--°C
Loading...
Listen to Article
2 min read
80%

মুছফিক হুছেইন : নাৰী তুমি অনন্যা৷ নাৰী প্ৰকৃতিৰ অনুপম সৃষ্টি, যাৰ অবিহনে এই পৃথিৱীৰ কোনো অস্তিত্ব নাই বুলিয়েই ক’ব পাৰি৷ সময়ৰ লগে-লগে আমাৰ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন হ’ল, সলনি হ’ল মানুহৰ নাৰীৰ প্ৰতি থকা নীচ মানসিকতা৷ মুঠৰ ওপৰত বিংশ শতিকাত নাৰীয়েই শিক্ষাৰ পৰা আৰম্ভ কৰি ক্ৰীড়া জগতলৈকে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷

এইবাৰ এগৰাকী নাৰীৰ কান্ধতেই দেশৰ সুৰক্ষাৰ গুৰুত্বপূৰ্ণ ভাৰ অৰ্পণ কৰিছে ভাৰতে৷ অৰুণাচলৰ স্পৰ্শকাতৰ অঞ্চল ভাৰত-চীন সীমান্ত ৰক্ষাৰ দায়িত্বত আছে এগৰাকী সাহসী নাৰী। ৰঙা চীনক সৰ্বোতোপ্ৰকাৰে প্ৰত্যুত্তৰ দিবলৈ তেওঁ সাজু৷ সীমান্তৰ দুৰ্গম অঞ্চলত কামান লৈ সুসজ্জিত হৈ ৰঙা চীনক ৰুধিবলৈ সাজু হৈ আছে তেওঁ৷ বৰ্তমান সীমান্ত ৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী মহিলাগৰাকী৷ তেওঁৰ নাম কেপ্টেইন ছাৰিয়া আব্বাছী৷

কেপ্টেইন ছাৰিয়া আব্বাছী


ড্ৰ’ন কিলাৰ ৰূপে খ্যাতি লাভ কৰা কেপ্টেইন ছাৰিয়াই অৰুণাচলৰ কোনো অজ্ঞাত স্থানত আগ্ৰাসী চীনক ৰুধিবলৈ খোপনি পুতি আছে৷ বৰ্তমান সামৰিক বাহিনীৰ উন্নীত L-70 Anti Craft Gun ৰ সঞ্চালনৰ দায়িত্বত আছে এইগৰাকী দুৰ্জেয় মহিলা কামাণ্ডাৰ৷ পূৰ্বতে L-70 Anti Craft Gun শত্ৰু হেলিকপ্টাৰ, যুঁজাৰু বিমান ধ্বংস কৰাৰ অভিযানৰ কামত ব্যৱহাৰ কৰা হৈছিল, বৰ্তমান এইখনত ড্ৰ’ন ধ্বংস কৰাৰ ব্যৱস্থা সংযুক্ত কৰা হৈছে৷ এতিয়া সীমান্তত এই ড্ৰ’ন কিলাৰ মৰাণাস্ত্ৰ হাতত লৈ ড্ৰেগন দেশৰ ড্ৰ’ন উৰুৱাবলৈ সাজু হৈ আছে কেপ্টেইন ছাৰিয়া আব্বাছীয়ে৷

কেপ্টেইন ছাৰিয়া দেশৰ একমাত্ৰ ইউনিট যাৰ হাতত তুলি দিয়া হৈছে বিমানধ্বংসী আটাইতকৈ শক্তিশালী মৰাণাস্ত্ৰ


বিগত ৪ বছৰে সেনাৰ AIR DEFENCE REGIMENT ত সেৱা আগবঢ়াই আছে এইগৰাকী সাহসী মহিলাই৷ স্পৰ্শকাতৰ টাৱাং চেক্টৰত সেনাৰ AIR DEFENCE REGIMENT ৰ ট্ৰুপ কামাণ্ডাৰ তেওঁ, কেপ্টেইন ছাৰিয়া দেশৰ একমাত্ৰ ইউনিট যাৰ হাতত তুলি দিয়া হৈছে বিমানধ্বংসী আটাইতকৈ শক্তিশালী মৰাণাস্ত্ৰ৷ উল্লেখ্য যে, দেশবাসীৰ দৃষ্টি আৰ্কষণ কৰা কেপ্টেইন ছাৰিয়া আব্বাছী বি. টেক ডিগ্ৰীধাৰী হোৱাৰ লগতে পিতৃ বৰ্তমান আকাশবাণী গোৰখপুৰ কেন্দ্ৰত কৰ্মৰত, মাতৃ হাইস্কুলৰ শিক্ষয়িত্ৰী আৰু ভাতৃ স্মাতক মহলাৰ ছাত্ৰ৷ দেশৰ অগণিত নাৰীৰ বাবে আব্বাছী এতিয়া হৈ উঠিছে প্ৰেৰণাৰ উৎস।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন