--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘বৃক্ষমাতা’ আৰু নাই৷ ৮৬ বছৰ বয়সত এই পৃথিৱী এৰি অনন্তধামলৈ গতি কৰিলে পদ্মশ্ৰী তুলসী গৌড়াই৷ তেওঁ ৰোপণ কৰা লাখ লাখ গছ-গছনিয়ে যেন হেৰুৱালে মাতৃক।

গছৰ প্ৰতি থকা অত্যন্ত প্ৰেম আৰু সমৰ্পণৰ বাবে ‘বৃক্ষমাতা’ নামেৰে পৰিচিত আছিল তুলসী গৌড়া। 

প্ৰকৃতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তুলসীক ২০২১ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। যেতিয়া তুলসী গৌড়াই পদ্মশ্ৰীৰ দৰে সন্মানীয় বঁটা লাভ কৰিবলৈ ৰাষ্ট্ৰপতিৰ কাষ চাপিছিল, তেতিয়া তেওঁৰ সৰলতাই সকলোকে আকৰ্ষণ কৰিছিল। তেওঁ খালী ভৰিৰে, পৰম্পৰাগত জনজাতীয় সাজ-পোছাক পৰিধান কৰি পদ্ম বঁটা গ্ৰহণ কৰিবলৈ আহিছিল।

কৰ্ণাটকৰ হোনালী গাঁৱৰ বাসিন্দা তুলসী গৌড়াই কেতিয়াও স্কুললৈ যোৱা নাছিল কিন্তু অভিজ্ঞতাৰ জৰিয়তে গছ-গছনি আৰু বন-লতিকাৰ বিষয়ে ইমানেই জ্ঞান সংগ্ৰহ কৰিছিল যে তেওঁক ‘এনচাইক্লোপিডিয়া অৱ ফৰেষ্ট’ বুলি কোৱা হৈছিল।

শৈশৱত পিতৃৰ মৃত্যুৰ পাছত জীৱনৰ দুখ আৰু নিসংগতা অতিক্ৰম কৰিবলৈ তেওঁ প্ৰকৃতিক সংগী কৰি লৈছিল। কম বয়সতে বিয়া হোৱাৰ পিছত তেওঁ স্বামীকো চিৰদিনলৈ হেৰুৱাই প্ৰকৃতিৰ সৈতে সময় কটাইছিল। তুলসী গৌড়াই প্ৰায় ৬০ বছৰ পূৰ্বৰে গছ-গছনিৰ যত্ন ল’বলৈ আৰম্ভ কৰিছিল।

কৰ্ণাটকৰ হাল্কী জনগোষ্ঠীৰ অন্তৰ্গত তুলসী গৌড়াই সমগ্ৰ জীৱন গছৰ প্ৰতি উৎসৰ্গা কৰিছিল। তেওঁ আগতে কৈছিল, “গছ ৰোপণ কৰাটোৱেই ডাঙৰ কথা, কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সেই ৰোপণ কৰা গছবোৰৰ যত্ন লোৱা।”

তুলসী গৌড়াৰ মৃত্যুৱে এতিয়া শোকত ম্ৰিয়মান কৰি তুলিছে কৰ্ণাটকবাসীক। তেওঁৰ কৰ্ম আৰু জীৱনে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভাৰতক অনুপ্ৰাণিত কৰি থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ