--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চমু চাপিছে অষ্টাদশ লোকসভা নিৰ্বাচনৰ দিন৷নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে সাজু কৰিছে নিজৰ ৰণকৌশল৷এইবাৰ দেশৰ ৰাজনৈতিক নেতাসকলৰ বক্তব্যত স্থান পাইছে পেঞ্চনৰ প্ৰসংগই৷শেহতীয়াকৈ দেশত ৰাষ্ট্ৰীয় পেঞ্চন নীতিয়ে যথেষ্ট চৰ্চা লাভ কৰিছে৷কংগ্ৰেছ শাসিত একাংশ ৰাজ্যই  নতুন পেঞ্চন নীতিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন নীতি গ্ৰহণৰ সিদ্ধান্ত লৈছে৷এই কথাত শংকিত হৈ পৰিছে শাসকীয় বিজেপি দল৷যাৰ বাবে গ্ৰহণ কৰিছে নিত্য নতুন কৌশল৷

কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ শেষৰ পৰা ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ সংশোধন কৰি কৰ্মচাৰীসকলে চূড়ান্ত দৰমহাৰ কমেও ৪০-৪৫ শতাংশ অৱসৰৰ ধন হিচাপে লাভ কৰাৰ সম্ভাৱনা আছে। এই কথাৰ পৰামৰ্শ দিছিল এখন উচ্চ পৰ্যায়ৰ পেনেলে। হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি এই বিষয়টোৰ সৈতে জড়িত দুজন বিশেষজ্ঞই উল্লেখ কৰে যে বৰ্তমান এই বিষয়টো বিবেচনা কৰা হৈছে।

চলিত বৰ্ষতে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিখনত কিছু পৰিৱৰ্তন কৰিব পাৰে চৰকাৰে। সংশোধিত পেঞ্চন আঁচনিখন বজাৰৰ ৰিটাৰ্ণৰ সৈতে জড়িত হ’ব। কিন্তু চৰকাৰে কৰ্মচাৰীজনৰ শেষৰ দৰমহাৰ কমেও ৪০ শতাংশ দিয়াৰ ব্যৱস্থাৰে কাম কৰিব পাৰে। প্ৰতিবেদন অনুসৰি পৰামৰ্শ সমিতিৰ বিষয়াগৰাকীয়ে কয় যে চৰকাৰে ভিত্তি পৰিমাণ নিশ্চিত কৰিব পাৰে। অৰ্থাৎ যদিহে পেমেণ্ট ভিত্তি পৰিমাণতকৈ কম হয় তেন্তে পেঞ্চনৰ অভাৱ পূৰণৰ বাবে চৰকাৰে হস্তক্ষেপ কৰিব লাগিব। বৰ্তমান সময়ত গড়ে কৰ্মচাৰীয়ে ৩৬ শতাংশৰ পৰা ৩৮ শতাংশৰ ভিতৰত ৰিটাৰ্ণ লাভ কৰে।

পুৰণি পেঞ্চন আঁচনিৰ অধীনত অৱসৰৰ সময়ত লাভ কৰা দৰমহাৰ ৫০ শতাংশ মাহেকীয়া সুবিধা লাভ কৰিছিল পেঞ্চনাৰসকলে। ২০০৪ চনত প্ৰৱৰ্তন কৰা বৰ্তমানৰ বজাৰ-সংলগ্ন পেঞ্চন পৰিকল্পনাত এনে কোনো নিশ্চিত ভিত্তি পৰিমাণ প্ৰদান কৰা হোৱা নাই। নতুন পেঞ্চন পৰিকল্পনাক লৈ আন এক বিতৰ্ক।যিকোনো এজন কৰ্মচাৰীয়ে তেওঁৰ দৰমহাৰ ১০ শতাংশ এন পি এছত আৰু চৰকাৰে ১৪ শতাংশ বৰঙণি আগবঢ়ায়। যিহেতু কৰ্মচাৰীজনে পুৰণি পেঞ্চন আঁচনিত কোনো ধৰণৰ অৱদান নিদিয়ে। ইয়াৰ উপৰিও অৱসৰৰ সময়ত এন পি এছ পেঞ্চনাৰৰ ৬০ শতাংশ কৰ্পাছ কৰমুক্ত আৰু ৪০ শতাংশ কৰ পৰিশোধৰ যোগ্য।

ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত ৮৭ লাখ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকৰ মৌলিক দৰমহাৰ ১০ শতাংশ বৰঙণি আগবঢ়ায়। আনহাতে চৰকাৰে ১৪ শতাংশ ধন দিয়ে। চূড়ান্ত পৰিশোধ নিৰ্ভৰ কৰে পুঁজিৰ ৰিটাৰ্ণৰ ওপৰত, যিটো বেছিভাগেই চৰকাৰী ঋণত বিনিয়োগ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ