--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওছামা বিন লাডেনৰ নাম শুনাৰ লগে লগে আপুনি কল্পনা কৰে অপৰাধ জগতৰ সেই ভয়াবহ মুখখন, যিয়ে আনৰ প্ৰাণ কাঢ়ি লোৱাৰ আগতে এবাৰো চিন্তা কৰা নাছিল। এজন ভয়ংকৰ সন্ত্ৰাসবাদীয়ে হিন্দী গীত ভাল পাব বুলি জানি আপুনিও হয়তো আচৰিত হৈছে।

কিন্তু এই কথা সঁচা ৷ আল কায়দাৰ মুৰব্বী ওছামা বিন লাডেনে হিন্দী গীতৰ প্ৰতি অতি আকৰ্ষিত আছিল। বলীউডৰ উদিত নাৰায়ণ, কুমাৰ ছানু আৰু আলকা য়াগনীকৰ গীতবোৰৰ তেওঁ অনুৰাগী আছিল। এই কথা পোহৰলৈ আহে যেতিয়া ওছামা বিন লাডেনৰ এবটাবাদৰ নিৰাপদ ঘৰত অভিযান চলাই কম্পিউটাৰত ১০০ৰো অধিক হিন্দী চলচ্চিত্ৰ গীতৰ সংগ্ৰহ উদ্ধাৰ হয়।


এক সাক্ষাৎকাৰত বলীউডৰ ছুপাৰহিট গায়িকা অলকা য়াগনীকক এই বিষয়ে সোধাত তেওঁ কয় যে, ‘ওছামা বিন লাডেন হয়তো সন্ত্ৰাসবাদী কিন্তু তেওঁ যদি মোৰ গীতবোৰ ভাল পায় তেন্তে মোৰ দোষ নাই। ডাঙৰ অপৰাধী বা সন্ত্ৰাসবাদী হ’লেও তেওঁৰ ভিতৰত লুকাই আছিল এজন সৰু শিল্পী যাৰ বাবেই তেওঁ শিল্পীক সন্মান কৰে।’

ওছামা বিন লাডেনৰ কম্পিউটাৰত পোৱা গীতসমূহৰ ভিতৰত আছিল অজয় ​​দেৱগণ আৰু কাজলৰ ছবি ‘প্যাৰ তো হোনা হী থা’ ৰ ‘আজনবী মুঝ্কো ইতনা বাটা’, ছলমান খান আৰু মাধুৰী দীক্ষিতৰ ছবি ‘দিল তেৰা আছিক’ ৰ টাইটেল ট্ৰেক আৰু ১৯৯৪ চনৰ ছবি ‘জানে’ ৰ উদিত নাৰায়ণৰ গীত ‘তু চান্দ হে পুনম কা’ ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ