--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : "বিবাহে সকলোৰে বাবে সুখ কঢ়িয়াই আনে " এয়া ভুল ধাৰণা কাৰণ কিছুমান মানুহৰ বাবে বিবাহিত জীৱন অতি কঠিন। ইয়াৰ মূল কাৰণ হ’ল তেওঁলোকে নিজৰ বাবে উপযুক্ত জীৱন সংগী বাছি ল’ব নোৱাৰে। আৰু এই ভুল জীৱন সংগী বাছি লোৱাৰ বাবেই বিবাহিত জীৱনটো দুখীয়া হৈ পৰে। গতিকে কাৰোবাক বিয়া কৰাবলৈ এজন লোক অতি সাৱধান হ’ব লাগিব। এনে ক্ষেত্ৰত আৱেগেৰে সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে বাস্তৱ জীৱনৰ কথা চিন্তা কৰাতো অতি প্ৰয়োজনীয়।

কোনো এজন ব্যক্তিয়ে বিয়া কৰাৰ আগতে কিছুমান কথা আগতীয়াকৈ জনাটো গুৰুত্বপূৰ্ণ। পুৰুষেই হওক কিম্বা নাৰীয়েই হওক প্ৰত্যেকৰে  কিছুমান বিশেষ বৈশিষ্ট্য আছে যিবোৰে বিয়াৰ পাছত আপোনাৰ জীৱনটোক নৰক কৰি তুলিব পাৰে। গতিকে ইয়াত পুৰুষ বা মহিলাৰ উভয়ৰে পাঁচ প্ৰকাৰৰ বৈশিষ্ট্যৰ কথা উল্লেখ কৰা হৈছে, এনে বৈশিষ্ট্যসমূহ যি গৰাকী ব্যক্তিৰ অন্তৰালত দেখা পায় তেন্তে তেওঁক  বিয়া কৰাই ভুল নকৰিব ।

অনিশ্চিত -

এনে মানুহে আপোনাৰ আৱেগক চুহি খায়, আপোনাক বিয়া কৰালেও তেওঁলোকে সদায় প্ৰতিশ্ৰুতিক লৈ অনিশ্চিত হৈ থাকিব। আপুনি যিয়েই নকৰক কিয় তেওঁলোকে আপোনাৰ প্ৰতি সদায় উদাসীন হৈ থাকিব। এইবোৰ নেতিবাচকতা  আপুনি আপোনাৰ নিজৰ মংগলৰ বাবে এৰাই চলাতো প্ৰয়োজনীয়।

ভণ্ড -

এনেকুৱা মানুহ আছে যিয়ে কথা কয় এটা কিন্তু কৰে আন এটা। তেওঁলোকে যি কৰে তাকেই সঠিক বুলি ভাবে আৰু আনৰ কামক ভুল সজোৱাৰ চেষ্টা কৰে । বিবাহ সাময়িক কথা নহয়। গতিকে এনে বৈশিষ্ট্য থকা সংগী বাছনি কৰাত অতি সাৱধান হওক আৰু নিজৰ যত্ন লওক। এনে মানুহ কিছু সময়ৰ পাছত বিৰক্তিকৰ হৈ পৰে কাৰণ এটা সময়ত তেওঁ আপোনাৰ লগতো ভণ্ড হ’ব পাৰে।


আত্মকেন্দ্ৰিক-

প্ৰথমতে হয়তো আপোনাৰ বাবে তেওঁৰ বিশ্বাসী যেন লাগিব পাৰে। ইয়াৰ বাবে আপুনিও হয়তো তেওঁৰ প্ৰতি আকৰ্ষিত অনুভৱ কৰিব পাৰে। কিন্তু এটা সময়ত আপুনি তেওঁৰ পৰা পলাই যাব বিচাৰিব। কাৰণ তেওঁলোক সদায় নিজৰ মাজতে ব্যস্ত থাকে। নিজকে প্ৰশংসা কৰাত ব্যস্ত থাকে।তেওঁলোকৰ সকলো চিন্তা আত্মকেন্দ্ৰিক। তেওঁলোকে ভাবে যে পৃথিৱীখন তেওঁলোকৰ চাৰিওফালে ঘূৰি থাকে আৰু তেওঁলোক মাধ্যাকৰ্ষণৰ কেন্দ্ৰ, বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ। তেওঁলোকৰ ‘কেতিয়াও ভুল’ নহয় আৰু আপুনি কেতিয়াও তেওঁলোকৰ আপোনৰ তালিকাত নাথাকিব।


মিছলীয়া-

যিয়ে বেছিভাগ সময়তে মিছা কথা কয় আৰু বহু কথা লুকুৱাই ৰাখে। এনে মানুহৰ ডাঙৰ ডাঙৰ কুৎসিত গোপন কথাবোৰে বিয়াৰ পাছত আপোনাৰ জীৱনটো ওলোটা কৰি পেলাব পাৰে। কেতিয়াবা এই মিছলীয়াসকলে ইমান মিছা কথা কয় যে তেওঁলোকে কোৱা কথাখিনি বিশ্বাস নকৰাকৈ থাকিব নোৱাৰে, যেন সেইটো বাস্তৱিক। গতিকে অপ্ৰয়োজনীয় দুখ-কষ্টৰ পৰা হাত সাৰিব বিচাৰিলে এনে লোকৰ পৰা আঁতৰি থাকক। যদি আপোনাৰ মাজতো এনেবোৰ এটা বৈশিষ্ট্য আছে, তেন্তে তাৰ পৰা পৰিত্ৰাণ পাওক। কাৰণ উপযুক্ত সংগী বিচাৰি উলিওৱাৰ উপৰিও সময় থাকোঁতেই আপুনিও নিজকে উপযুক্ত সংগী হিচাপে গঢ়ি তুলিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু