--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন আগতে, এখন তথ্যচিত্ৰৰ পোষ্টাৰক লৈ যথেষ্ট বিতৰ্ক হৈছিল। পোষ্টাৰখনত দেৱী কালীৰ ৰূপত পোছাক পিন্ধা এগৰাকী যুৱতীৰ মুখত চিগাৰেট সেৱন কৰা দেখুওৱা হৈছিল। পোষ্টাৰখনে সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে এক আলোড়নৰ সৃষ্টি কৰিছিল। 

ছবিখনৰ পৰিচালকৰ বিৰুদ্ধে এতিয়া দেশত জ্বলিছে বিদ্ৰোহৰ অগনি।  চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকালাইৰ দ্বাৰা পৰিচালিত এখন তথ্যচিত্ৰ, নাম কালী। কিন্তু এই ছবিখনত দেখুওৱা পোষ্টাৰত মা- কালীক চিগাৰেট সেৱন কৰা দেখুওৱা হৈছে।

দিল্লীৰ এগৰাকী অধিবক্তাই সোমবাৰে পৰিচালক লীনা মণিমেকালাইৰ বিৰুদ্ধে তেওঁৰ নতুন তথ্যচিত্ৰখনৰ এটা বিতৰ্কিত পোষ্টাৰৰ বাবে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছিল। উক্ত বিতৰ্কিত পোষ্টাৰখন মণিমেকলাই ২ জুলাইত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। সামাজিক মাধ্যমত পোষ্টাৰখন বিয়পি পৰাৰ লগে-লগে এতিয়া পৰিচালকগৰাকীৰ বিৰুদ্ধে সকলো লোক আক্ৰমণাত্মক হৈ পৰিছে। শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰই বিষয়টো সম্পৰ্কে মুখ খুলিছিল।

তেওঁ প্ৰকৃততে কি কৈছিল?
মঙলবাৰে মহুয়া মৈত্ৰাই কয়, "মোৰ বাবে কালী মানে মাংস খোৱা আৰু সুৰা গ্ৰহণ কৰা। আপুনি আপোনাৰ ঈশ্বৰক কেনেদৰে চাব বিচাৰে সেইয়া আপোনাৰ কথা। কল্পনা কৰাৰ অধিকাৰ আপোনাৰ আছে। 



দিল্লীৰ এগৰাকী অধিবক্তাই সোমবাৰে পৰিচালক লীনা মণিমেকালাইৰ বিৰুদ্ধে তেওঁৰ নতুন তথ্যচিত্ৰখনৰ এটা বিতৰ্কিত পোষ্টাৰৰ বাবে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছিল। উক্ত বিতৰ্কিত পোষ্টাৰখন মণিমেকলাই ২ জুলাইত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। সামাজিক মাধ্যমত পোষ্টাৰখন বিয়পি পৰাৰ লগে-লগে এতিয়া পৰিচালকগৰাকীৰ বিৰুদ্ধে সকলো লোক আক্ৰমণাত্মক হৈ পৰিছে।

এই ছবিখনৰ পোষ্টাৰ মুকলি হোৱাৰ লগে-লগে এইবাৰ মহুয়া মৈত্ৰই মুখ খুলিলে। শেহতীয়াকৈ, 'দ্য কাশ্মীৰ ফাইলছ'ক লৈও দেশত এক হুলস্থূল পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৰাজনৈতিক চক্ৰৰ এটা অংশই চলচ্চিত্ৰখনক "এটা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে নিৰ্মিত" বুলি অভিহিত কৰিছিল। আনহাতে, আন এক অংশই কয় যে এই ছবিখন প্ৰকৃততে কাশ্মীৰী পণ্ডিতসকলৰ বেদনাৰ বিষয়ে দেখুওৱা হৈছে। দুয়োপক্ষৰ মন্তব্যই এক আলোড়নৰ সৃষ্টি কৰিছিল। কিন্তু ছবিখনে বক্স অফিচত সফলতা অৰ্জন কৰিছিল। কভিডৰ পাছত ই হিন্দী চলচ্চিত্ৰ উদ্যেগৰ অন্যতম এখন হিট ছবি।

শেহতীয়াকৈ কালি ছবিখনৰ পৰিচালকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে এজাহাৰ পঞ্জীয়নৰ দাবী জনাই অধিবক্তা জিন্দলে কয় যে হিন্দু দেৱীৰ সন্দৰ্ভত এনে এক শোচনীয় ছবি অত্যন্ত অপমানজনক, নিষ্ঠুৰ আৰু হিন্দু সম্প্ৰদায়ৰ অনুভূতি আৰু বিশ্বাসক আঘাত কৰিছে।

"অভিযুক্তৰ দ্বাৰা তেওঁৰ টুইটাৰ একাউণ্টৰ পৰা অত্যন্ত আপত্তিজনক ভিডিঅ' আৰু ফটোৰ জৰিয়তে হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিবলৈ চেষ্টা চলোৱা হৈছে। অধিবক্তাজনে কয় যে, তেওঁৰ বিৰুদ্ধে ২৯৫এ, ২৯৮, ৫০৫, ৬৭ আইটি আইন আৰু ৩৪ আইপিচি ধাৰাৰ অধীনত অপৰাধ সংঘটিত কৰিছে সেয়েহে  অভিযুক্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা উচিত। দিল্লী আৰক্ষীৰ চাইবাৰ ইতিমধ্যে ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছে।

অধিবক্তাজনে আৰু কৈছিল যে আপত্তিজনক এই ভিডিঅ' ক্লিপ আৰু ফটোখন নিষিদ্ধ কৰিব লাগিব  যিহেতু ই হিন্দুসকলৰ ধৰ্মীয় বিশ্বাসক অৱমাননা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ