--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : ‘দ্য ৱায়াৰ’ৰ বিৰুদ্ধে পুনৰ ৰুজু হ’ল গোচৰ। ‘দ্য ৱায়াৰ’ আৰু আন ভালেমান লোকৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এজন মুছলমান লোকৰ ওপৰত নিৰ্যাতন চলোৱা সম্পৰ্কীয় টুইটৰ বাবে ৰুজু কৰা হৈছিল গোচৰ। তাৰ এদিনৰ পাছতে ‘ৱেব প’ৰ্টেল’টোৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰা হৈছে। ‘ৱায়াৰ’ৰ বিৰুদ্ধে আৰক্ষীৰ এই ৰোষৰ কাৰণ হৈছে বাৰাবাংকীৰ এটা মছজিদ ধ্বংস কৰা সম্পৰ্কীয় তথ্যচিত্ৰ নিৰ্মাণ কৰা। বাৰাবাংকীত এই গোচৰ ৰুজু কৰা হৈছে। জিলা প্ৰশাসনে প্ৰকাশ কৰিছে যে, এই মছজিদটোৰ নিৰ্মাণ অবৈধ আছিল।

আনহাতে ৱায়াৰৰ বিৰুদ্ধে ‘শত্ৰুতা বিয়পোৱা’ আৰু ‘সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ চেষ্টা কৰা’ৰ অভিযোগ উত্থাপন কৰা হৈছে এফআইআৰত। আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, নিউজ প’ৰ্টেলটোৱে ২৩জুনত তেওঁলোকৰ টুইটাৰ হেণ্ডলৰ জৰিয়তে এখন তথ্যচিত্ৰ প্ৰকাশ কৰিছে আৰু তাত ভিত্তিহীন তথা মিছা তথ্য প্ৰকাশ কৰা হৈছে। ভিডিঅ’টোত যুক্তিহীন বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছে বুলি প্ৰকাশ কৰিছে আৰু মিছাকৈয়ে এটা বিশেষ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ প্ৰশাসনৰ লোকে নলাত পেলাই দিয়া বুলি মিছা মন্তব্য কৰিছে। তেনে কোনো ঘটনা সংঘটিত হোৱা নাই বুলি দাবী কৰিছে প্ৰশাসনে।

‘দ্য ৱায়াৰ’-এ এনে কাৰ্যৰ জৰিয়তে সমাজত সংঘাত সৃষ্টিৰ চেষ্টা কৰিছে আৰু সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছে বুলি বাৰাবাংকীৰ জিলা ন্যায়াধীশ আদৰ্শ সিঙে মন্তব্য কৰিছে। লক্ষ্ণৌৰপৰা ৩০ কিলোমিটাৰ আঁতৰত এই জিলাখন অৱস্থিত। ‘দ্য ৱায়াৰ’ৰ উপৰি প’ৰ্টেলটোত কাম কৰা দুগৰাকী সংবাদিকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। গোচৰত সাম্প্ৰদায়িক ‘সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্য’, ‘ধৰ্মৰ আধাৰত হিংসাক উচতনি দিয়া’ আৰু ‘অপৰাধিক ষড়যন্ত্ৰ’ আদিৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ