--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক্ৰমাৎ অধিক জটিল হৈছে আৰিয়ান খান বনাম সমীৰ ৱাংখেৰে কাণ্ড। মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী নেতা নৱাম মালিকে ইটোৰ পাছত সিটো বিস্ফোৰক অভিযোগ আনিছে সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে। সমীৰ ৱাংখেৰেই আৰিয়ানক গ্ৰেপ্তাৰ কৰি তেওঁৰ তাৰকা পিতৃৰ পৰা ২৫কোটি টকা আদায় কৰাৰ পৰিকল্পনা কৰিছিল বুলি উঠা অভিযোগৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ আন এক বিস্ফোৰক অভিযোগ অনা হৈছে এনচিবিৰ জ’নেল ডাইৰেক্টৰগৰাকীৰ বিৰুদ্ধে।

মালিকে দাবী কৰিছে যে, বিভিন্নজন তাৰকাৰ ফোন অবৈধবাৱে টেপ কৰিছল সমীৰ ৱাংখেৰেই। তেওঁ অভিযোগ কৰে যে, তেওঁৰ কন্যা নীলোফাৰৰ কল ৰেকৰ্ডো বিচাৰিছিল সমীৰ ৱাংখেৰই। মালিকে কয় যে, মুম্বাই আৰক্ষীয়ে তেওঁৰ এই দাবী প্ৰত্যাখ্যান কৰিছিল। ‘আমাৰ হাতত খবৰ আছে যে, সমীৰ ৱাংখেৰেই দুজন প্ৰাইভেট ডিটেকটিভৰ সহযোগত ফোন টেপ কৰাৰ এই জাল পাতিছিল। তেওঁৰ মোৰ ফোনো টেপ কৰাইছিল। ৰাজ্যখনৰ নামী-দামী লোকসকলৰ ফোন টেপ কৰাৰ লগতে বলীউডৰ তাৰকাসকলৰ ওপৰতো তেওঁ বেআইনী নজৰদাৰি কৰিছিল।’ পিছে নৱাব মালিকৰ অভিযোগৰ ইমানতে অন্ত হোৱা নাই। বৰং তেওঁ লগতে অভিযোগ কৰিছে যে, সমীৰ ৱাংখেৰেৰ নিৰ্দেশত এনচিবি-এ ৩৬টা ভুৱা গোচৰ ৰুজু কৰিছিল। এনচিবিৰ এজন বিষয়াউই নিজেই তেওঁক এইকথা অৱগত কৰা বুলি উল্লেখ কৰিছে। এই অভিযোগৰ তথ্য-প্ৰমাণ তেওঁ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰু অনন্য কৰ্তৃত্বশীল লোকলৈ পঠিওৱা বুলিও প্ৰকাশ কৰিছে। এনচিবিৰ বিষয়া হোৱাৰ সুবাদতে তেওঁ কোটি কোটি টকা উপাৰ্জন কৰিছে বুলিও অভিযোগ কৰে।

উল্লেখ্য যে, আৰিয়ান খানক গ্ৰেপ্তাৰৰ পাছতে ২৫কোটি টকা দাবী কৰাৰ পৰিকল্পনা যুগুত কৰা হৈছিল বুলি শেহতীয়াকৈ উঠা অভিযোগৰ তদন্ত আৰম্ভ কৰিছে এনচিবি-এ। মহাৰাষ্ট্ৰ চৰকাৰে প্ৰথমৰে পৰা বলীউডৰ তাৰকাসকলক লক্ষ্য কৰি লোৱাৰ বিৰোধিতা কৰি আহিছে। শ্বাহৰুখ তনয় আৰিয়ানক গ্ৰেপ্তাৰৰ পাছতে এই সংঘাতে অধিক গুৰুতৰ ৰূপ ধাৰণ কৰে। ইফালে, আজি বোম্বে উচ্চ ন্যায়ালয়ত আৰিয়ান খানৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰা হ’ব। আৰিয়ান খানৰ হৈ যুক্তি প্ৰদৰ্শন কৰিব দেশৰ প্ৰাক্তন এটৰ্নী জেনেৰেল মুকুল ৰোহতগীয়ে। সোমবাৰেই মুকুল ৰোহতগীয়ে মুম্বাইত আহি উপস্থিত হৈছে। তেওঁ আৰিয়ানৰ অধিবক্তা সতীশ মানসিন্ধেৰ সৈতে শুনানিত অংশ ল’ব বুলি নিজেই সদৰি কৰিছে। ন্যায়াধীশ নীতিন ছাম্বৰেই এই গোচৰৰ শুনানি গ্ৰহণ কৰিব। উল্লেখ্য যে, আৰিয়ানক ৩০ অক্টোবৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল এনচিবিৰ আদালতে। আজি আৰিয়ানৰ লগতে মুনমুন ধামেছা আৰু আৰবাজ মাৰ্চেণ্টৰো জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব।

তাৎপৰ্যপূৰ্ণভাৱে আৰিয়ানক আটক কৰাৰ সময়ত তেওঁৰ পৰা কোনোধৰণৰ ড্ৰাগছ এনচিবি-এ উদ্ধাৰ কৰিব পৰা নাছিল বুলি ইতিমধ্যে সদৰি হৈছে। তেওঁৰ হোৱাটছএপ চাটৰ আধাৰতেই তেওঁক অভিযুক্ত কৰাৰ চেষ্টা কৰিছে এনচিবি-এ। তাৰ পৰিৱৰ্তে এনচিবিৰ বিষয়া সমীৰ ৱাংখেৰেই ধন দাবী কৰা আৰু সাক্ষীক মৃত্যুৰ ভাবুকি দেখুৱাই উকা কাগজত চহী লোৱা বুলি উঠা অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement