--°C
Loading...
Listen to Article
2 min read
80%

মুছফিক হুছেইন : নাৰী তুমি অনন্যা৷ নাৰী প্ৰকৃতিৰ অনুপম সৃষ্টি, যাৰ অবিহনে এই পৃথিৱীৰ কোনো অস্তিত্ব নাই বুলিয়েই ক’ব পাৰি৷ সময়ৰ লগে-লগে আমাৰ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন হ’ল, সলনি হ’ল মানুহৰ নাৰীৰ প্ৰতি থকা নীচ মানসিকতা৷ মুঠৰ ওপৰত বিংশ শতিকাত নাৰীয়েই শিক্ষাৰ পৰা আৰম্ভ কৰি ক্ৰীড়া জগতলৈকে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷

এইবাৰ এগৰাকী নাৰীৰ কান্ধতেই দেশৰ সুৰক্ষাৰ গুৰুত্বপূৰ্ণ ভাৰ অৰ্পণ কৰিছে ভাৰতে৷ অৰুণাচলৰ স্পৰ্শকাতৰ অঞ্চল ভাৰত-চীন সীমান্ত ৰক্ষাৰ দায়িত্বত আছে এগৰাকী সাহসী নাৰী। ৰঙা চীনক সৰ্বোতোপ্ৰকাৰে প্ৰত্যুত্তৰ দিবলৈ তেওঁ সাজু৷ সীমান্তৰ দুৰ্গম অঞ্চলত কামান লৈ সুসজ্জিত হৈ ৰঙা চীনক ৰুধিবলৈ সাজু হৈ আছে তেওঁ৷ বৰ্তমান সীমান্ত ৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী মহিলাগৰাকী৷ তেওঁৰ নাম কেপ্টেইন ছাৰিয়া আব্বাছী৷

কেপ্টেইন ছাৰিয়া আব্বাছী


ড্ৰ’ন কিলাৰ ৰূপে খ্যাতি লাভ কৰা কেপ্টেইন ছাৰিয়াই অৰুণাচলৰ কোনো অজ্ঞাত স্থানত আগ্ৰাসী চীনক ৰুধিবলৈ খোপনি পুতি আছে৷ বৰ্তমান সামৰিক বাহিনীৰ উন্নীত L-70 Anti Craft Gun ৰ সঞ্চালনৰ দায়িত্বত আছে এইগৰাকী দুৰ্জেয় মহিলা কামাণ্ডাৰ৷ পূৰ্বতে L-70 Anti Craft Gun শত্ৰু হেলিকপ্টাৰ, যুঁজাৰু বিমান ধ্বংস কৰাৰ অভিযানৰ কামত ব্যৱহাৰ কৰা হৈছিল, বৰ্তমান এইখনত ড্ৰ’ন ধ্বংস কৰাৰ ব্যৱস্থা সংযুক্ত কৰা হৈছে৷ এতিয়া সীমান্তত এই ড্ৰ’ন কিলাৰ মৰাণাস্ত্ৰ হাতত লৈ ড্ৰেগন দেশৰ ড্ৰ’ন উৰুৱাবলৈ সাজু হৈ আছে কেপ্টেইন ছাৰিয়া আব্বাছীয়ে৷

কেপ্টেইন ছাৰিয়া দেশৰ একমাত্ৰ ইউনিট যাৰ হাতত তুলি দিয়া হৈছে বিমানধ্বংসী আটাইতকৈ শক্তিশালী মৰাণাস্ত্ৰ


বিগত ৪ বছৰে সেনাৰ AIR DEFENCE REGIMENT ত সেৱা আগবঢ়াই আছে এইগৰাকী সাহসী মহিলাই৷ স্পৰ্শকাতৰ টাৱাং চেক্টৰত সেনাৰ AIR DEFENCE REGIMENT ৰ ট্ৰুপ কামাণ্ডাৰ তেওঁ, কেপ্টেইন ছাৰিয়া দেশৰ একমাত্ৰ ইউনিট যাৰ হাতত তুলি দিয়া হৈছে বিমানধ্বংসী আটাইতকৈ শক্তিশালী মৰাণাস্ত্ৰ৷ উল্লেখ্য যে, দেশবাসীৰ দৃষ্টি আৰ্কষণ কৰা কেপ্টেইন ছাৰিয়া আব্বাছী বি. টেক ডিগ্ৰীধাৰী হোৱাৰ লগতে পিতৃ বৰ্তমান আকাশবাণী গোৰখপুৰ কেন্দ্ৰত কৰ্মৰত, মাতৃ হাইস্কুলৰ শিক্ষয়িত্ৰী আৰু ভাতৃ স্মাতক মহলাৰ ছাত্ৰ৷ দেশৰ অগণিত নাৰীৰ বাবে আব্বাছী এতিয়া হৈ উঠিছে প্ৰেৰণাৰ উৎস।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক