--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেৰালাত প্ৰৱল বৃষ্টিপাতে সৃষ্টি কৰিছে প্ৰলয়ৰ। নেৰানেপেৰা বৰষুণৰ ফলত হোৱা জলপ্ৰলয়ে প্ৰাণ কাঢ়িছে কমেও ১৫জন লোকৰ। ৰাজ্যখনৰ ইডুকী আৰু কোট্টায়াম জিলাত প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা ভূমিস্খলনত এইসকল লোকে প্ৰাণ হেৰুৱায়। ইতিমধ্যে ৰাজ্যখনত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

দেওবাৰ আৰু সোমবাৰে সবৰিমালা মন্দিৰ দৰ্শনৰ বাবে যাবলগীয়া ভগৱান আয়াপ্পাৰ ভক্তসকলক ভ্ৰমণৰ পৰা বাৰণ কৰা হৈছে। আক্ৰান্ত অঞ্চলবোৰত উদ্ধাৰ অভিযান চলাই থকা হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰাকৈ বৰষুণ হৈ থকাৰ ফলতে পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে। কেৰালাৰ পৰিস্থিতি অতি গভীৰভাৱে নিৰীক্ষণ কৰি থকা বুলি ব্যক্ত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, সকলো জৰুৰী ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু উদ্ধাৰকাৰী বাহিনীক কেৰালালৈ পঠিওৱা হৈছে। আমি কেৰালাৰ জনসাধাৰণৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।

ইফালে, পৰিস্থিতি সন্দপৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে এখন উচ্চস্তৰীয় বৈঠক অনুস্থিত কৰে আৰু ক্ষতিগ্ৰস্ত লোকসকলক নিৰাপদে উদ্ধাৰ কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক