--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত পুনৰ সেনাৰ মৃত্যু। মৃত সেনাৰ সংখ্যা ৯জনলৈ বৃদ্ধি। জম্মু কাশ্মীৰৰ সীমান্তৱৰ্তী জিলা পুঞ্চত ভাৰতীয় সেনাই উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিছে। এই অভিযানতে এতিয়ালৈকে ৯ জন সেনা জোৱানে প্ৰাণ হেৰুৱাইছে, যি কথা অতি উদ্বেগজনক বুলি বিবেচিত হৈছে। শুকুৰবাৰে ৰাইফলমেন বিক্ৰম সিং নেগী(২৬) আৰু যোগম্বৰ সিঙ(২৭)ৰ মৃতদেহ উদ্ধাৰ হৈছিল।

শনিবাৰে সন্ধিয়া মেন্ধাৰ অঞ্চলৰ নাৰ খাছ অৰণ্যত উদ্ধাৰ হয় সুবেদাৰ অজয় সিং আৰু নায়েক হৰেন্দ্ৰ সিঙৰ মৃতদেহ। আনহাতে বৃহস্পতিবাৰে ভাটা ডুৰিয়ান গাঁৱৰ ওচৰৰ অৰণ্যত উগ্ৰপন্থীৰ সৈতে হোৱা ভয়ংকৰ গুলীযুদ্ধৰ পিছৰে পৰা চাৰিজন কৰ্মী সন্ধানহীন হৈ আছিল।

সেনাৰ PRO লেফটেনেণ্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে শনিবাৰে উদ্ধাৰ হোৱা মৃতদেহকেইটা জশবিন্দৰ সিং, মনদীপ সিং,গজ্জন সিং,সৰজ সিং আৰু বৈশাখ সিঙৰ বুলি চিনাক্ত কৰিছে। যোৱা সোমবাৰৰ পৰা সেনা বাহিনীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা গোটটো পাকিস্তানৰ এটা সশস্ত্ৰ বৃহৎ গোট বুলি সন্দেহ কৰিছে ভাৰতীয় সেনা বাহিনীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক