--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তীব্ৰ অনুশোচনাই কেতিয়াবা পাপৰ প্ৰায়শ্চিত্তৰ পথো মোকলায়। কেতিয়াবা অপৰাধীয়ে নিজেই নিজক দিয়ে শাস্তি।পাপবোধ সৃষ্ট অনুশোচনাই মুখামুখি কৰোৱা নৰকৰ পৰা পলায়নৰ যেন বাট হৈ পৰে আত্মহত্যা!

এনে এক ঘটনাই সংঘটিত হৈছে হায়দৰাবাদত।এগৰাকী ছবছৰীয়া কন্যা সন্তানৰ পাশৱিক ধৰ্ষণ আৰু হত্যাকাণ্ডত জড়িত ৩০ বছৰীয়া যুৱক পাল্লাকোণ্ডা ৰাজুৰ মৃতদেহ উদ্ধাৰ হৈছে ৰেলআলিত।সন্দেহ কৰা হৈছে যে ৰাজুৱে আত্মহত্যা কৰিছে।
হায়দৰাবাদৰ পৰা ১৩০ কিলোমিটাৰ দূৰৈৰ ৰেল আলিত উদ্ধাৰ হোৱা মৃতদেহটো ধৰ্ষণকাৰী আৰু হত্যাকাৰী ৰাজুৰ বুলি আৰক্ষী প্ৰায় নিশ্চিত হৈছে।

উল্লেখ্য যে বিগত ৯ ছেপ্টেম্বৰৰ দিনা ছবছৰীয়া কন্যা গৰাকী ঘৰৰ পৰা সন্ধানহীন হৈছিল।উক্ত দিনা সন্ধিয়াই তেওঁৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল প্ৰতিবেশী ৰাজুৰ ঘৰৰ পৰা।অটোস্পাইৰ জৰিয়তে শিশুটিৰ ওপৰত যৌন নিৰ্যাতন চলাৰ কথা স্পষ্ট হৈ পৰিছিল।

ঘটনা সংঘটিত হোৱাৰ দুদিন পিছতে তেলেংগানাৰ মন্ত্ৰী মল্ল ৰেড্ডীয়ে কৈছিল যে অপৰাধীক এনকাউণ্টাৰ কৰি হত্যা কৰা হ'ব।আৰক্ষীয়ে ধৰ্ষণকাৰীৰ সন্ধান দিয়াজনক ১০ লাখ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল।কিন্তু অনুসন্ধান চলাই থকা অৱস্থাতেই উদ্ধাৰ হ'ল অপৰাধীৰ মৃতদেহ। অৱশ্যে এয়া আত্মহত্যা নে হত্যাৰ ঘটনা সেই লৈ এতিয়াও স্পষ্ট তথ্য পাব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?