--°C
Loading...
Listen to Article
2 min read
80%

পশ্চিমবংগঃ বংগত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। ভবানীপুৰকে ধৰি ৰাজ্যখনৰ তিনিটা সমষ্টিত ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন। নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে মুখ্যমন্ত্ৰীয়ে কালি নেতাজী ইণ্ডোৰত বাৰোৱাৰী পূজা সমিতিৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকৰ আয়োজন কৰিছিল। এইবাৰো ৰাজ্য চৰকাৰে অনুমোদিত পূজা সমিতিসমূহক ৫০,০০০ টকা প্ৰদান কৰিব বুলি মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰিছে। মমতাৰ এই ঘোষণাৰ পাছতে সমালোচনাত সৰব হৈ পৰিছে বিজেপি। বিজেপিয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা ভবানীপুৰৰ তৃণমূল প্ৰাৰ্থী মমতা বেনাৰ্জীৰ বিৰুদ্ধে নিৰ্বাচনী বিধি ভংগৰ অভিযোগ উত্থাপন কৰিছে।

বুধবাৰে নিজৰ কেন্দ্ৰীয় কৰ্মচাৰীৰ সভাত মমতাই গেৰুৱা শিবিৰৰ সমালোচনাত মুখৰ হৈ পৰা দেখা গৈছিল। পদুম বাহিনীক ‘মহামূৰ্খৰ দল’ বুলিও সমালোচনা কৰে মমতাই। পূজা সভালৈ যোৱাৰ বিষয়ে গেৰুৱা শিবিৰৰ অভিযোগৰ পাছত বুধবাৰে শ্ৰমিকসভাত তৃণমূলৰ নেত্ৰীগৰাকীয়ে মুখ খুলে। তেওঁ কয়, ‘মই পূজা সভালৈ কিয় গৈছিলো, তাক লৈয়ো অভিযোগ! মহামূৰ্খৰ দল। মই নাজানো এইটো ইতিমধ্যে ঠিক কৰা হৈছিল নে নাই। পূজা উদ্যোগীসকলৰ সৈতে আলোচনাত মিলিত নকৰিলে তেওঁলোকে কেনেকৈ সকলো পৰিকল্পনা কৰিব?’ মমতাৰ মন্তব্যৰ প্ৰত্যুত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, ‘মই দিদিৰ পৰা পূজাৰ বিষয়ে শিকিব নোখোজো।

কোনো পূজা কমিটীয়ে তেওঁলোকৰ পৰা ভিক্ষা গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়, জোৰ কৰি তেওঁলোকক দিয়া হৈছে।’ উল্লেখ্য যে, নিৰ্বাচন ঘোষণা হোৱাৰ পাছতে আদৰ্শ আচৰণ বিধি কাৰ্যকৰী কৰা হৈছিল। কিন্তু মঙলবাৰে নেতাজী ইণ্ডোৰ ষ্টেডিয়ামত প্ৰশাসনিক অনুষ্ঠানত মুখ্য সচিবে ৰাজ্যখনৰ হৈ পূজা সমিতিৰ বাবে ৫০,০০০ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে। বিজেপিয়ে ইয়াৰ প্ৰতিবাদত সোচ্চাৰ হৈ পৰিছে। পদ্ম শিবিৰে নিয়ম উলংঘা কৰাসকলৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ কাৰ্যকৰী পন্থা হাতত লৈছে। নিৰ্বাচনী আয়োগৰ ওচৰত এই অভিযোগ দাখিল কৰা হৈছে। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে আজিৰ দিনটোতে ৰাজ্যৰ গৃহ সচিবৰ পৰা উত্তৰ বিচাৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান