--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন আগতে, এখন তথ্যচিত্ৰৰ পোষ্টাৰক লৈ যথেষ্ট বিতৰ্ক হৈছিল। পোষ্টাৰখনত দেৱী কালীৰ ৰূপত পোছাক পিন্ধা এগৰাকী যুৱতীৰ মুখত চিগাৰেট সেৱন কৰা দেখুওৱা হৈছিল। পোষ্টাৰখনে সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে এক আলোড়নৰ সৃষ্টি কৰিছিল। 

ছবিখনৰ পৰিচালকৰ বিৰুদ্ধে এতিয়া দেশত জ্বলিছে বিদ্ৰোহৰ অগনি।  চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকালাইৰ দ্বাৰা পৰিচালিত এখন তথ্যচিত্ৰ, নাম কালী। কিন্তু এই ছবিখনত দেখুওৱা পোষ্টাৰত মা- কালীক চিগাৰেট সেৱন কৰা দেখুওৱা হৈছে।

দিল্লীৰ এগৰাকী অধিবক্তাই সোমবাৰে পৰিচালক লীনা মণিমেকালাইৰ বিৰুদ্ধে তেওঁৰ নতুন তথ্যচিত্ৰখনৰ এটা বিতৰ্কিত পোষ্টাৰৰ বাবে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছিল। উক্ত বিতৰ্কিত পোষ্টাৰখন মণিমেকলাই ২ জুলাইত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। সামাজিক মাধ্যমত পোষ্টাৰখন বিয়পি পৰাৰ লগে-লগে এতিয়া পৰিচালকগৰাকীৰ বিৰুদ্ধে সকলো লোক আক্ৰমণাত্মক হৈ পৰিছে। শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰই বিষয়টো সম্পৰ্কে মুখ খুলিছিল।

তেওঁ প্ৰকৃততে কি কৈছিল?
মঙলবাৰে মহুয়া মৈত্ৰাই কয়, "মোৰ বাবে কালী মানে মাংস খোৱা আৰু সুৰা গ্ৰহণ কৰা। আপুনি আপোনাৰ ঈশ্বৰক কেনেদৰে চাব বিচাৰে সেইয়া আপোনাৰ কথা। কল্পনা কৰাৰ অধিকাৰ আপোনাৰ আছে। 



দিল্লীৰ এগৰাকী অধিবক্তাই সোমবাৰে পৰিচালক লীনা মণিমেকালাইৰ বিৰুদ্ধে তেওঁৰ নতুন তথ্যচিত্ৰখনৰ এটা বিতৰ্কিত পোষ্টাৰৰ বাবে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছিল। উক্ত বিতৰ্কিত পোষ্টাৰখন মণিমেকলাই ২ জুলাইত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। সামাজিক মাধ্যমত পোষ্টাৰখন বিয়পি পৰাৰ লগে-লগে এতিয়া পৰিচালকগৰাকীৰ বিৰুদ্ধে সকলো লোক আক্ৰমণাত্মক হৈ পৰিছে।

এই ছবিখনৰ পোষ্টাৰ মুকলি হোৱাৰ লগে-লগে এইবাৰ মহুয়া মৈত্ৰই মুখ খুলিলে। শেহতীয়াকৈ, 'দ্য কাশ্মীৰ ফাইলছ'ক লৈও দেশত এক হুলস্থূল পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৰাজনৈতিক চক্ৰৰ এটা অংশই চলচ্চিত্ৰখনক "এটা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে নিৰ্মিত" বুলি অভিহিত কৰিছিল। আনহাতে, আন এক অংশই কয় যে এই ছবিখন প্ৰকৃততে কাশ্মীৰী পণ্ডিতসকলৰ বেদনাৰ বিষয়ে দেখুওৱা হৈছে। দুয়োপক্ষৰ মন্তব্যই এক আলোড়নৰ সৃষ্টি কৰিছিল। কিন্তু ছবিখনে বক্স অফিচত সফলতা অৰ্জন কৰিছিল। কভিডৰ পাছত ই হিন্দী চলচ্চিত্ৰ উদ্যেগৰ অন্যতম এখন হিট ছবি।

শেহতীয়াকৈ কালি ছবিখনৰ পৰিচালকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে এজাহাৰ পঞ্জীয়নৰ দাবী জনাই অধিবক্তা জিন্দলে কয় যে হিন্দু দেৱীৰ সন্দৰ্ভত এনে এক শোচনীয় ছবি অত্যন্ত অপমানজনক, নিষ্ঠুৰ আৰু হিন্দু সম্প্ৰদায়ৰ অনুভূতি আৰু বিশ্বাসক আঘাত কৰিছে।

"অভিযুক্তৰ দ্বাৰা তেওঁৰ টুইটাৰ একাউণ্টৰ পৰা অত্যন্ত আপত্তিজনক ভিডিঅ' আৰু ফটোৰ জৰিয়তে হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিবলৈ চেষ্টা চলোৱা হৈছে। অধিবক্তাজনে কয় যে, তেওঁৰ বিৰুদ্ধে ২৯৫এ, ২৯৮, ৫০৫, ৬৭ আইটি আইন আৰু ৩৪ আইপিচি ধাৰাৰ অধীনত অপৰাধ সংঘটিত কৰিছে সেয়েহে  অভিযুক্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা উচিত। দিল্লী আৰক্ষীৰ চাইবাৰ ইতিমধ্যে ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছে।

অধিবক্তাজনে আৰু কৈছিল যে আপত্তিজনক এই ভিডিঅ' ক্লিপ আৰু ফটোখন নিষিদ্ধ কৰিব লাগিব  যিহেতু ই হিন্দুসকলৰ ধৰ্মীয় বিশ্বাসক অৱমাননা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক