--°C
Loading...
Listen to Article
2 min read
80%

নিউয়ৰ্ক : বিবাহ বিচ্ছেদৰ ঘোষণা বিল গেটছ আৰু মেলিণ্ডাৰ। ২৭ বছৰজোৰা যুগ্ম জীৱন কটোৱাৰ পাছত বিচ্ছেদৰ কথা ঘোষণা কৰিলে বিশ্বৰ অন্যতম ধনাঢ্য দম্পতীটোৱে। আজি আনুষ্ঠানিকভাৱে তেওঁলোকে বিবাহ বিচ্ছেদৰ কথা সদৰি কৰিছে।

আৰু পঢ়িব পাৰিব : দেশলৈ ওভতাত নিষেধাজ্ঞা : প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ তাৰকাৰ


এক বিবৃতিযোগে গেটছ দম্পতীয়ে সদৰি কৰিছে যে, ‘‘বহু আলোচনা-পৰ্যালোচনাৰ পাছত আমি দুয়ো বিবাহ বিচ্ছেদৰ সিদ্ধান্তত উপনীত হৈছোঁ। বিগত ২৭বছৰত আমি তিনিওটা সন্তানকে ভালদৰে ডাঙৰ দীঘল কৰিছোঁ। আমি এটা ফাউণ্ডেচনো স্থাপন কৰিছোঁ। ইয়াৰ মাধ্যমেৰে বহু মানুহৰ উপকাৰ হ’ব বুলি আমাৰ বিশ্বাস। আমাৰ আৰু কিছুমান লক্ষ্য আছে। সেইখিনি পূৰণ কৰিবলৈ আমি একেলগে কাম কৰিম। কিন্তু এতিয়াৰ পৰা আমি আৰু স্বামী-স্ত্রী হিচাপে নাথাকোঁ। আমি নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছোঁ।’

আৰু পঢ়িব পাৰিব : ইংলেণ্ডত বৃহৎ বিনিয়োগ কৰিব ছিৰাম ইনষ্টিটিউটে


১৯৮৭চনত নিউয়র্কত মেলিণ্ডাৰ সৈতে সাক্ষাৎ হৈছিল বিল গেটছৰ। সিদিনা গেটছে মেলিণ্ডাক নিজৰ বাহনেৰে ফুৰাবলৈ লৈ গৈছিল। লাহে লাহে তেওঁলোকৰ ঘনিষ্ঠতা বৃদ্ধি পাবলৈ ধৰে। তাৰ পাছত প্ৰেম আৰু অৱশেষত দুয়োৰে অনুমতিত ১৯৯৩ত এই প্ৰেমে আনুষ্ঠানিকতা পাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু