--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ধনী লোকসকলৰ ৰুচিবোধ প্ৰায়েই আজৱ হয়৷   উদাহৰণ স্বৰূপে, ডুবাইৰ কোটিপতিসকলৰ চখ হৈছে বাঘ পোহা৷  বহুলোকে তেওঁলোকৰ মোবাইল ফোনো সোণৰে নিৰ্মাণ কৰে৷  কিছুমানে আকৌ   সাপৰ ছালৰ জোতা পিন্ধিভাল পায়। এই  তালিকাখন দীঘল...    

 ভাৰতীয়সকলো পুঁজিপতিসকলো  ইয়াৰ ব্যতিক্ৰম নহয়। মুকেশ আম্বানীৰ পত্নী নীতা আম্বানি তেওঁৰ বিলাসী জীৱন যাপনৰ বাবে বিখ্যাত, কিন্তু এইবাৰ তেওঁ বিখ্যাত হৈছে বিলাসী হেণ্ডবেগৰ বাবে৷ 
দীৰ্ঘদিন ধৰি, মুকেশ আম্বানিয়ে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ লাভ কৰিছিল।এনে সম্পত্তিশালী   ব্যক্তিয়ে  অলপ বিলাসী জীৱন যাপন কৰাটো স্বাভাৱিক৷  কিন্তু তেওঁৰ পত্নীয়ে ব্যৱহাৰ কৰা হেণ্ডবেগৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব৷ 

নীতা আম্বানিৰ হাতত থকা মোনাটো ঘঁৰিয়ালৰ ছালেৰে নিৰ্মিত! আৰু যেতিয়া আপুনি ইয়াৰ মূল্য শুনিব, আপোনাৰ চকু কঁপালত উঠিব৷ জনা যায় যে, তেওঁৰ  বেগটো ২০১৭  চনত ব্ৰিটেইনত অনুষ্ঠিত নিলামৰ পৰা ক্ৰয় কৰিছিল, মুকলি বজাৰত নহয়। নীতা আম্বানিয়ে  ২ কোটি ৬১ লাখ ৫০ হাজাৰ টকাত এই বেগটো ক্ৰয় কৰিছিল। আনহাতে বেগটোৰ মূল্যৰ সমানেই  আচৰিত বেগটোৰ বিশেষত্ব৷  দৰাচলতে, মোনাটোত ১৮ কেৰেট সোণ আৰু ২৪০  টা হীৰা আছে। কেৱল সেয়াই নহয়, বেগটোৰ এক  পোছাকী নামো আছে! ইয়াৰ নাম 'হিমালয়ৰ বিৰ্কিন বেগ'।

এই মোনাটো নিৰ্মাণৰ বাবে ছাল দূৰ আফ্ৰিকাৰ নীল নদীৰ পৰা অনা  হৈছিল। আৰু যিহেতু মোনাটোৰ ৰং বগা, এই মোনাটোৰ নাম হিমালয় ৰখা হৈছে। দৰাচলতে, এই মোনাটো কেইদিনমান আগতে নিলাম কৰা হৈছিল, কোনে ইয়াক কিনিছিল সেয়া জনা নাযায়। 

দৰাচলতে, নীতা আম্বানিৰ ব্যৱসায়ৰ পৃথিৱীৰ  লগতে ফেশ্বনৰ পৃথিৱীত এক মুক্ত চলাচল আছে। পিছত, যেতিয়া প্ৰকাশ পাইছিল যে তেওঁ সেই  বেগটো নিলামত  কিনিছিল, তেতিয়া তেওঁ ফেশ্বন অভিজ্ঞতাৰ বাবে প্ৰশংসিত হৈছিল। বহুতে মুকেশ আম্বানীৰ পত্নীৰ পছন্দৰ প্ৰশংসা কৰিছে। কিন্তু এই  মূল্যৱান সামগ্ৰীৰ বাবে বহুতে সমালোচনাও কৰিছে নীতা আম্বানিক৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ