--°C
Loading...
Listen to Article
2 min read
80%
বৰ্তমানৰ যুগ ডিজিটেল যুগ। আমাৰ আৱেগ-অনুভূতি আদিও আজিকালি ডিজিটালাইজড হ'ল। ডিজিটেল পৃথিৱীত আমাৰ বুকুৰ একোণত খুব ধুনীয়াকৈ ঠাই লৈ ল'লে ইম'জিয়ে। আমাৰ হাঁহি, কান্দোন, মৰম-ভালপোৱা, খং ৰাগ প্ৰকাশ কৰিবলৈ সাধাৰণ এটা ইম'জিয়ে যথেষ্ট। ইম'জিবোৰ দেখাতো বৰ মৰমলগা। সময়ৰ সোঁতে সোঁতে ইম'জিৰ সংখ্যাও বাঢ়ি বাঢ়ি আহি আছে। আনকি মৰমৰ চুমাটি যাঁচিবলৈও ইম'জিৰ আশ্ৰয় লয় বহুতে। আগতে চিঠি লিখিছিল মানুহে, লাহে-লাগে তাৰ ঠাই ল'লে মেছেজে আৰু এতিয়া মেছেজ নকৰি সামান্য এটা ইম'জি পঠায়ে আপুনি বুজাই দিব পাৰে আপোনাৰ মনত এই মুহূৰ্তত কি চলি আছে। ইম'জিয়ে বুকুৱে বুকুৱে কঢ়িয়াই লৈ যায় অনুভৱৰ নানা ৰং। 

আজিকালি ইম'জি এটা ব্যৱহাৰ নকৰাকৈ মেছেজ কৰিবলৈ আপোনাৰো ভাল নলগা হ'ল নহয় জানো? ইম'জি ব্যৱহাৰ কৰি লিখা মেছেজবোৰে আপোনাৰ মনৰ ভিতৰত থকা ভাৱবোৰ বুজি পোৱাত বেছিকৈ সহায় কৰে। আপুনি প্ৰতিনিয়ত ব্যৱহাৰ কৰি থকা এই ইম'জিৰ জন্ম কেতিয়া হৈছিল বাৰু...জানেনে? আজি ১৭ জুলাই। আজি ইম'জিৰ জন্মদিন। আপুনি কাৰোবাক জন্মদিনৰ শুভেচ্ছা জনাবলৈকো জন্মদিনৰ ইম'জি ব্যৱহাৰ কৰে। গতিকে আহকচোন জানো ইম'জিৰ জন্মৰ কাহিনী।

ইম'জিয়ে সদায় আমাৰ হাঁহি-কান্দোন, আমাৰ অনুভৱ প্ৰকাশ কৰাত সহায় কৰি আহিছে। এতিয়া প্ৰতিটো মেছেজ পঠোৱাৰ সময়ত ইম'জি ব্যৱহাৰ কৰাটো অভ্যাসত পৰিণত হৈছে আৰু কিছুমান মানুহে ইম'জিৰ অবিহনে কথা পতাটো অসম্ভৱ বুলি ভাবে। ১৭ জুলাইত প্ৰতি বছৰে ‘বিশ্ব ইম'জি দিৱস’ পালন কৰা হয়।  

বিশ্ব ইম'জি দিৱস কেনেকৈ আৰম্ভ হ’ল?

১৯৯৯ চনত জাপানৰ এটা মোবাইল অপাৰেটিং কোম্পানীৰ এজন জাপানী প্ৰগ্ৰেমাৰ শ্বিগাটেকা কুৰিটাই ইম'জি তৈয়াৰ কৰিছিল। তেওঁ ১৭৬টা ইম'জি তৈয়াৰ কৰি i-mode নামৰ এটা মোবাইল ইন্টিগ্ৰেটেড সেৱা মুকলি কৰিছিল। পিছলৈ ২০১০ চনত ইউনিক’ডে ইমোজিৰ ব্যৱহাৰক মান্যতা প্ৰদান কৰে। ইয়াৰ পিছতে গুগল, মাইক্ৰ’ছফ্ট, ফেচবুক, টুইটাৰ আদি বিশ্বব্যাপী ব্ৰেণ্ডসমূহে ইমোজিৰ নিজা সংস্কৰণ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।

ইম'জিপিডিয়াৰ প্ৰতিষ্ঠাপক জেৰেমি বাৰ্জে ২০১৪ চনত প্ৰথমে বিশ্ব ইম'জি দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল। তাৰপিছত ১৭ জুলাইত ইম'জি দিৱস বিশ্বব্যাপী উদযাপন কৰা হয়। ইম'জিপিডিয়া হৈছে এটা অনলাইন ৱেবছাইট যিয়ে ইম'জি চিহ্ন আৰু ইয়াৰ ডিজাইন চফটৱেৰত ইউনিক’ড ষ্টেণ্ডাৰ্ড হিচাপে পঞ্জীয়ন কৰে।

ইমোজিপিডিয়াৰ এটা ব্লগ অনুসৰি ২০২২ চনৰ ছেপ্টেম্বৰ মাহত কিছুমান নতুন ইম'জি প্ৰৱৰ্তন কৰা হ’ব। ইম'জিপিডিয়াই ইম'জি ১৫.০ সংস্কৰণৰ অধীনত আগন্তুক নতুন ইমোজি নমুনা ডিজাইনৰ খচৰা প্ৰস্তুত কৰিছে। গতিকে আমাৰ মাজলৈ আহি আছে আৰু নতুন নতুন ইম'জিৰ জোৱাৰ। এটা কথা সঁচা যে কিছুমান মানুহে ইম'জিৰ ভুল ব্যৱহাৰো কৰে। মানে কি কথাত কি ইম'জি ব্যৱহাৰ কৰিব লাগে নাজানে।গতিকে কি ইম'জিয়ে কি অৰ্থ বহন কৰে সেয়া জানিলে মনৰ ভাৱ প্ৰকাশত কেতিয়াও খেলিমেলি নালাগে। ইম'জিৱে বৰ্তমান আমাৰ আৱেগ-অনুভূতি, মনৰ ভাৱ আদিক সহজে প্ৰকাশ কৰে যদিও আপুনি মন খুলি কথা কবলৈ, মনৰ ভাৱ হেঁপাহেৰে প্ৰকাশ কৰিবলৈ পাহৰি নাযাব। ইম'জিক লগত ৰাখক আৰু লগতে  আপোনাৰ আপোন মানুহৰ সৈতে হৃদয়ৰ ভাষা, আৱেগৰ ভাষা সদায় প্ৰাণভৰি, মন খুলি পাতক...হৃদয়ৰ ভাষা তেতিয়া আৰু অধিক সজীৱ হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ