--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আস্থা ভোটত জয়ী হলেও, বৰুণদেৱতাৰ কঠিন পৰীক্ষাৰ সন্মুখীন হৈছে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ চিন্দে। মুম্বাইত হোৱা ধাৰাসাৰ বৰষুণ পাছত এতিয়া বিভিন্ন ঠাই প্লাৱিত হৈ পৰিছে। কৰবাত যদি ঘৰ খহি পৰিছে, কৰবাত আকৌ ভূমিস্খলন হৈছে। নতুন মুখ্যমন্ত্ৰীয়ে প্ৰশাসনক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিৰ্দেশ দিছে। অৱশ্যে, মুম্বাইবাসীয়ে এতিয়াও বৰষুণৰ পৰা পৰিত্ৰাণ পোৱা নাই। এই সপ্তাহত মুম্বাই চহৰত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে। মুম্বাই মৌচম ভৱনৰ দ্বাৰা মুম্বাইত এতিয়া  অৰেঞ্জ সতৰ্কবাণী জাৰি কৰা হৈছে।

আস্থা ভোটৰ বিজয়ৰ কেইঘণ্টামান পাছত, মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীক এক নতুন চিন্তাই আৱৰি ধৰিলে,  এই ক্ষেত্ৰত বিৰোধীয়ে নহয়, ধাৰাসাৰ বৰষুণে এতিয়া একনাথ চিন্দেৰ মুৰৰ কামোৰণি এক অন্যতম কাৰণ হৈ পৰিছে। 

মুম্বাই মহানগৰ প্ৰতি বছৰে বৰষুণৰ ফলত মহানগৰবাসীয়ে জীয়াতু ভুগি আহিছে। জলমগ্ন মুম্বাইৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যখনৰ ৰাজধানীৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰত ৰত্নগিৰি জিলাৰ চিপলুনত ভূমিস্খলনৰ খবৰ পোৱা গৈছে। বৰষুণৰ বাবে উপনগৰ ঘাট কোপাৰৰ এটা ঘৰত গছ বাগৰি পৰাত ঘৰটোৰ দেৱালখন খহি পৰে। 

মুম্বাই আৰু উপনগৰসমূহত সোমবাৰে নিশাৰ পৰা অভিলেখ হাৰত বৰষুণ হৈছিল। কেইবাখনো ঠাই পানীৰে বুৰাই পেলোৱাৰ বাবে যান-বাহন চলাচলো ব্যাহত হৈ পৰিছে।  আন্ধেৰী, ঘাটকোপাৰ আৰু চেম্বুৰকে ধৰি কেইবাটাও ঠাই প্লাবিত হৈছিল। চিয়ান, মুলুন্দ, চেম্বুৰ, আন্ধেৰী পূব, কান্দিভালীৰ বিভিন্ন অঞ্চল পানীৰ তলত আছে। কেৱল এটাই ভাল খবৰ আছে যে, প্ৰশাসনৰ ফালৰ পৰা স্থানীয় ৰেল সমূহ চলি আছে। নিম্ন অঞ্চলত পানী জমা হোৱাৰ বাবে কেইবাখনো বাছৰ পথ সলনি কৰা হৈছে।

বতৰ বিভাগৰ এজন বিষয়াই কৈছিল যে মুম্বাইত মঙলবাৰে পুৱা ৮ বজালৈকে ৯৫.৮১ মিমি বৰষুণ হৈছিল। তাত, পূব আৰু পশ্চিম উপনগৰত ক্ৰমান্বয়ে ১১৫.০৯ আৰু ১১৬.৭৩ মিমি বৰষুণ নথিভুক্ত কৰা হৈছে। কোলাবাত ১১৭ মিমি বৰষুণ হৈছিল। ছাণ্টাক্ৰুজত বৰষুণ হৈছে ১২৪ মিমি বুলি বতৰ বিভাগে কয়। 

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেয়ে বৰষুণৰ বাবে বিভিন্ন অঞ্চলত পানী জমা হোৱাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ এই সন্দৰ্ভত মুখ্য সচিব মনুকুমাৰ শ্ৰীবাস্তৱৰ সৈতেও আলোচনা কৰিছিল। জিলা প্ৰশাসনক পৰিস্থিতিৰ ওপৰত নজৰ ৰখাৰ লগতে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে কাম কৰিবলৈ পৰামৰ্শ দিছিল।

অৱশ্যে, বতৰ কাৰ্যালয়ে ভৱিষ্যতবাণী কৰিছে যে পৰৱৰ্তী পাঁচ দিনৰ বাবে মহাৰাষ্ট্ৰৰ উপকূলীয় কংকন অঞ্চলত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে সেয়েহে অহা কেইদিনমান নিঃসন্দেহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ'ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক