
80%

পশ্চিমবংগঃ বংগত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। ভবানীপুৰকে ধৰি ৰাজ্যখনৰ তিনিটা সমষ্টিত ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন। নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে মুখ্যমন্ত্ৰীয়ে কালি নেতাজী ইণ্ডোৰত বাৰোৱাৰী পূজা সমিতিৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকৰ আয়োজন কৰিছিল। এইবাৰো ৰাজ্য চৰকাৰে অনুমোদিত পূজা সমিতিসমূহক ৫০,০০০ টকা প্ৰদান কৰিব বুলি মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰিছে। মমতাৰ এই ঘোষণাৰ পাছতে সমালোচনাত সৰব হৈ পৰিছে বিজেপি। বিজেপিয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা ভবানীপুৰৰ তৃণমূল প্ৰাৰ্থী মমতা বেনাৰ্জীৰ বিৰুদ্ধে নিৰ্বাচনী বিধি ভংগৰ অভিযোগ উত্থাপন কৰিছে।

বুধবাৰে নিজৰ কেন্দ্ৰীয় কৰ্মচাৰীৰ সভাত মমতাই গেৰুৱা শিবিৰৰ সমালোচনাত মুখৰ হৈ পৰা দেখা গৈছিল। পদুম বাহিনীক ‘মহামূৰ্খৰ দল’ বুলিও সমালোচনা কৰে মমতাই। পূজা সভালৈ যোৱাৰ বিষয়ে গেৰুৱা শিবিৰৰ অভিযোগৰ পাছত বুধবাৰে শ্ৰমিকসভাত তৃণমূলৰ নেত্ৰীগৰাকীয়ে মুখ খুলে। তেওঁ কয়, ‘মই পূজা সভালৈ কিয় গৈছিলো, তাক লৈয়ো অভিযোগ! মহামূৰ্খৰ দল। মই নাজানো এইটো ইতিমধ্যে ঠিক কৰা হৈছিল নে নাই। পূজা উদ্যোগীসকলৰ সৈতে আলোচনাত মিলিত নকৰিলে তেওঁলোকে কেনেকৈ সকলো পৰিকল্পনা কৰিব?’ মমতাৰ মন্তব্যৰ প্ৰত্যুত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, ‘মই দিদিৰ পৰা পূজাৰ বিষয়ে শিকিব নোখোজো।

কোনো পূজা কমিটীয়ে তেওঁলোকৰ পৰা ভিক্ষা গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়, জোৰ কৰি তেওঁলোকক দিয়া হৈছে।’ উল্লেখ্য যে, নিৰ্বাচন ঘোষণা হোৱাৰ পাছতে আদৰ্শ আচৰণ বিধি কাৰ্যকৰী কৰা হৈছিল। কিন্তু মঙলবাৰে নেতাজী ইণ্ডোৰ ষ্টেডিয়ামত প্ৰশাসনিক অনুষ্ঠানত মুখ্য সচিবে ৰাজ্যখনৰ হৈ পূজা সমিতিৰ বাবে ৫০,০০০ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে। বিজেপিয়ে ইয়াৰ প্ৰতিবাদত সোচ্চাৰ হৈ পৰিছে। পদ্ম শিবিৰে নিয়ম উলংঘা কৰাসকলৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ কাৰ্যকৰী পন্থা হাতত লৈছে। নিৰ্বাচনী আয়োগৰ ওচৰত এই অভিযোগ দাখিল কৰা হৈছে। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে আজিৰ দিনটোতে ৰাজ্যৰ গৃহ সচিবৰ পৰা উত্তৰ বিচাৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক