--°C
Loading...
Listen to Article
2 min read
80%


নতুন দিল্লী : আফগান ভূমিত তালিবানৰাজ আৰম্ভ হোৱাৰ পাছতে বৰ্বৰতাৰ এটা নতুন অধ্যায়ৰ সূচনা হৈছে। তালিবান নেতৃত্বই উদাৰ আৰু সহনশীল শাসনৰ প্ৰতিশ্ৰুতি বাৰে বাৰে দি আহিছে যদিও কাৰ্যক্ষেত্ৰত তাৰ সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। এইবাৰ তালিবানৰ বৰ্বৰ আক্ৰমণৰ বলি হৈছে সাংবাদিক।

তালিবানৰ নিৰ্মম আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা দুগৰাকী সাংবাদিকৰ ছবি আৰু ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছতে বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তালিবানী শাসনৰ তলত সংবাদ মাধ্যমৰ কণ্ঠ যে সম্পূৰ্ণৰূপে ৰোধ কৰাৰ চেষ্টা চলিছে তাৰেই দৃষ্টান্ত হিচাপে বিবেচিত হৈছে সাংবাদিক দুগৰাকীৰ কৰা নিৰ্যাতনৰ ছবিখন। ‘কাৰ্ট ই চাৰ’ এলেকাত তালিবানৰ বিৰুদ্ধে মহিলাই কৰা প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰা বাবেই নিৰ্মম নিৰ্যাতনৰ বলি হ’ল সাংবাদিক দুগৰাকী। তালিবানৰ নিৰ্যাতনত দেশৰ পিঠি আৰু নিম্ন অংশ তেজেৰে ৰাঙলী হৈ পৰা দৃশ্য ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈছে।

নিৰ্যাতিত সংবাদিক দুজন তাকী ডাৰয়াবী আৰু নেমাতুল্লাহ নাকডী বুলি জানিব পৰা গৈছে। ‘এতিলাটৰোজ’ নামৰ সংবাদ মাধ্যমৰ সৈতে জড়িত ডাৰয়াবী আৰু নাকডী নামৰ সাংবাদিক দুগৰাকীক তালিবানে সংবাদ সংগ্ৰহ কৰি থকা অৱস্থাৰ পৰা অপহৰণ কৰি নিয়ে আৰু তাৰ পাছত তেওঁলোকৰ ওপৰত নিৰ্মম নিৰ্যাতন চলায়। এল এ টাইমছ নামৰ সংবাদ মাধ্যমত নাকডীৰ মন্তব্য প্ৰকাশ পাইছে। তেওঁ কয়, ‘আমি বাৰে বাৰে কৈছিলোঁ যে, আমি সাংবাদিক। কিন্তু আমাৰ কথালৈ গন্য নকৰি আমাৰ ওপৰত নিৰ্মম নিৰ্যাতন চলোৱা হৈছিল।

তেওঁলোকে আমাক হত্যা কৰিব পাৰে বুলি আমাৰ শংকা হৈছিল। কেৱল এয়াই নহয়, সেই স্থানত উপস্থিত থকা বিদেশী সাংবাদিকসকলকো তাৰ পৰা ভাবুকিৰে আঁতৰাই পঠোৱা হৈছিল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে আন তিনিজন বিদেশী সাংবাদিককো তালিবানে অপহৰণ কৰিছিল। ‘ইউৰোনিউজ’ নামৰ ফ্ৰান্সৰ সংবাদ প্ৰতিষ্ঠান এটাৰ স্থানীয় মুৰব্বীজনকো অপহৰণ কৰিছিল তালিবানে। পাছত তেওঁলোকক মুকলি কৰি দিয়া হয় যদিও ‘ইউৰোনিউজ’ৰ মুৰব্বীজনক তালিবানে চৰিওৱা বুলি অভিযোগ উঠিছে। তালিবানৰ এই কাৰ্যকলাপে আফগানিস্তানত সংবাদ মাধ্যমৰ একেবাদে নিৰাপদ হৈ থকা নাই তথা তাৰ পৰা ভয়-ভাবুকিৰে সাংবাদিকক আঁতৰাই ৰাখি তালিবানে যে, নিজৰ বৰ্বৰ শাসন চলাব বিচাৰিছে সেইকথা এতিয়া স্পষ্ট হ’বলৈ আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান