--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দুঃশ্চিন্তাৰ ক’লীয়া ডাৱৰ আঁতৰা নাই বলীউডৰ আকাশৰ পৰা। শাৰীৰিক অসুস্থতাৰ বাবে চিকিত্সাডলয়ত ভৰ্তি কৰা হৈছে বলীউড অভিনেতা নাছিৰুদ্দিন শ্বাহক। কিছুদিন পূৰ্বে প্ৰবীণ অভিনেতাগৰাকীয়ে নিউমনিয়াত আক্ৰান্ত হৈছিল। হাওঁফাওঁত সংক্ৰমণ ধৰা পৰাৰ পাছত ততাতৈয়াকৈ তেওঁক মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰা হয়।


অভিনেতাগৰাকীৰ মেনেজাৰে বম্বে টাইমছৰ আগত সদৰী কৰিছে যে, ‘বিগত দুদিন ধৰি চিকিত্সা লয়ত ভৰ্তি হৈ আছে নাছিৰুদ্দিন শ্বাহ। হাওঁফাওঁৰ সংক্ৰমণ ধৰা পৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে অনতি পলমে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ। স্বাস্থ্যৰ অধিক অৱনতি নঘটিলে আজি বা কালিৰ ভিতৰত তেওঁক ডিচাৰ্জ দিয়াৰো চিন্তা চৰ্চা কৰিছে চিকিৎসকে।’উল্লেখ্য যে, ৰূপালী পৰ্দাৰ লগতে থিয়েটাৰৰ মঞ্চত নিজস্ব প্ৰতিভাৰে অজস্ৰ চলচ্চিত্ৰপ্ৰেমীক মনোৰঞ্জন প্ৰদান কৰা ৭০ বছৰীয়া অভিনেতাগৰাকীৰ আশুআৰোগ্য কামনা কৰিছে দেশবাসীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ