--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বয়স কেতিয়াও শিক্ষাৰ অন্তৰায় হ’ব নোৱাৰে। নতুন কিবা এটা শিকাৰ প্ৰতি পৰম আগ্ৰহ মানুহ মাত্ৰেই থাকে। শেহতীয়াকৈ এটা ইতিবাচক ইনষ্টাগ্ৰাম পোষ্টে সংবাদ শিৰোনাম দখল কৰিছে। উদ্যোগপতি ৰতন টাটাই ইনষ্টাগ্ৰামত পিয়ানো ভালদৰে শিকাৰ ইচ্ছা প্ৰকাশ কৰিছে। পিয়ানো বজোৱা এখন ফটো পোষ্ট কৰি ৮৩ বছৰীয়া ব্যৱসায়িক আইকনগৰাকীয়ে শিশু অৱস্থাত কিদৰে পিয়ানো বজাইছিল তাকো প্ৰকাশ কৰিছে। ‘টাটা ছেন্সৰ’ৰ অধ্যক্ষগৰাকীয়ে লগতে কয়, ‘ভাল কিবা শিকাৰ চিন্তাত মই এতিয়াও প্ৰভাৱিত।’ অৱসৰৰ পাছত পুনৰ পিয়ানো শিকিবলৈ আৰম্ভ কৰা টাটাই কিন্তু এতিয়াও ভালদৰে পিয়ানো শিকিব পৰা নাই বুলি তেওঁ তেওঁৰ ৪ লাখতকৈও অধিক ইনষ্টাগ্ৰাম অনুসৰণকাৰীৰ আগত ব্যক্ত কৰিছে।

অৱশ্যে, নিশ্চিতভাৱে অদূৰ ভৱিষ্যতে ইয়াক আয়ত্ত কৰিবলৈ চেষ্টা কৰাৰো অংগীকাৰ কৰিছে তেওঁ। উদ্যোগপতিগৰাকীৰ পোষ্টটো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পোষ্টটোৱে সমাজৰ সচেতন লোকসকলক তেওঁলোকৰ শৈশৱকালৰ কথা সোঁৱৰায় দিয়াৰ লগতে শৈশৱৰ সময়ছোৱাত যি কৰিব নোৱাৰিলে তাক পুনৰ শিকিবলৈ অনুপ্ৰাণিত কৰা বুলিও বহুতে মন্তব্য কৰিছে। তেওঁলোকৰ এজনে তেওঁৰ মন্তব্যত ব্যৱসায়িক আইকন গৰাকীক সম্বোধন কৰি লিখিছে, ‘আপোনাৰ সপোনবোৰ অনুসৰণ কৰিবলৈ বেছি পলম হোৱা নাই।’


উল্লেখ্য যে, উদ্যোগপতি ৰতন টাটা সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়। কেতিয়াবা তেওঁ বিভিন্ন সামাজিক সমস্যাৰ বিষয়ে উল্লেখ কৰি পোষ্ট কৰে। সেই পোষ্টবোৰৰ প্ৰভাৱ সামাজিক জীৱনত ব্যাপকভাৱে প্ৰতিফলিত হোৱাৰো নজিৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে পথৰ কুকুৰবোৰৰ যত্ন লোৱা আৰু ইহঁতৰ পোহ-পালনৰ বাবে আবেদন কৰি এটা পোষ্ট কৰিছিল। এইবাৰ উদ্যোগপতিগৰাকীয়ে অনুসৰণকাৰী সকলক উদ্দেশ্যি তেওঁৰ পিয়ানো শিকাৰ আকাংক্ষাৰ বিষয়ে জানিবলৈ উৎসাহিত কৰা পৰিলক্ষিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰিয়ামঘাটত সাজু ১০০ বুলড'জাৰ
আদিত্য এল-১ মিছনৰ কৰ্মশালালৈ তেজপুৰৰ ছাত্ৰী
হৰিদ্বাৰত পদপিষ্ট হৈ ৬জনৰ মৃত্যু, ২৯জন আহত
যোৰহাটত আজি হীৰুদাৰ দিন
ছাইয়াৰাৰ নায়িকাৰ নতুন যাত্ৰা ; ৰূপালী পৰ্দাৰ পাছত এইবাৰ OTT-ত অনীত পাদ্দা!
৭০০০ কোটি টকা ব্যয়েৰে ভূপালত অত্যাধুনিক মেট্ৰ’ ৰে’ল ; ঘণ্টাত ৯০ কিলোমিটাৰ গতিবেগ