ডিজিটেল ডেস্কঃ ‘বৃক্ষমাতা’ আৰু নাই৷ ৮৬ বছৰ বয়সত এই পৃথিৱী এৰি অনন্তধামলৈ গতি কৰিলে পদ্মশ্ৰী তুলসী গৌড়াই৷ তেওঁ ৰোপণ কৰা লাখ লাখ গছ-গছনিয়ে যেন হেৰুৱালে মাতৃক।
গছৰ প্ৰতি থকা অত্যন্ত প্ৰেম আৰু সমৰ্পণৰ বাবে ‘বৃক্ষমাতা’ নামেৰে পৰিচিত আছিল তুলসী গৌড়া।
প্ৰকৃতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তুলসীক ২০২১ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। যেতিয়া তুলসী গৌড়াই পদ্মশ্ৰীৰ দৰে সন্মানীয় বঁটা লাভ কৰিবলৈ ৰাষ্ট্ৰপতিৰ কাষ চাপিছিল, তেতিয়া তেওঁৰ সৰলতাই সকলোকে আকৰ্ষণ কৰিছিল। তেওঁ খালী ভৰিৰে, পৰম্পৰাগত জনজাতীয় সাজ-পোছাক পৰিধান কৰি পদ্ম বঁটা গ্ৰহণ কৰিবলৈ আহিছিল।
কৰ্ণাটকৰ হোনালী গাঁৱৰ বাসিন্দা তুলসী গৌড়াই কেতিয়াও স্কুললৈ যোৱা নাছিল কিন্তু অভিজ্ঞতাৰ জৰিয়তে গছ-গছনি আৰু বন-লতিকাৰ বিষয়ে ইমানেই জ্ঞান সংগ্ৰহ কৰিছিল যে তেওঁক ‘এনচাইক্লোপিডিয়া অৱ ফৰেষ্ট’ বুলি কোৱা হৈছিল।
শৈশৱত পিতৃৰ মৃত্যুৰ পাছত জীৱনৰ দুখ আৰু নিসংগতা অতিক্ৰম কৰিবলৈ তেওঁ প্ৰকৃতিক সংগী কৰি লৈছিল। কম বয়সতে বিয়া হোৱাৰ পিছত তেওঁ স্বামীকো চিৰদিনলৈ হেৰুৱাই প্ৰকৃতিৰ সৈতে সময় কটাইছিল। তুলসী গৌড়াই প্ৰায় ৬০ বছৰ পূৰ্বৰে গছ-গছনিৰ যত্ন ল’বলৈ আৰম্ভ কৰিছিল।
কৰ্ণাটকৰ হাল্কী জনগোষ্ঠীৰ অন্তৰ্গত তুলসী গৌড়াই সমগ্ৰ জীৱন গছৰ প্ৰতি উৎসৰ্গা কৰিছিল। তেওঁ আগতে কৈছিল, “গছ ৰোপণ কৰাটোৱেই ডাঙৰ কথা, কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সেই ৰোপণ কৰা গছবোৰৰ যত্ন লোৱা।”
তুলসী গৌড়াৰ মৃত্যুৱে এতিয়া শোকত ম্ৰিয়মান কৰি তুলিছে কৰ্ণাটকবাসীক। তেওঁৰ কৰ্ম আৰু জীৱনে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভাৰতক অনুপ্ৰাণিত কৰি থাকিব।