--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : ‘দ্য ৱায়াৰ’ৰ বিৰুদ্ধে পুনৰ ৰুজু হ’ল গোচৰ। ‘দ্য ৱায়াৰ’ আৰু আন ভালেমান লোকৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এজন মুছলমান লোকৰ ওপৰত নিৰ্যাতন চলোৱা সম্পৰ্কীয় টুইটৰ বাবে ৰুজু কৰা হৈছিল গোচৰ। তাৰ এদিনৰ পাছতে ‘ৱেব প’ৰ্টেল’টোৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰা হৈছে। ‘ৱায়াৰ’ৰ বিৰুদ্ধে আৰক্ষীৰ এই ৰোষৰ কাৰণ হৈছে বাৰাবাংকীৰ এটা মছজিদ ধ্বংস কৰা সম্পৰ্কীয় তথ্যচিত্ৰ নিৰ্মাণ কৰা। বাৰাবাংকীত এই গোচৰ ৰুজু কৰা হৈছে। জিলা প্ৰশাসনে প্ৰকাশ কৰিছে যে, এই মছজিদটোৰ নিৰ্মাণ অবৈধ আছিল।

আনহাতে ৱায়াৰৰ বিৰুদ্ধে ‘শত্ৰুতা বিয়পোৱা’ আৰু ‘সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ চেষ্টা কৰা’ৰ অভিযোগ উত্থাপন কৰা হৈছে এফআইআৰত। আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, নিউজ প’ৰ্টেলটোৱে ২৩জুনত তেওঁলোকৰ টুইটাৰ হেণ্ডলৰ জৰিয়তে এখন তথ্যচিত্ৰ প্ৰকাশ কৰিছে আৰু তাত ভিত্তিহীন তথা মিছা তথ্য প্ৰকাশ কৰা হৈছে। ভিডিঅ’টোত যুক্তিহীন বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছে বুলি প্ৰকাশ কৰিছে আৰু মিছাকৈয়ে এটা বিশেষ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ প্ৰশাসনৰ লোকে নলাত পেলাই দিয়া বুলি মিছা মন্তব্য কৰিছে। তেনে কোনো ঘটনা সংঘটিত হোৱা নাই বুলি দাবী কৰিছে প্ৰশাসনে।

‘দ্য ৱায়াৰ’-এ এনে কাৰ্যৰ জৰিয়তে সমাজত সংঘাত সৃষ্টিৰ চেষ্টা কৰিছে আৰু সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰাৰ চেষ্টা কৰিছে বুলি বাৰাবাংকীৰ জিলা ন্যায়াধীশ আদৰ্শ সিঙে মন্তব্য কৰিছে। লক্ষ্ণৌৰপৰা ৩০ কিলোমিটাৰ আঁতৰত এই জিলাখন অৱস্থিত। ‘দ্য ৱায়াৰ’ৰ উপৰি প’ৰ্টেলটোত কাম কৰা দুগৰাকী সংবাদিকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। গোচৰত সাম্প্ৰদায়িক ‘সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্য’, ‘ধৰ্মৰ আধাৰত হিংসাক উচতনি দিয়া’ আৰু ‘অপৰাধিক ষড়যন্ত্ৰ’ আদিৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু