--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ 'দশৰথ'ৰ চৰিত্ৰ ৰূপায়ন কৰি থাকোতেই মঞ্চত মৃত্যুক সাবটি ল'লে এজন অভিনেতাই। যি মৃত্যুৱে কন্দুৱাইছে সকলোকে। উত্তৰ প্ৰদেশৰ আফজলগড় হাছনপুৰৰ পৰা আহিছে এক হৃদয়বিদাৰক খবৰ। হাছনপুৰত 'ৰামৰ বনবাস' শীৰ্ষক নাটখনি মঞ্চস্থ কৰা হৈছিল। সেইখন নাটতে দশৰথৰ চৰিত্ৰত অভিনয় কৰিছিল ৰাজেন্দ্ৰ সিং (৬২) নামৰ এজন ব্যক্তিয়ে। নাটখনত যেতিয়া ৰাম বনবাসলৈ যাবলৈ সাজু হয় সেই সময়ত দশৰথ পুত্ৰ বিচ্ছেদৰ শোকত প্ৰথমে ভাবুক হৈ উঠে আৰু পিছ মূহুৰ্ততেই ৰাম ৰাম বুলি চিঞৰি কান্দি উঠে। কান্দি কান্দি মঞ্চত বেহুঁচ হৈ পৰি যায় দশৰথৰ অভিনয় কৰি থকা ৰাজেন্দ্ৰ সিং।

দৰাচলতে ৰাজেন্দ্ৰ সিঙৰ হৃদক্ৰিয়া বন্ধ হৈ পৰিছিল সেই সময়ত সেয়েহে তেওঁ মঞ্চত বাগৰি পৰিছিল কিন্তু মানুহে ভাবিছিল ৰাজেন্দ্ৰ সিঙে দশৰথৰ চৰিত্ৰটো বৰ সুন্দৰকৈ ৰূপায়ন কৰিছে। ৰাজেন্দ্ৰ সিঙে জীৱন্ত অভিনয় কৰা বুলি ভাবি মানুহে হাততালি বজাবলৈ ধৰিলে। অভিনয় খুব সুন্দৰ হৈছে বুলি কোনো কোনোৱে দৰ্শকৰ আসনৰ পৰাও চিঞৰিলে। সেই সময়তে মঞ্চত পৰ্দা পৰে। পৰ্দা পৰাৰ পিছতো ৰাজেন্দ্ৰ সিং নুঠা দেখি সহ অভিনেতাসকলে তেওঁক উঠাবলৈ যত্ন কৰে কিন্তু কোনো সাৰ-সিকটি নাছিল ৰাজেন্দ্ৰ সিঙৰ। ঘটনাটোত ভয় খাই সহ অভিনেতাসকলে লৰালৰিকৈ ৰাজেন্দ্ৰ সিঙক হাস্পতাললৈ লৈ যায়। হাস্পতালত তেওঁৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকসকলে।

এই আকস্মিক মৃত্যুৰ ঘটনাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰে। উল্লেখ্য যে বিগত ২০ বছৰ ধৰি দশৰথৰ চৰিত্ৰ ৰূপায়ন কৰি আহিছিল ৰাজেন্দ্ৰ সিঙে। দশৰথৰ চৰিত্ৰ তেওঁ ইমানেই জীৱন্ত ৰূপত ৰূপায়ন কৰিছিল যে সকলোৱে তেওঁক অন্তৰত স্থান দিছিল আৰু অঞ্চলবাসীয়ে ৰাজেন্দ্ৰ সিঙক দশৰথ বুলিয়েই মাতিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন