--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২৮ ফেব্ৰুৱাৰীৰ পৰা এক দুর্বিষহ জীৱন কটাইছে ইৰানী জনতাই। যুদ্ধ আৰম্ভ হোৱাৰ দিনাৰ পৰাই যোৱা প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ।

ডিজিটেল ডেস্ক: সমগ্র বিশ্বক পদানত কৰিব বিচৰা যুদ্ধোন্মাদ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ যুদ্ধ নীতিত ক্ষতিগ্রস্ত হৈছে সাধাৰণ জনজীৱন। ইৰানৰ সম্পদ গ্ৰাস কৰাৰ বাবে ইজৰাইলৰে মিলি ট্রাম্প বাহিনীয়ে ইৰানত চলোৱা আক্ৰমণত সাধাৰণ জনতাই দিক্-বিদিক্ হেৰুৱাই পেলাইছে। 


২৮ ফেব্ৰুৱাৰীৰ পৰা এক দুর্বিষহ জীৱন কটাইছে ইৰানী জনতাই। যুদ্ধ আৰম্ভ হোৱাৰ দিনাৰ পৰাই যোৱা প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ। যাৰ ফলত ছাত্র-ছাত্ৰীসকলক ঘৰৰ পৰাই 'অনলাইন ক্লাছ' যোগে পাঠদান কৰি থকা হৈছে। কিন্তু তাতো আহি পৰিছে না না সমস্যা। কাৰণ চাকৰি কৰা পিতৃ-মাতৃয়ে এফালে সন্তান চম্ভালিব লগা হৈছে আৰু আনফালে একে সময়তে কার্যালয়তো সময় দিব লগা হৈছে। 


বৰ্তমান আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধ বন্ধ আছে যদিও এক ভীতিগ্রস্ত পৰিৱেশ ইৰানৰ সাধাৰণ জনতাৰ মাজত এতিয়াও বর্তি আছে। তথ্য অনুসৰি, আমেৰিকাৰ আক্ৰমণত ইৰানত বর্তমানলৈকে প্রায় ৩০০০ লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ১৬৫জনৰ মৃত্যু হৈছিল এখন প্রাথমিক বিদ্যালয়ত মার্কিন বিমান আক্রমণত। যাৰ ফলত দেশখনত বিদ্যালয়সমূহ খুলিবলৈ আৰু লগতে অভিভাৱকে বিদ্যালয়লৈ নিজৰ সন্তানক পঠাবলৈও ভয় খাব লগা হৈছে। 


তাৰ মাজতেই উপায়বিহীন হৈ বহু চাকৰিজীৱীয়ে সন্তানক ঘৰত অকলে থ'বলৈ ভয় খাই কার্যালয়লৈ লৈ যাব লগা হৈছে। ইফালে, বহু পিতৃ-মাতৃয়ে আমেৰিকাৰ বিমান আক্ৰমণৰ পৰা সন্তানক ৰক্ষা কৰাৰ বাবে তেহৰান এৰি আন ঠাইত আশ্রয় লৈছেগৈ।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু