--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৫ বৰ্ষৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা আৰম্ভ হ’বলৈ মাজত মাথোঁ কেইটামান দিন বাকী। মহাকুম্ভ মেলাত বিভিন্ন স্থানৰ পৰা প্ৰয়াগৰাজত ভীৰ কৰিবহি। বাহিৰৰ পৰা অহা লোকসকলে তাত থাকিবলৈ অনলাইন মাধ্যমৰে হোটেল বুকিং কৰি আছে। শেহতীয়াকৈ হোটেল বুকিংৰ নামত বহু লোকক প্ৰতাৰণা কৰাৰ এটা গোচৰ পোহৰলৈ আহিছে। চাইবাৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰা পাছতে। ভুৱা ৱেবছাইট আৰু ভুৱা টেণ্ট বুকিংৰ পৰা মানুহ সাৱধান হ’ব বাবে আহ্বান জনাইছে প্ৰশাসনে।

কুম্ভমেলাৰ বাবে প্ৰয়াগৰাজলৈ অহা আৰু বিশেষকৈ হোটেল, লজ, ধৰ্মশালা বা তম্বু অনলাইন বুকিং কৰাসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান এনে বহু ৱেবছাইট চলি আছে যিয়ে হোটেল আৰু টেণ্ট বুকিঙৰ নামত মানুহক প্ৰতাৰণা কৰি আহিছে।

সমগ্ৰ বিশ্বৰ পৰা অহা ভক্তসকলৰ নামত ভুৱা ৱেবছাইটত  বুকিংকৰি প্ৰতাৰণা কৰা হৈছে বুলি প্ৰয়াগৰাজৰ বহু বৃহৎ হোটেলে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। ডাঙৰ ডাঙৰ হোটেল আৰু তম্বু নিৰ্মাতাসকলৰ কেৱল নাম ব্যৱহাৰ কৰাই নহয়, QR ক’ডৰ জৰিয়তেও প্ৰতাৰণা কৰাৰ প্ৰয়াস কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে এনেধৰণৰ ৪৪টা ৱেবছাইট দৃষ্টিত ৰাখিছে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা অব্যাহত আছে। ইতিমধ্যে আৰক্ষীয়ে তদন্তৰ অন্তত ৫৪টা ৱেবছাইট বন্ধ কৰিছে।

চাইবাৰ আৰক্ষীয়ে সদৰি কৰা অনুসৰি মহানগৰখনৰ ৫০খনতকৈও অধিক হোটেলৰ নামত ভুৱা ৱেবছাইট চলোৱা হৈছে, যাৰ জৰিয়তে মানুহক প্ৰতাৰণা কৰাৰ চেষ্টা কৰা হৈছে। ৱেবছাইটৰ বাহিৰেও এই অপৰাধীসকলেও ভুৱা ফোন নম্বৰ ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান সময়ত এই সমগ্ৰ জালিয়াতিৰ চক্ৰটো কিমান স্তৰত উপনীত হৈছে সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে আৰু সতৰ্ক হ’বলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ