--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-পাকিস্তানৰ খেলখনত গেলেৰীত কেৱল ভাৰতীয় জাতীয় পতাকাহে দেখা গৈছে। বাইনোকুলাৰৰ জৰিয়তে পাকিস্তানৰ জাতীয় পতাকা বিচাৰিব লগা হৈছে। ১ লাখ ৩২ হাজাৰ আসনৰ ভিতৰত ১ লাখৰো অধিক আসন পূৰণ হৈছে। ইয়াৰ ভিতৰত পাকিস্তানৰ সুপৰিচিত সমৰ্থক চিকাগো চাচাক দেখা গৈছিল। বাকী সমৰ্থকসকলে ভিছা নাপালেও তেওঁ লাভ কৰিলে। 

নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ বাহিৰত ভাৰতীয় জনসমাগমৰ মাজত চাচাক দেখা গৈছে। তেওঁ পাকিস্তানৰ পতাকা উৰুৱাই প্ৰৱেশ কৰিছিল। তাৰ পিছত সাংবাদিকগৰাকীৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "মই ইয়ালৈ আহিছো পাকিস্তানক সমৰ্থন কৰিবলৈ। মোৰ দেশক সদায় সমৰ্থন কৰক। কিন্তু মই ভাবো ভাৰত জয়ী হ’ব। নিজৰ দেশত তেওঁলোকক হেৰুৱাই পেলোৱাটো কঠিন।’’

পৃথিৱীত পাকিস্তানে য’তেই খেলে, চাচাই সমৰ্থনৰ বাবে হাত আগবঢ়ায়। যেনেকৈ ভাৰতৰ সুধীৰ গৌতম (শচীন তেণ্ডুলকাৰৰ অনুৰাগী। শচীনৰ নাম আৰু শৰীৰত ভাৰতীয় পতাকা অংকন কৰি খেল চাই থাকে।) তেওঁও চিনাকি মুখ। গতিকে বহু ভাৰতীয় সমৰ্থক চাচাক চাবলৈ আগবাঢ়ি আহিল। তেওঁৰ লগত ফটো উঠিছিল।

২০১১ চনৰ বিশ্বকাপত মোহলীত অনুষ্ঠিত ভাৰত-পাকিস্তান ছেমি ফাইনেল খেলৰ টিকট লাভ কৰিবলৈ অসুবিধা হৈছিল চাচাই। সেই সময়ত মহেন্দ্ৰ সিং ধোনি আগবাঢ়ি আহিছিল। চাচাৰ বাবে টিকটৰ ব্যৱস্থা কৰি দিলে। চাচাই টিকট পোৱাৰ পিছত ধোনীক ধন্যবাদ দিলে। এইবাৰো তেওঁক ভাৰত-পাকিস্তানৰ মেচত নিজৰ দেশৰ পতাকা উৰুৱাই দিয়া দেখা গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement