--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তীব্ৰ অনুশোচনাই কেতিয়াবা পাপৰ প্ৰায়শ্চিত্তৰ পথো মোকলায়। কেতিয়াবা অপৰাধীয়ে নিজেই নিজক দিয়ে শাস্তি।পাপবোধ সৃষ্ট অনুশোচনাই মুখামুখি কৰোৱা নৰকৰ পৰা পলায়নৰ যেন বাট হৈ পৰে আত্মহত্যা!

এনে এক ঘটনাই সংঘটিত হৈছে হায়দৰাবাদত।এগৰাকী ছবছৰীয়া কন্যা সন্তানৰ পাশৱিক ধৰ্ষণ আৰু হত্যাকাণ্ডত জড়িত ৩০ বছৰীয়া যুৱক পাল্লাকোণ্ডা ৰাজুৰ মৃতদেহ উদ্ধাৰ হৈছে ৰেলআলিত।সন্দেহ কৰা হৈছে যে ৰাজুৱে আত্মহত্যা কৰিছে।
হায়দৰাবাদৰ পৰা ১৩০ কিলোমিটাৰ দূৰৈৰ ৰেল আলিত উদ্ধাৰ হোৱা মৃতদেহটো ধৰ্ষণকাৰী আৰু হত্যাকাৰী ৰাজুৰ বুলি আৰক্ষী প্ৰায় নিশ্চিত হৈছে।

উল্লেখ্য যে বিগত ৯ ছেপ্টেম্বৰৰ দিনা ছবছৰীয়া কন্যা গৰাকী ঘৰৰ পৰা সন্ধানহীন হৈছিল।উক্ত দিনা সন্ধিয়াই তেওঁৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল প্ৰতিবেশী ৰাজুৰ ঘৰৰ পৰা।অটোস্পাইৰ জৰিয়তে শিশুটিৰ ওপৰত যৌন নিৰ্যাতন চলাৰ কথা স্পষ্ট হৈ পৰিছিল।

ঘটনা সংঘটিত হোৱাৰ দুদিন পিছতে তেলেংগানাৰ মন্ত্ৰী মল্ল ৰেড্ডীয়ে কৈছিল যে অপৰাধীক এনকাউণ্টাৰ কৰি হত্যা কৰা হ'ব।আৰক্ষীয়ে ধৰ্ষণকাৰীৰ সন্ধান দিয়াজনক ১০ লাখ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল।কিন্তু অনুসন্ধান চলাই থকা অৱস্থাতেই উদ্ধাৰ হ'ল অপৰাধীৰ মৃতদেহ। অৱশ্যে এয়া আত্মহত্যা নে হত্যাৰ ঘটনা সেই লৈ এতিয়াও স্পষ্ট তথ্য পাব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক