--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিপিএফৰ ১১জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা৷ ৰাজনীতিলৈ আহিল হাগ্ৰামাৰ পত্নী৷ টিকটৰ পৰা বাদ প্ৰমিলা ৰাণী ব্ৰহ্ম৷

ডিজিটেল ডেস্ক: প্ৰমিলা ৰাণী আউট, হাগ্ৰামা পত্নীৰ অভিষেক৷ ১১প্ৰাৰ্থীৰে বিটিচিত হাগ্ৰামাৰ যুঁজ আৰম্ভ৷ বিটিচিত ৰাজনৈতিক উত্তাপ বৃদ্ধি৷


বিপিএফৰ ১১জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা৷ ৰাজনীতিলৈ আহিল হাগ্ৰামাৰ পত্নী৷ টিকটৰ পৰা বাদ প্ৰমিলা ৰাণী ব্ৰহ্ম৷


১১সমষ্টিতে বৃহৎ জয়ৰ দাবী হাগ্ৰামা মহিলাৰীৰ৷ কোনে দখল কৰিব বিটিচি? তাকে লৈ জল্পনা-কল্পনাৰ অন্ত নাই৷ 


ৰাজ্যত বিধানসভা নিৰ্বাচন সমাগত, ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰস্তুতি, মিলাইছে মিত্ৰতাৰ অংক। প্ৰাৰ্থী নিৰ্বাচন আৰু জনমত গঢ়াৰ যুদ্ধ বৰ্তমান হৈ পৰিছে তীব্ৰতৰ। আজি পুৱাই গৰম কোকৰাঝাৰৰ ৰাজনৈতিক পৰিৱেশ। বিটিচিত আগন্তুক নিৰ্বাচনক লৈ প্ৰস্তুতি তুংগত। তাৰমাজতে হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে বিপিএফৰ ১১জনীয়া প্ৰাৰ্থী তালিকা অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনত অভিষেক ঘটিব হাগ্ৰামাৰ পত্নীৰ। সেই অনুসৰি কোকৰাঝাৰ সমষ্টিত হাগ্ৰামাৰ পত্নী শিউলী মহিলাৰীয়ে লাভ কৰিছে প্ৰাৰ্থিত্ব৷


চাও আহক ১১জনীয়া প্ৰাৰ্থী তালিকা


কোকৰাঝাৰ- শিউলী মহিলাৰী


গোসাঁইগাঁও- শোভাৰাম বসুমতাৰী


দোতমা- ৰবিৰাম নাৰ্জাৰী


বাওখুংগ্ৰী- ৰূপম ৰায়


পৰ্বতঝোৰাত- ড° ৰেজাউল কৰিম


চিদলী চিৰাং- পানীৰাম ব্ৰহ্ম


মানাস- থানেশ্বৰ বসুমতাৰী


বাগছা- মনেশ্বৰ ব্ৰহ্ম


ভেৰগাঁও- মহেশ্বৰ বড়ো


ওদালগুৰি- ৰিহন দৈমাৰী


মাজবাট- চৰণ বড়ো


এই ১১টা সমষ্টিতে বিপিএফে বৃহৎ জয় সাব্যস্ত কৰিব বুলিও দৃঢ় মন্তব্য আগবঢ়াইছে হাগ্ৰামা মহিলাৰীয়ে। ইফালে টিকটৰ পৰা বাদ পৰিল প্ৰমিলা ৰাণী ব্ৰহ্ম।পাঁচবাৰকৈ কোকৰাঝাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম এইবাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাত ৰাজনৈতিক মহলত চৰ্চা তীব্ৰ হৈছে। উল্লেখযোগ্য যে, বিটিচিৰ বাহিৰত বিপিএফ দলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰে। সেয়েহে এই ১১ টা সমষ্টি দলটোৰ বাবে অতি গুৰুত্বপূর্ণ বুলি গণ্য কৰা হৈছে। এই প্ৰাৰ্থী তালিকাই কিমান প্ৰভাৱ পেলাব ভোটাৰৰ ওপৰত আৰু আগন্তুক নিৰ্বাচনত কোন দলে দখল কৰিব বিটিচি, সেয়া হ’ব যথাসময়ত লক্ষ্যনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ