--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত পুনৰ সেনাৰ মৃত্যু। মৃত সেনাৰ সংখ্যা ৯জনলৈ বৃদ্ধি। জম্মু কাশ্মীৰৰ সীমান্তৱৰ্তী জিলা পুঞ্চত ভাৰতীয় সেনাই উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিছে। এই অভিযানতে এতিয়ালৈকে ৯ জন সেনা জোৱানে প্ৰাণ হেৰুৱাইছে, যি কথা অতি উদ্বেগজনক বুলি বিবেচিত হৈছে। শুকুৰবাৰে ৰাইফলমেন বিক্ৰম সিং নেগী(২৬) আৰু যোগম্বৰ সিঙ(২৭)ৰ মৃতদেহ উদ্ধাৰ হৈছিল।

শনিবাৰে সন্ধিয়া মেন্ধাৰ অঞ্চলৰ নাৰ খাছ অৰণ্যত উদ্ধাৰ হয় সুবেদাৰ অজয় সিং আৰু নায়েক হৰেন্দ্ৰ সিঙৰ মৃতদেহ। আনহাতে বৃহস্পতিবাৰে ভাটা ডুৰিয়ান গাঁৱৰ ওচৰৰ অৰণ্যত উগ্ৰপন্থীৰ সৈতে হোৱা ভয়ংকৰ গুলীযুদ্ধৰ পিছৰে পৰা চাৰিজন কৰ্মী সন্ধানহীন হৈ আছিল।

সেনাৰ PRO লেফটেনেণ্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে শনিবাৰে উদ্ধাৰ হোৱা মৃতদেহকেইটা জশবিন্দৰ সিং, মনদীপ সিং,গজ্জন সিং,সৰজ সিং আৰু বৈশাখ সিঙৰ বুলি চিনাক্ত কৰিছে। যোৱা সোমবাৰৰ পৰা সেনা বাহিনীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা গোটটো পাকিস্তানৰ এটা সশস্ত্ৰ বৃহৎ গোট বুলি সন্দেহ কৰিছে ভাৰতীয় সেনা বাহিনীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন