--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বয়স কেতিয়াও শিক্ষাৰ অন্তৰায় হ’ব নোৱাৰে। নতুন কিবা এটা শিকাৰ প্ৰতি পৰম আগ্ৰহ মানুহ মাত্ৰেই থাকে। শেহতীয়াকৈ এটা ইতিবাচক ইনষ্টাগ্ৰাম পোষ্টে সংবাদ শিৰোনাম দখল কৰিছে। উদ্যোগপতি ৰতন টাটাই ইনষ্টাগ্ৰামত পিয়ানো ভালদৰে শিকাৰ ইচ্ছা প্ৰকাশ কৰিছে। পিয়ানো বজোৱা এখন ফটো পোষ্ট কৰি ৮৩ বছৰীয়া ব্যৱসায়িক আইকনগৰাকীয়ে শিশু অৱস্থাত কিদৰে পিয়ানো বজাইছিল তাকো প্ৰকাশ কৰিছে। ‘টাটা ছেন্সৰ’ৰ অধ্যক্ষগৰাকীয়ে লগতে কয়, ‘ভাল কিবা শিকাৰ চিন্তাত মই এতিয়াও প্ৰভাৱিত।’ অৱসৰৰ পাছত পুনৰ পিয়ানো শিকিবলৈ আৰম্ভ কৰা টাটাই কিন্তু এতিয়াও ভালদৰে পিয়ানো শিকিব পৰা নাই বুলি তেওঁ তেওঁৰ ৪ লাখতকৈও অধিক ইনষ্টাগ্ৰাম অনুসৰণকাৰীৰ আগত ব্যক্ত কৰিছে।

অৱশ্যে, নিশ্চিতভাৱে অদূৰ ভৱিষ্যতে ইয়াক আয়ত্ত কৰিবলৈ চেষ্টা কৰাৰো অংগীকাৰ কৰিছে তেওঁ। উদ্যোগপতিগৰাকীৰ পোষ্টটো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পোষ্টটোৱে সমাজৰ সচেতন লোকসকলক তেওঁলোকৰ শৈশৱকালৰ কথা সোঁৱৰায় দিয়াৰ লগতে শৈশৱৰ সময়ছোৱাত যি কৰিব নোৱাৰিলে তাক পুনৰ শিকিবলৈ অনুপ্ৰাণিত কৰা বুলিও বহুতে মন্তব্য কৰিছে। তেওঁলোকৰ এজনে তেওঁৰ মন্তব্যত ব্যৱসায়িক আইকন গৰাকীক সম্বোধন কৰি লিখিছে, ‘আপোনাৰ সপোনবোৰ অনুসৰণ কৰিবলৈ বেছি পলম হোৱা নাই।’


উল্লেখ্য যে, উদ্যোগপতি ৰতন টাটা সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়। কেতিয়াবা তেওঁ বিভিন্ন সামাজিক সমস্যাৰ বিষয়ে উল্লেখ কৰি পোষ্ট কৰে। সেই পোষ্টবোৰৰ প্ৰভাৱ সামাজিক জীৱনত ব্যাপকভাৱে প্ৰতিফলিত হোৱাৰো নজিৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে পথৰ কুকুৰবোৰৰ যত্ন লোৱা আৰু ইহঁতৰ পোহ-পালনৰ বাবে আবেদন কৰি এটা পোষ্ট কৰিছিল। এইবাৰ উদ্যোগপতিগৰাকীয়ে অনুসৰণকাৰী সকলক উদ্দেশ্যি তেওঁৰ পিয়ানো শিকাৰ আকাংক্ষাৰ বিষয়ে জানিবলৈ উৎসাহিত কৰা পৰিলক্ষিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক