--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় অৰ্থনীতিত শেহতীয়াকৈ আৰম্ভ হোৱা কেতবোৰ বিষয়ৰ অৱনতিয়ে এতিয়া অৰ্থনীতিৰ বিকাশকলৈ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।  অতি দ্ৰুত হাৰত অৱনমন ঘটিছে মাৰ্কিন ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য। বিগত কিছুদিন ধৰি ভাৰতৰ মুদ্ৰাৰ মূল্য ডলাৰৰ হিচাপত হ্ৰাস হৈয়েই  আছে। আজিও ভাৰতীয় টকাৰ  মূল্য অভিলেখ হাৰত হ্ৰাস পাইছে। ডলাৰৰ মূল্য প্ৰথমবাৰৰ বাবে ৮৩ টকা অতিক্ৰম কৰে। আজিৰ দিনটোতএক ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে  ৮৩ টকা ১৭ পইচা।

 ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত  শ্বেয়াৰ বজাৰতো ইয়াৰ প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে। এনেদৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাই গৈ থাকিলে ভাৰতীয় অৰ্থনীতি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিছে বিজ্ঞ মহলে। ইয়াৰ ফলত দেশত বিনিয়োগ হ্ৰাস পোৱাৰ লগতে মুদ্ৰাস্ফীতিও বৃদ্ধি পাব। 

ইপিনে সোণৰ বৰ্ধিত  মূল্যই চিন্তিত কৰি তুলিছে গ্ৰাহকক। এতিয়া বিয়াৰ বতৰ আৰম্ভ হৈছে। এনে সময়তে বজাৰত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছে  ৬৭,৬৫০ টকা। এই মূল্যৰ সৈতে জিএছটি আৰোপ কৰাৰ পিছত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা হৈছে। ইপিনে প্ৰতি কিলোগ্ৰাম ৰূপৰো মূল্য হঠাতে ১৩৫০ টকা বৃদ্ধি পাইছে। ফলত এক কিলোগ্ৰাম ৰূপৰ মূল্য এতিয়া হৈছেগৈ ৭৫,৫০০ টকা। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু