--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় অৰ্থনীতিত শেহতীয়াকৈ আৰম্ভ হোৱা কেতবোৰ বিষয়ৰ অৱনতিয়ে এতিয়া অৰ্থনীতিৰ বিকাশকলৈ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।  অতি দ্ৰুত হাৰত অৱনমন ঘটিছে মাৰ্কিন ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য। বিগত কিছুদিন ধৰি ভাৰতৰ মুদ্ৰাৰ মূল্য ডলাৰৰ হিচাপত হ্ৰাস হৈয়েই  আছে। আজিও ভাৰতীয় টকাৰ  মূল্য অভিলেখ হাৰত হ্ৰাস পাইছে। ডলাৰৰ মূল্য প্ৰথমবাৰৰ বাবে ৮৩ টকা অতিক্ৰম কৰে। আজিৰ দিনটোতএক ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে  ৮৩ টকা ১৭ পইচা।

 ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত  শ্বেয়াৰ বজাৰতো ইয়াৰ প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে। এনেদৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাই গৈ থাকিলে ভাৰতীয় অৰ্থনীতি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিছে বিজ্ঞ মহলে। ইয়াৰ ফলত দেশত বিনিয়োগ হ্ৰাস পোৱাৰ লগতে মুদ্ৰাস্ফীতিও বৃদ্ধি পাব। 

ইপিনে সোণৰ বৰ্ধিত  মূল্যই চিন্তিত কৰি তুলিছে গ্ৰাহকক। এতিয়া বিয়াৰ বতৰ আৰম্ভ হৈছে। এনে সময়তে বজাৰত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছে  ৬৭,৬৫০ টকা। এই মূল্যৰ সৈতে জিএছটি আৰোপ কৰাৰ পিছত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা হৈছে। ইপিনে প্ৰতি কিলোগ্ৰাম ৰূপৰো মূল্য হঠাতে ১৩৫০ টকা বৃদ্ধি পাইছে। ফলত এক কিলোগ্ৰাম ৰূপৰ মূল্য এতিয়া হৈছেগৈ ৭৫,৫০০ টকা। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ