--°C
Loading...
Listen to Article
2 min read
80%


নতুন দিল্লী : আফগান ভূমিত তালিবানৰাজ আৰম্ভ হোৱাৰ পাছতে বৰ্বৰতাৰ এটা নতুন অধ্যায়ৰ সূচনা হৈছে। তালিবান নেতৃত্বই উদাৰ আৰু সহনশীল শাসনৰ প্ৰতিশ্ৰুতি বাৰে বাৰে দি আহিছে যদিও কাৰ্যক্ষেত্ৰত তাৰ সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। এইবাৰ তালিবানৰ বৰ্বৰ আক্ৰমণৰ বলি হৈছে সাংবাদিক।

তালিবানৰ নিৰ্মম আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা দুগৰাকী সাংবাদিকৰ ছবি আৰু ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছতে বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তালিবানী শাসনৰ তলত সংবাদ মাধ্যমৰ কণ্ঠ যে সম্পূৰ্ণৰূপে ৰোধ কৰাৰ চেষ্টা চলিছে তাৰেই দৃষ্টান্ত হিচাপে বিবেচিত হৈছে সাংবাদিক দুগৰাকীৰ কৰা নিৰ্যাতনৰ ছবিখন। ‘কাৰ্ট ই চাৰ’ এলেকাত তালিবানৰ বিৰুদ্ধে মহিলাই কৰা প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰা বাবেই নিৰ্মম নিৰ্যাতনৰ বলি হ’ল সাংবাদিক দুগৰাকী। তালিবানৰ নিৰ্যাতনত দেশৰ পিঠি আৰু নিম্ন অংশ তেজেৰে ৰাঙলী হৈ পৰা দৃশ্য ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈছে।

নিৰ্যাতিত সংবাদিক দুজন তাকী ডাৰয়াবী আৰু নেমাতুল্লাহ নাকডী বুলি জানিব পৰা গৈছে। ‘এতিলাটৰোজ’ নামৰ সংবাদ মাধ্যমৰ সৈতে জড়িত ডাৰয়াবী আৰু নাকডী নামৰ সাংবাদিক দুগৰাকীক তালিবানে সংবাদ সংগ্ৰহ কৰি থকা অৱস্থাৰ পৰা অপহৰণ কৰি নিয়ে আৰু তাৰ পাছত তেওঁলোকৰ ওপৰত নিৰ্মম নিৰ্যাতন চলায়। এল এ টাইমছ নামৰ সংবাদ মাধ্যমত নাকডীৰ মন্তব্য প্ৰকাশ পাইছে। তেওঁ কয়, ‘আমি বাৰে বাৰে কৈছিলোঁ যে, আমি সাংবাদিক। কিন্তু আমাৰ কথালৈ গন্য নকৰি আমাৰ ওপৰত নিৰ্মম নিৰ্যাতন চলোৱা হৈছিল।

তেওঁলোকে আমাক হত্যা কৰিব পাৰে বুলি আমাৰ শংকা হৈছিল। কেৱল এয়াই নহয়, সেই স্থানত উপস্থিত থকা বিদেশী সাংবাদিকসকলকো তাৰ পৰা ভাবুকিৰে আঁতৰাই পঠোৱা হৈছিল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে আন তিনিজন বিদেশী সাংবাদিককো তালিবানে অপহৰণ কৰিছিল। ‘ইউৰোনিউজ’ নামৰ ফ্ৰান্সৰ সংবাদ প্ৰতিষ্ঠান এটাৰ স্থানীয় মুৰব্বীজনকো অপহৰণ কৰিছিল তালিবানে। পাছত তেওঁলোকক মুকলি কৰি দিয়া হয় যদিও ‘ইউৰোনিউজ’ৰ মুৰব্বীজনক তালিবানে চৰিওৱা বুলি অভিযোগ উঠিছে। তালিবানৰ এই কাৰ্যকলাপে আফগানিস্তানত সংবাদ মাধ্যমৰ একেবাদে নিৰাপদ হৈ থকা নাই তথা তাৰ পৰা ভয়-ভাবুকিৰে সাংবাদিকক আঁতৰাই ৰাখি তালিবানে যে, নিজৰ বৰ্বৰ শাসন চলাব বিচাৰিছে সেইকথা এতিয়া স্পষ্ট হ’বলৈ আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক