--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৫ বৰ্ষৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা আৰম্ভ হ’বলৈ মাজত মাথোঁ কেইটামান দিন বাকী। মহাকুম্ভ মেলাত বিভিন্ন স্থানৰ পৰা প্ৰয়াগৰাজত ভীৰ কৰিবহি। বাহিৰৰ পৰা অহা লোকসকলে তাত থাকিবলৈ অনলাইন মাধ্যমৰে হোটেল বুকিং কৰি আছে। শেহতীয়াকৈ হোটেল বুকিংৰ নামত বহু লোকক প্ৰতাৰণা কৰাৰ এটা গোচৰ পোহৰলৈ আহিছে। চাইবাৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰা পাছতে। ভুৱা ৱেবছাইট আৰু ভুৱা টেণ্ট বুকিংৰ পৰা মানুহ সাৱধান হ’ব বাবে আহ্বান জনাইছে প্ৰশাসনে।

কুম্ভমেলাৰ বাবে প্ৰয়াগৰাজলৈ অহা আৰু বিশেষকৈ হোটেল, লজ, ধৰ্মশালা বা তম্বু অনলাইন বুকিং কৰাসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান এনে বহু ৱেবছাইট চলি আছে যিয়ে হোটেল আৰু টেণ্ট বুকিঙৰ নামত মানুহক প্ৰতাৰণা কৰি আহিছে।

সমগ্ৰ বিশ্বৰ পৰা অহা ভক্তসকলৰ নামত ভুৱা ৱেবছাইটত  বুকিংকৰি প্ৰতাৰণা কৰা হৈছে বুলি প্ৰয়াগৰাজৰ বহু বৃহৎ হোটেলে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। ডাঙৰ ডাঙৰ হোটেল আৰু তম্বু নিৰ্মাতাসকলৰ কেৱল নাম ব্যৱহাৰ কৰাই নহয়, QR ক’ডৰ জৰিয়তেও প্ৰতাৰণা কৰাৰ প্ৰয়াস কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে এনেধৰণৰ ৪৪টা ৱেবছাইট দৃষ্টিত ৰাখিছে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা অব্যাহত আছে। ইতিমধ্যে আৰক্ষীয়ে তদন্তৰ অন্তত ৫৪টা ৱেবছাইট বন্ধ কৰিছে।

চাইবাৰ আৰক্ষীয়ে সদৰি কৰা অনুসৰি মহানগৰখনৰ ৫০খনতকৈও অধিক হোটেলৰ নামত ভুৱা ৱেবছাইট চলোৱা হৈছে, যাৰ জৰিয়তে মানুহক প্ৰতাৰণা কৰাৰ চেষ্টা কৰা হৈছে। ৱেবছাইটৰ বাহিৰেও এই অপৰাধীসকলেও ভুৱা ফোন নম্বৰ ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান সময়ত এই সমগ্ৰ জালিয়াতিৰ চক্ৰটো কিমান স্তৰত উপনীত হৈছে সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে আৰু সতৰ্ক হ’বলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু