--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ 'দশৰথ'ৰ চৰিত্ৰ ৰূপায়ন কৰি থাকোতেই মঞ্চত মৃত্যুক সাবটি ল'লে এজন অভিনেতাই। যি মৃত্যুৱে কন্দুৱাইছে সকলোকে। উত্তৰ প্ৰদেশৰ আফজলগড় হাছনপুৰৰ পৰা আহিছে এক হৃদয়বিদাৰক খবৰ। হাছনপুৰত 'ৰামৰ বনবাস' শীৰ্ষক নাটখনি মঞ্চস্থ কৰা হৈছিল। সেইখন নাটতে দশৰথৰ চৰিত্ৰত অভিনয় কৰিছিল ৰাজেন্দ্ৰ সিং (৬২) নামৰ এজন ব্যক্তিয়ে। নাটখনত যেতিয়া ৰাম বনবাসলৈ যাবলৈ সাজু হয় সেই সময়ত দশৰথ পুত্ৰ বিচ্ছেদৰ শোকত প্ৰথমে ভাবুক হৈ উঠে আৰু পিছ মূহুৰ্ততেই ৰাম ৰাম বুলি চিঞৰি কান্দি উঠে। কান্দি কান্দি মঞ্চত বেহুঁচ হৈ পৰি যায় দশৰথৰ অভিনয় কৰি থকা ৰাজেন্দ্ৰ সিং।

দৰাচলতে ৰাজেন্দ্ৰ সিঙৰ হৃদক্ৰিয়া বন্ধ হৈ পৰিছিল সেই সময়ত সেয়েহে তেওঁ মঞ্চত বাগৰি পৰিছিল কিন্তু মানুহে ভাবিছিল ৰাজেন্দ্ৰ সিঙে দশৰথৰ চৰিত্ৰটো বৰ সুন্দৰকৈ ৰূপায়ন কৰিছে। ৰাজেন্দ্ৰ সিঙে জীৱন্ত অভিনয় কৰা বুলি ভাবি মানুহে হাততালি বজাবলৈ ধৰিলে। অভিনয় খুব সুন্দৰ হৈছে বুলি কোনো কোনোৱে দৰ্শকৰ আসনৰ পৰাও চিঞৰিলে। সেই সময়তে মঞ্চত পৰ্দা পৰে। পৰ্দা পৰাৰ পিছতো ৰাজেন্দ্ৰ সিং নুঠা দেখি সহ অভিনেতাসকলে তেওঁক উঠাবলৈ যত্ন কৰে কিন্তু কোনো সাৰ-সিকটি নাছিল ৰাজেন্দ্ৰ সিঙৰ। ঘটনাটোত ভয় খাই সহ অভিনেতাসকলে লৰালৰিকৈ ৰাজেন্দ্ৰ সিঙক হাস্পতাললৈ লৈ যায়। হাস্পতালত তেওঁৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকসকলে।

এই আকস্মিক মৃত্যুৰ ঘটনাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰে। উল্লেখ্য যে বিগত ২০ বছৰ ধৰি দশৰথৰ চৰিত্ৰ ৰূপায়ন কৰি আহিছিল ৰাজেন্দ্ৰ সিঙে। দশৰথৰ চৰিত্ৰ তেওঁ ইমানেই জীৱন্ত ৰূপত ৰূপায়ন কৰিছিল যে সকলোৱে তেওঁক অন্তৰত স্থান দিছিল আৰু অঞ্চলবাসীয়ে ৰাজেন্দ্ৰ সিঙক দশৰথ বুলিয়েই মাতিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক