--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২৮ ফেব্ৰুৱাৰীৰ পৰা এক দুর্বিষহ জীৱন কটাইছে ইৰানী জনতাই। যুদ্ধ আৰম্ভ হোৱাৰ দিনাৰ পৰাই যোৱা প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ।

ডিজিটেল ডেস্ক: সমগ্র বিশ্বক পদানত কৰিব বিচৰা যুদ্ধোন্মাদ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ যুদ্ধ নীতিত ক্ষতিগ্রস্ত হৈছে সাধাৰণ জনজীৱন। ইৰানৰ সম্পদ গ্ৰাস কৰাৰ বাবে ইজৰাইলৰে মিলি ট্রাম্প বাহিনীয়ে ইৰানত চলোৱা আক্ৰমণত সাধাৰণ জনতাই দিক্-বিদিক্ হেৰুৱাই পেলাইছে। 


২৮ ফেব্ৰুৱাৰীৰ পৰা এক দুর্বিষহ জীৱন কটাইছে ইৰানী জনতাই। যুদ্ধ আৰম্ভ হোৱাৰ দিনাৰ পৰাই যোৱা প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ। যাৰ ফলত ছাত্র-ছাত্ৰীসকলক ঘৰৰ পৰাই 'অনলাইন ক্লাছ' যোগে পাঠদান কৰি থকা হৈছে। কিন্তু তাতো আহি পৰিছে না না সমস্যা। কাৰণ চাকৰি কৰা পিতৃ-মাতৃয়ে এফালে সন্তান চম্ভালিব লগা হৈছে আৰু আনফালে একে সময়তে কার্যালয়তো সময় দিব লগা হৈছে। 


বৰ্তমান আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধ বন্ধ আছে যদিও এক ভীতিগ্রস্ত পৰিৱেশ ইৰানৰ সাধাৰণ জনতাৰ মাজত এতিয়াও বর্তি আছে। তথ্য অনুসৰি, আমেৰিকাৰ আক্ৰমণত ইৰানত বর্তমানলৈকে প্রায় ৩০০০ লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ১৬৫জনৰ মৃত্যু হৈছিল এখন প্রাথমিক বিদ্যালয়ত মার্কিন বিমান আক্রমণত। যাৰ ফলত দেশখনত বিদ্যালয়সমূহ খুলিবলৈ আৰু লগতে অভিভাৱকে বিদ্যালয়লৈ নিজৰ সন্তানক পঠাবলৈও ভয় খাব লগা হৈছে। 


তাৰ মাজতেই উপায়বিহীন হৈ বহু চাকৰিজীৱীয়ে সন্তানক ঘৰত অকলে থ'বলৈ ভয় খাই কার্যালয়লৈ লৈ যাব লগা হৈছে। ইফালে, বহু পিতৃ-মাতৃয়ে আমেৰিকাৰ বিমান আক্ৰমণৰ পৰা সন্তানক ৰক্ষা কৰাৰ বাবে তেহৰান এৰি আন ঠাইত আশ্রয় লৈছেগৈ।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ