--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমশঃ দৰ্পচূৰ্ণ হৈছে অষ্ট্ৰেলিয়াৰ। সাধাৰণতে ক্ৰিকেট বিশ্বকাপ আৰু কেংগাৰু বাহিনীৰ দপদপনি সমাৰ্থক শব্দ হৈ পৰিছিল। কিন্তু চলিত বিশ্বকাপত ভাৰতৰ হাতত প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পাছত এইবাৰ দক্ষিণ আফ্ৰিকাৰ হাততো শোচনীয় পৰাজয় ঘটিছে পেট কামিনছ বাহিনীৰ।

লক্ষ্নৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ দশমখন মেচত টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয় অষ্ট্ৰেলিয়াই।  কুইণ্ট ডি কক (১০৯), এইডেন মাৰ্ক্ৰাম (৫৬)ৰ দূৰ্দান্ত বেটিঙেৰে ৭ উইকেটত ৩১১ ৰাণ সংগ্ৰহ কৰে দক্ষিণ আফ্ৰিকাই। তেওঁলোকৰ উপৰিও শীৰ্ষক্ৰমৰ আটাইকেওজন বেটাৰে ৩০ আৰু ২০ৰ ৰাণসংখ্যা অতিক্ৰম কৰে। উল্লেখ্য যে উইকেটৰক্ষক ডি ককৰ ক্ৰমাগতভাৱে এইটো দ্বিতীয়টো শতক। অষ্ট্ৰেলিয়াৰ হৈ মিচেল ষ্টাৰ্ক আৰু গ্লেন মেক্সৱালে ২টাকৈ উইকেট দখল কৰে।

৩১২ ৰাণৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই আৰম্ভণিৰে পৰা মুখ ঠেকেচা খায়। মাৰনাছ লাবুচানে (৪৬)ৰ বাদে শীৰ্ষ ক্ৰম আৰু মিডল অৰ্ডাৰৰ কেওজন বেটাৰেই ব্যৰ্থ হয়। দূৰ্দান্ত ফৰ্মত দেখা নগ’ল ষ্টিভ স্মিথ, মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, ডেভিড ৱাৰ্নাৰৰ দৰে বাঘা বাঘা বেটাৰসকলক। ইনিংছৰ শেষৰফালে টেইল এণ্ডাৰ মিচেল ষ্টাৰ্ক (২৭) আৰু পেট কামিন্স (২২)য়ে কিছু স্থিৰতা দেখুৱাইছিল যদিও সেয়া সান্তনাসূচক। এটা সময়ত অষ্ট্ৰেলিয়াৰ স্ক’ৰ আছিল ৭০ ৰাণত ৬ উইকেট। কিন্তু মিচেল ষ্টাৰ্ক আৰু লাবুচানেই কিছু স্থিৰতা আনে।

অষ্ট্ৰেলিয়াৰ এই দূৰ্দশাৰ মূলতে আছিল দক্ষিণ আফ্ৰিকাৰ বলাৰসকলৰ দূৰ্দান্ত বলিং। কাগিছ’ ৰাবাদাই তিনিটা উইকেট লাভৰ বপিৰীতে তাব্ৰিজ চামছি, কেশৱ মহাৰাজ আৰু মাৰ্ক’ জেনচেনে দুটাকৈ উইকেট লাভ কৰে। আঠ অভাৰত মাত্ৰ ১৮ ৰাণ খৰচ কৰি এটা উইকেট লাভ কৰে লুঙী এনগিডি।

উল্লেখ্য যে বিশ্বকাপত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হোৱা মেচসমূহ সদায়েই ৰোমাঞ্চকৰ হৈ আহিছে। ১৯৯৯ চনৰ বিশ্বকাপতো এই ৰোমাঞ্চ দেখা গৈছিল। সাধাৰণতে অষ্ট্ৰেলিয়ায়েই এইসমূহত বিজয়ী হৈ আহিছে। কিন্তু এইবাৰ দৰ্পচূৰ্ণ হ’ল কেংগাৰু বাহিনীৰ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ