--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শাৰদীয় বতৰ মানে উৎসৱৰ আগমন। এই উৎসৱৰ বতৰত সকলো ব্যস্ত হৈ পৰে বজাৰ-সমাৰ লগতে নিজকে কেনেদৰে পূজাৰ বাবে সাজু কৰি তুলিব তাৰে যেন এক অঘোষিত প্ৰতিযোগিতাত। এনে অৱস্থাতে মুখৰ উজ্জ্বলতাই সৌন্দৰ্য্য আৰু দুগুণে বৃদ্ধি কৰে। সেয়েহে আমি এই উৎসৱৰ বতৰত ঘৰুৱা উপায়েৰে কেনেদৰে শৰীৰৰ বা ছালৰ যত্ন ল’ব পাৰি জানো আহক।

 ১. দৈয়ে টেনিং আঁতৰায়-

দৈৰ সহায়ত ফেচিয়েল টেনিং আঁতৰাই পেলোৱা হয়। হাতৰ ক’লা দাগ আঁতৰাবলৈ একাপ দৈত এচিকুট হালধি মিহলাই পেষ্ট বনাব লাগে। এই পেষ্টটো হাতত লগাই শুকুৱাই যোৱাৰ পাছত লাহে লাহে হাতেৰে ঘঁহি পেলাওক। সপ্তাহত তিনি-চাৰিবাৰ এই পেষ্ট লগালে লাহে লাহে টেনিং নোহোৱা হৈ যাব।

 ২. এলোভেৰা-

যদি সূৰ্য্যৰ পোহৰ আৰু ধূলিৰ বাবে ৰ’দত ছাল পোৰা সমস্যা হৈ আছে। তেন্তে ইয়াক আঁতৰাবলৈ এলোভেৰা জেল অতি উপযোগী। এলোভেৰা জেল হাতত ঘঁহি ৰাতিটোৰ বাবে থৈ দিব। তাৰ পাছত পাছদিনা পানীৰে ধুই পেলাব লাগে। দৈনিক এলোভেৰা জেল প্ৰয়োগ কৰিলে কেইদিনমানৰ ভিতৰতে টেনিং পাতল হ’বলৈ আৰম্ভ কৰে।

 ৩. নেমু-

নেমুৰ ৰসে শৰীৰত জমা হোৱা মলি ক্ষীপ্ৰতাৰে আঁতৰাই পেলায়। হাতৰ টেনিং আঁতৰাবলৈ ইয়াক অতি সহজ পদ্ধতিৰে ব্যৱহাৰ কৰিব পাৰি। মাত্ৰ এচামুচ নেমুৰ ৰস এটা বাটি পানীত মিহলাই লওক। অলপ পানী গৰম কৰি তাত নেমু ৰসখিনি দি এই পানীত হাত দুখন ডুবাই ৰাখক। প্ৰায় ১৫ মিনিটমান হাত দুখন ডুবাই ৰাখিব লাগে। নেমুৰ বাবে ক’লা ছালখন লাহে লাহে উজ্জ্বল হ’বলৈ আৰম্ভ কৰে।

 ৪. বিলাহীঃ-

বিলাহীৰ পাল্প দৈৰ লগত মিহলাই পেষ্ট বনাওক। এই পেষ্টটো হাতত লগাই প্ৰায় ১৫ মিনিটৰ পাছত যেতিয়া শুকাই যাব তেতিয়া লাহে লাহে ঘঁহি পেলাওঁক। বিলাহী আৰু দৈ একেলগে টেনিং হ্ৰাস কৰে। ইয়াৰ লগতে ছালখনো কোমল আৰু উজ্জ্বল কৰি তোলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু