--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চমু চাপিছে অষ্টাদশ লোকসভা নিৰ্বাচনৰ দিন৷নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে সাজু কৰিছে নিজৰ ৰণকৌশল৷এইবাৰ দেশৰ ৰাজনৈতিক নেতাসকলৰ বক্তব্যত স্থান পাইছে পেঞ্চনৰ প্ৰসংগই৷শেহতীয়াকৈ দেশত ৰাষ্ট্ৰীয় পেঞ্চন নীতিয়ে যথেষ্ট চৰ্চা লাভ কৰিছে৷কংগ্ৰেছ শাসিত একাংশ ৰাজ্যই  নতুন পেঞ্চন নীতিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন নীতি গ্ৰহণৰ সিদ্ধান্ত লৈছে৷এই কথাত শংকিত হৈ পৰিছে শাসকীয় বিজেপি দল৷যাৰ বাবে গ্ৰহণ কৰিছে নিত্য নতুন কৌশল৷

কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ শেষৰ পৰা ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ সংশোধন কৰি কৰ্মচাৰীসকলে চূড়ান্ত দৰমহাৰ কমেও ৪০-৪৫ শতাংশ অৱসৰৰ ধন হিচাপে লাভ কৰাৰ সম্ভাৱনা আছে। এই কথাৰ পৰামৰ্শ দিছিল এখন উচ্চ পৰ্যায়ৰ পেনেলে। হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি এই বিষয়টোৰ সৈতে জড়িত দুজন বিশেষজ্ঞই উল্লেখ কৰে যে বৰ্তমান এই বিষয়টো বিবেচনা কৰা হৈছে।

চলিত বৰ্ষতে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিখনত কিছু পৰিৱৰ্তন কৰিব পাৰে চৰকাৰে। সংশোধিত পেঞ্চন আঁচনিখন বজাৰৰ ৰিটাৰ্ণৰ সৈতে জড়িত হ’ব। কিন্তু চৰকাৰে কৰ্মচাৰীজনৰ শেষৰ দৰমহাৰ কমেও ৪০ শতাংশ দিয়াৰ ব্যৱস্থাৰে কাম কৰিব পাৰে। প্ৰতিবেদন অনুসৰি পৰামৰ্শ সমিতিৰ বিষয়াগৰাকীয়ে কয় যে চৰকাৰে ভিত্তি পৰিমাণ নিশ্চিত কৰিব পাৰে। অৰ্থাৎ যদিহে পেমেণ্ট ভিত্তি পৰিমাণতকৈ কম হয় তেন্তে পেঞ্চনৰ অভাৱ পূৰণৰ বাবে চৰকাৰে হস্তক্ষেপ কৰিব লাগিব। বৰ্তমান সময়ত গড়ে কৰ্মচাৰীয়ে ৩৬ শতাংশৰ পৰা ৩৮ শতাংশৰ ভিতৰত ৰিটাৰ্ণ লাভ কৰে।

পুৰণি পেঞ্চন আঁচনিৰ অধীনত অৱসৰৰ সময়ত লাভ কৰা দৰমহাৰ ৫০ শতাংশ মাহেকীয়া সুবিধা লাভ কৰিছিল পেঞ্চনাৰসকলে। ২০০৪ চনত প্ৰৱৰ্তন কৰা বৰ্তমানৰ বজাৰ-সংলগ্ন পেঞ্চন পৰিকল্পনাত এনে কোনো নিশ্চিত ভিত্তি পৰিমাণ প্ৰদান কৰা হোৱা নাই। নতুন পেঞ্চন পৰিকল্পনাক লৈ আন এক বিতৰ্ক।যিকোনো এজন কৰ্মচাৰীয়ে তেওঁৰ দৰমহাৰ ১০ শতাংশ এন পি এছত আৰু চৰকাৰে ১৪ শতাংশ বৰঙণি আগবঢ়ায়। যিহেতু কৰ্মচাৰীজনে পুৰণি পেঞ্চন আঁচনিত কোনো ধৰণৰ অৱদান নিদিয়ে। ইয়াৰ উপৰিও অৱসৰৰ সময়ত এন পি এছ পেঞ্চনাৰৰ ৬০ শতাংশ কৰ্পাছ কৰমুক্ত আৰু ৪০ শতাংশ কৰ পৰিশোধৰ যোগ্য।

ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত ৮৭ লাখ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকৰ মৌলিক দৰমহাৰ ১০ শতাংশ বৰঙণি আগবঢ়ায়। আনহাতে চৰকাৰে ১৪ শতাংশ ধন দিয়ে। চূড়ান্ত পৰিশোধ নিৰ্ভৰ কৰে পুঁজিৰ ৰিটাৰ্ণৰ ওপৰত, যিটো বেছিভাগেই চৰকাৰী ঋণত বিনিয়োগ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক