--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হঠাৎ অসুস্থ অস্কাৰ বিজয়ী সংগীতশিল্পী এ আৰ ৰহমান ৷চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে সংগীতশিল্পী এ আৰ ৰহমানক। য'ত তেওঁৰ ইচিজি আৰু ইকোকাৰ্ডিঅ'গ্ৰামৰ দৰে পৰীক্ষা কৰা হৈছে। হঠাতে বুকুৰ বিষ অনুভৱ কৰিছিল সংগীতশিল্পীগৰাকীয়ে । বিষ বাঢ়ি অহাত দেওবাৰে পুৱা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

দেওবাৰে পুৱা চেন্নাইৰ গ্ৰীমছ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় এ আৰ ৰহমানক । পুৱা প্ৰায় ৭.৩০ বজাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। বিশেষ চিকিৎসকৰ এটা দলে তেওঁক চোৱা-চিতা কৰি আছে। তথ্য অনুসৰি তেওঁৰ এঞ্জিওগ্ৰাম কৰিব লাগিব পাৰে। বিদেশৰ পৰা অহাৰ পাছত তেওঁ প্ৰথমে ডিঙিৰ বিষ অনুভৱ কৰিছিল ৷ 

কেতিয়া ডিচচাৰ্জ হ’ব এ আৰ ৰহমান?

তথ্য অনুসৰি শেহতীয়াকৈ লণ্ডনৰ পৰা উভতি আহিছে সংগীতশিল্পী এ আৰ ৰহমান। তেওঁ ৰমজানৰ ৰোজাও পালন কৰি আছে যাৰ বাবে তেওঁ অতি দুৰ্বল অনুভৱ কৰিছিল। এনে পৰিস্থিতিত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। বৰ্তমান তেওঁৰ স্বাস্থ্য পূৰ্বতকৈ উন্নত হোৱাৰ বাবে চিকিৎসকে তেওঁৰ সকলো প্ৰয়োজনীয় পৰীক্ষা কৰি আছে। সূত্ৰ অনুসৰি যদি সকলো ঠিকে থাকে তেন্তে সন্ধিয়াৰ ভিতৰত তেওঁক ডিচচাৰ্জ দিয়া হ’ব।


অস্কাৰ বিজয়ী সংগীত সুৰকাৰ এ আৰ ৰহমানে ২০২৪ চনৰ নৱেম্বৰ মাহত ছাইৰা বানুৰ সৈতে বিবাহ বিচ্ছেদ কৰে। বিবাহৰ ২৯ বছৰৰ পাছত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে গায়িকাগৰাকীয়ে এক্সৰ পোষ্টত । তেওঁৰ তিনিটা সন্তান ৰহিমা, খাটিজা আৰু আমিন আৰু বিবাহ বিচ্ছেদৰ সময়ত তেওঁৰ সন্তানেও এই কঠিন সময়ত নিজৰ গোপনীয়তাৰ যত্ন ল’বলৈ সকলোকে আহ্বান জনাইছিল।


এ আৰ ৰহমানে সংগীত কৰা দুখন ছবি এইবাৰ মুক্তি পাইছে। বিকি কৌশলে মুখ্য চৰিত্ৰত অভিনয় কৰা তেওঁৰ ছবি ‘ছাৱা’ই ৰূপালী পৰ্দাত খলকনিৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰিও তামিল ছবি ‘কধলিকা নেৰমিল্লাই’ও মুক্তি লাভ কৰিলে। এ আৰ ৰহমানৰ আগন্তুক ছবি মণি ৰত্নমৰ ‘থাগ লাইফ’ য’ত কমল হাছানক মুখ্য চৰিত্ৰত দেখা যাব। এই ছবিখন ১০ জুনত মুক্তি লাভ কৰিব। ইয়াৰ উপৰিও তেওঁ ‘লাহোৰ ১৯৪৭’, ‘তেৰে ইছক মেইন’, ‘ৰামায়ণ’ ধাৰাবাহিক, ৰাম চৰণৰ আৰ চি ১৬ আৰু ‘গান্ধী টকছ’ আদি ছবিৰ অংশ হিচাপেও কাম কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ