--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শাৰদীয় বতৰ মানে উৎসৱৰ আগমন। এই উৎসৱৰ বতৰত সকলো ব্যস্ত হৈ পৰে বজাৰ-সমাৰ লগতে নিজকে কেনেদৰে পূজাৰ বাবে সাজু কৰি তুলিব তাৰে যেন এক অঘোষিত প্ৰতিযোগিতাত। এনে অৱস্থাতে মুখৰ উজ্জ্বলতাই সৌন্দৰ্য্য আৰু দুগুণে বৃদ্ধি কৰে। সেয়েহে আমি এই উৎসৱৰ বতৰত ঘৰুৱা উপায়েৰে কেনেদৰে শৰীৰৰ বা ছালৰ যত্ন ল’ব পাৰি জানো আহক।

 ১. দৈয়ে টেনিং আঁতৰায়-

দৈৰ সহায়ত ফেচিয়েল টেনিং আঁতৰাই পেলোৱা হয়। হাতৰ ক’লা দাগ আঁতৰাবলৈ একাপ দৈত এচিকুট হালধি মিহলাই পেষ্ট বনাব লাগে। এই পেষ্টটো হাতত লগাই শুকুৱাই যোৱাৰ পাছত লাহে লাহে হাতেৰে ঘঁহি পেলাওক। সপ্তাহত তিনি-চাৰিবাৰ এই পেষ্ট লগালে লাহে লাহে টেনিং নোহোৱা হৈ যাব।

 ২. এলোভেৰা-

যদি সূৰ্য্যৰ পোহৰ আৰু ধূলিৰ বাবে ৰ’দত ছাল পোৰা সমস্যা হৈ আছে। তেন্তে ইয়াক আঁতৰাবলৈ এলোভেৰা জেল অতি উপযোগী। এলোভেৰা জেল হাতত ঘঁহি ৰাতিটোৰ বাবে থৈ দিব। তাৰ পাছত পাছদিনা পানীৰে ধুই পেলাব লাগে। দৈনিক এলোভেৰা জেল প্ৰয়োগ কৰিলে কেইদিনমানৰ ভিতৰতে টেনিং পাতল হ’বলৈ আৰম্ভ কৰে।

 ৩. নেমু-

নেমুৰ ৰসে শৰীৰত জমা হোৱা মলি ক্ষীপ্ৰতাৰে আঁতৰাই পেলায়। হাতৰ টেনিং আঁতৰাবলৈ ইয়াক অতি সহজ পদ্ধতিৰে ব্যৱহাৰ কৰিব পাৰি। মাত্ৰ এচামুচ নেমুৰ ৰস এটা বাটি পানীত মিহলাই লওক। অলপ পানী গৰম কৰি তাত নেমু ৰসখিনি দি এই পানীত হাত দুখন ডুবাই ৰাখক। প্ৰায় ১৫ মিনিটমান হাত দুখন ডুবাই ৰাখিব লাগে। নেমুৰ বাবে ক’লা ছালখন লাহে লাহে উজ্জ্বল হ’বলৈ আৰম্ভ কৰে।

 ৪. বিলাহীঃ-

বিলাহীৰ পাল্প দৈৰ লগত মিহলাই পেষ্ট বনাওক। এই পেষ্টটো হাতত লগাই প্ৰায় ১৫ মিনিটৰ পাছত যেতিয়া শুকাই যাব তেতিয়া লাহে লাহে ঘঁহি পেলাওঁক। বিলাহী আৰু দৈ একেলগে টেনিং হ্ৰাস কৰে। ইয়াৰ লগতে ছালখনো কোমল আৰু উজ্জ্বল কৰি তোলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ