--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আস্থা ভোটত জয়ী হলেও, বৰুণদেৱতাৰ কঠিন পৰীক্ষাৰ সন্মুখীন হৈছে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ চিন্দে। মুম্বাইত হোৱা ধাৰাসাৰ বৰষুণ পাছত এতিয়া বিভিন্ন ঠাই প্লাৱিত হৈ পৰিছে। কৰবাত যদি ঘৰ খহি পৰিছে, কৰবাত আকৌ ভূমিস্খলন হৈছে। নতুন মুখ্যমন্ত্ৰীয়ে প্ৰশাসনক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিৰ্দেশ দিছে। অৱশ্যে, মুম্বাইবাসীয়ে এতিয়াও বৰষুণৰ পৰা পৰিত্ৰাণ পোৱা নাই। এই সপ্তাহত মুম্বাই চহৰত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে। মুম্বাই মৌচম ভৱনৰ দ্বাৰা মুম্বাইত এতিয়া  অৰেঞ্জ সতৰ্কবাণী জাৰি কৰা হৈছে।

আস্থা ভোটৰ বিজয়ৰ কেইঘণ্টামান পাছত, মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীক এক নতুন চিন্তাই আৱৰি ধৰিলে,  এই ক্ষেত্ৰত বিৰোধীয়ে নহয়, ধাৰাসাৰ বৰষুণে এতিয়া একনাথ চিন্দেৰ মুৰৰ কামোৰণি এক অন্যতম কাৰণ হৈ পৰিছে। 

মুম্বাই মহানগৰ প্ৰতি বছৰে বৰষুণৰ ফলত মহানগৰবাসীয়ে জীয়াতু ভুগি আহিছে। জলমগ্ন মুম্বাইৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যখনৰ ৰাজধানীৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰত ৰত্নগিৰি জিলাৰ চিপলুনত ভূমিস্খলনৰ খবৰ পোৱা গৈছে। বৰষুণৰ বাবে উপনগৰ ঘাট কোপাৰৰ এটা ঘৰত গছ বাগৰি পৰাত ঘৰটোৰ দেৱালখন খহি পৰে। 

মুম্বাই আৰু উপনগৰসমূহত সোমবাৰে নিশাৰ পৰা অভিলেখ হাৰত বৰষুণ হৈছিল। কেইবাখনো ঠাই পানীৰে বুৰাই পেলোৱাৰ বাবে যান-বাহন চলাচলো ব্যাহত হৈ পৰিছে।  আন্ধেৰী, ঘাটকোপাৰ আৰু চেম্বুৰকে ধৰি কেইবাটাও ঠাই প্লাবিত হৈছিল। চিয়ান, মুলুন্দ, চেম্বুৰ, আন্ধেৰী পূব, কান্দিভালীৰ বিভিন্ন অঞ্চল পানীৰ তলত আছে। কেৱল এটাই ভাল খবৰ আছে যে, প্ৰশাসনৰ ফালৰ পৰা স্থানীয় ৰেল সমূহ চলি আছে। নিম্ন অঞ্চলত পানী জমা হোৱাৰ বাবে কেইবাখনো বাছৰ পথ সলনি কৰা হৈছে।

বতৰ বিভাগৰ এজন বিষয়াই কৈছিল যে মুম্বাইত মঙলবাৰে পুৱা ৮ বজালৈকে ৯৫.৮১ মিমি বৰষুণ হৈছিল। তাত, পূব আৰু পশ্চিম উপনগৰত ক্ৰমান্বয়ে ১১৫.০৯ আৰু ১১৬.৭৩ মিমি বৰষুণ নথিভুক্ত কৰা হৈছে। কোলাবাত ১১৭ মিমি বৰষুণ হৈছিল। ছাণ্টাক্ৰুজত বৰষুণ হৈছে ১২৪ মিমি বুলি বতৰ বিভাগে কয়। 

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেয়ে বৰষুণৰ বাবে বিভিন্ন অঞ্চলত পানী জমা হোৱাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ এই সন্দৰ্ভত মুখ্য সচিব মনুকুমাৰ শ্ৰীবাস্তৱৰ সৈতেও আলোচনা কৰিছিল। জিলা প্ৰশাসনক পৰিস্থিতিৰ ওপৰত নজৰ ৰখাৰ লগতে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে কাম কৰিবলৈ পৰামৰ্শ দিছিল।

অৱশ্যে, বতৰ কাৰ্যালয়ে ভৱিষ্যতবাণী কৰিছে যে পৰৱৰ্তী পাঁচ দিনৰ বাবে মহাৰাষ্ট্ৰৰ উপকূলীয় কংকন অঞ্চলত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে সেয়েহে অহা কেইদিনমান নিঃসন্দেহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ'ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement