--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক্ৰমাৎ অধিক জটিল হৈছে আৰিয়ান খান বনাম সমীৰ ৱাংখেৰে কাণ্ড। মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী নেতা নৱাম মালিকে ইটোৰ পাছত সিটো বিস্ফোৰক অভিযোগ আনিছে সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে। সমীৰ ৱাংখেৰেই আৰিয়ানক গ্ৰেপ্তাৰ কৰি তেওঁৰ তাৰকা পিতৃৰ পৰা ২৫কোটি টকা আদায় কৰাৰ পৰিকল্পনা কৰিছিল বুলি উঠা অভিযোগৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ আন এক বিস্ফোৰক অভিযোগ অনা হৈছে এনচিবিৰ জ’নেল ডাইৰেক্টৰগৰাকীৰ বিৰুদ্ধে।

মালিকে দাবী কৰিছে যে, বিভিন্নজন তাৰকাৰ ফোন অবৈধবাৱে টেপ কৰিছল সমীৰ ৱাংখেৰেই। তেওঁ অভিযোগ কৰে যে, তেওঁৰ কন্যা নীলোফাৰৰ কল ৰেকৰ্ডো বিচাৰিছিল সমীৰ ৱাংখেৰই। মালিকে কয় যে, মুম্বাই আৰক্ষীয়ে তেওঁৰ এই দাবী প্ৰত্যাখ্যান কৰিছিল। ‘আমাৰ হাতত খবৰ আছে যে, সমীৰ ৱাংখেৰেই দুজন প্ৰাইভেট ডিটেকটিভৰ সহযোগত ফোন টেপ কৰাৰ এই জাল পাতিছিল। তেওঁৰ মোৰ ফোনো টেপ কৰাইছিল। ৰাজ্যখনৰ নামী-দামী লোকসকলৰ ফোন টেপ কৰাৰ লগতে বলীউডৰ তাৰকাসকলৰ ওপৰতো তেওঁ বেআইনী নজৰদাৰি কৰিছিল।’ পিছে নৱাব মালিকৰ অভিযোগৰ ইমানতে অন্ত হোৱা নাই। বৰং তেওঁ লগতে অভিযোগ কৰিছে যে, সমীৰ ৱাংখেৰেৰ নিৰ্দেশত এনচিবি-এ ৩৬টা ভুৱা গোচৰ ৰুজু কৰিছিল। এনচিবিৰ এজন বিষয়াউই নিজেই তেওঁক এইকথা অৱগত কৰা বুলি উল্লেখ কৰিছে। এই অভিযোগৰ তথ্য-প্ৰমাণ তেওঁ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰু অনন্য কৰ্তৃত্বশীল লোকলৈ পঠিওৱা বুলিও প্ৰকাশ কৰিছে। এনচিবিৰ বিষয়া হোৱাৰ সুবাদতে তেওঁ কোটি কোটি টকা উপাৰ্জন কৰিছে বুলিও অভিযোগ কৰে।

উল্লেখ্য যে, আৰিয়ান খানক গ্ৰেপ্তাৰৰ পাছতে ২৫কোটি টকা দাবী কৰাৰ পৰিকল্পনা যুগুত কৰা হৈছিল বুলি শেহতীয়াকৈ উঠা অভিযোগৰ তদন্ত আৰম্ভ কৰিছে এনচিবি-এ। মহাৰাষ্ট্ৰ চৰকাৰে প্ৰথমৰে পৰা বলীউডৰ তাৰকাসকলক লক্ষ্য কৰি লোৱাৰ বিৰোধিতা কৰি আহিছে। শ্বাহৰুখ তনয় আৰিয়ানক গ্ৰেপ্তাৰৰ পাছতে এই সংঘাতে অধিক গুৰুতৰ ৰূপ ধাৰণ কৰে। ইফালে, আজি বোম্বে উচ্চ ন্যায়ালয়ত আৰিয়ান খানৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰা হ’ব। আৰিয়ান খানৰ হৈ যুক্তি প্ৰদৰ্শন কৰিব দেশৰ প্ৰাক্তন এটৰ্নী জেনেৰেল মুকুল ৰোহতগীয়ে। সোমবাৰেই মুকুল ৰোহতগীয়ে মুম্বাইত আহি উপস্থিত হৈছে। তেওঁ আৰিয়ানৰ অধিবক্তা সতীশ মানসিন্ধেৰ সৈতে শুনানিত অংশ ল’ব বুলি নিজেই সদৰি কৰিছে। ন্যায়াধীশ নীতিন ছাম্বৰেই এই গোচৰৰ শুনানি গ্ৰহণ কৰিব। উল্লেখ্য যে, আৰিয়ানক ৩০ অক্টোবৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল এনচিবিৰ আদালতে। আজি আৰিয়ানৰ লগতে মুনমুন ধামেছা আৰু আৰবাজ মাৰ্চেণ্টৰো জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব।

তাৎপৰ্যপূৰ্ণভাৱে আৰিয়ানক আটক কৰাৰ সময়ত তেওঁৰ পৰা কোনোধৰণৰ ড্ৰাগছ এনচিবি-এ উদ্ধাৰ কৰিব পৰা নাছিল বুলি ইতিমধ্যে সদৰি হৈছে। তেওঁৰ হোৱাটছএপ চাটৰ আধাৰতেই তেওঁক অভিযুক্ত কৰাৰ চেষ্টা কৰিছে এনচিবি-এ। তাৰ পৰিৱৰ্তে এনচিবিৰ বিষয়া সমীৰ ৱাংখেৰেই ধন দাবী কৰা আৰু সাক্ষীক মৃত্যুৰ ভাবুকি দেখুৱাই উকা কাগজত চহী লোৱা বুলি উঠা অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন