--°C
Loading...
Listen to Article
2 min read
80%

লণ্ডন : ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই ইংলেণ্ডতো বিনিয়োগ কৰিবলৈ সাজু হৈছে। বিশ্বৰ ভিতৰতে আগশাৰীৰ এই ঔষধ নিৰ্মাতা প্ৰতিষ্ঠানটোৱে দেশখনত ভৱিষ্যতে প্ৰতিষেধক উৎপাদন কৰাৰো পৰিকল্পনা কৰিছে। সোমবাৰে বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে এইকথা প্ৰকাশ কৰে। জনছনৰ ডনিং ষ্ট্ৰীট কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি ছিৰাম ইনষ্টিটিউটে দেশখনত ২৪০ নিযুত বৃটিছ পাউণ্ড অৰ্থাৎ ৩৩৪ নিযুত মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব।

আৰু পঢ়িব পাৰিব : পৰ্যটকৰ বাবে পুনৰ বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান !

প্ৰতিষ্ঠানটোৰ ছেলছ কাৰ্যালয়, ক্লিনিকেল ট্ৰায়েল, গৱেষণা আৰু বিকাশসাধন আৰু সম্ভাব্য উৎপাদনৰ বাবেও এই বিনিয়োগ কৰা হ’ব। উল্লেখ্য যে, ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়া হৈছে বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু সম্প্ৰতি কম দামৰ আৰু প্ৰভাৱশালী বুলি বিবেচিত এষ্ট্ৰাজেনেকা ক’ভিড প্ৰতিষেধক নিৰ্মাণেৰে প্ৰতিষ্ঠানটোৱে ক’ভিডবিৰোধী যুঁজত বিশেষ অৰিহনা আগবঢ়াইছে।

আৰু পঢ়িব পাৰিব : পোষ্টাৰ আঁৰি পৰেশ বৰুৱালৈ মুকলি প্ৰশ্ন !

ছিৰাম ইনষ্টিটিউটে ইংলেণ্ডত ক’ভিডৰ আন এবিধ প্ৰতিষেধকৰ প্ৰাথমিক পৰীক্ষা চলাই আছে। নাকত দিয়া এপালি প্ৰতিষেধকৰ এই গৱেষণাও গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ আজি অনুষ্ঠিত হ’বলগীয়া ভাৰ্চুৱেল বৈঠকৰ পূৰ্বে বিনিয়োগ সম্পৰ্কীয় এই ঘোষণা কৰা হয় দেশখনৰ ফালৰ পৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ