--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক কিলোমিটাৰ মানেই কিমান দূৰ কল্পনা কৰি চাওঁকচোন। সেই দূৰত্ব যদি ডেৰ কিলোমিটাৰ হয় আৰু ঠিক তেনে দূৰত্বৰ সমানে উলম্ব ভাবে এটা অট্টালিকা নিৰ্মাণ কৰা হয় তেন্তে ,সেয়া কিমান ওখ হ’ব ভাবিবলৈও কিছু থমকি ৰ’বলগীয়া হ’ব। কিন্তু প্ৰায় ডেৰ কিলোমিটাৰ উচ্চতাৰেই এটা অট্টালিকা নিৰ্মাণ হ’ব জাপানত। 

এই অট্টালিকাটোৱেই হ’ব বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা।  ডুবাইৰ বুৰ্জ খলিফা বা পেৰিছৰ আইফেল টাৱাৰতকৈও বহু গুণে ওখ এই অট্টালিকাটোৰ নাম ৰখা হৈছে 'স্কাই মাইল টাৱাৰ'। জাপানৰ  টকিঅ' চহৰৰ সাগৰৰ মাজত নিৰ্মাণ কৰা হ’ব বিশ্বৰ আটাইতকৈ ওখ অট্টালিকাটো ।

'নেক্সট টকিঅ' ২০৪৫' পৰিকল্পনাৰ অধীনত 'স্কাই মাইল টাৱাৰ' নিৰ্মাণ কৰা হ’ব। ইয়াৰ উচ্চতা হ’ব ১,৭০০ মিটাৰ (৫,৫৭৭ ফুট)। উচ্চতাৰ ক্ষেত্ৰত, বুৰ্জ খলিফা আৰু আইফেল টাৱাৰেও ইয়াৰ সৈতে ফেৰ মাৰিব নোৱাৰিব। জানিব পৰা মতে এই ভৱনটো বুৰ্জ খলিফাৰ উচ্চতাৰ দুগুণ আৰু আইফেল টাৱাৰৰ উচ্চতাৰ পাঁচগুণ।


বিশ্বৰ অন্যতম আগশাৰীৰ স্থাপত্য নিৰ্মাণ কোম্পানী ক'ন পেডাৰ্চেন ফক্স এছ'চিয়েটছে টকিঅ'ত  এই ভৱনটো নিৰ্মাণ কৰিব।  কোম্পানীটোৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত অৱস্থিত।টকিঅ'ত ইমান ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিবলৈ কোনো মাটি  নাছিল। গতিকে টকিঅ'ৰ উপসাগৰীয় অঞ্চলত এটা কৃত্ৰিম দ্বীপপুঞ্জ নিৰ্মাণ কৰা হ'ব আৰু এই টাৱাৰটো ইয়াৰ ঠিক মাজতে নিৰ্মাণ কৰা হ'ব, ঠিক ডুবাইৰ বুৰ্জ আল আৰৱৰ দৰে। পৰিকল্পনা অনুসৰি, নিৰ্মাণ ২০৩০ চনৰ পৰা আৰম্ভ হ'ব। কোম্পানীটোৱে ঘোষণা কৰিছে যে ই ২০৪৫ চনৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব।

এই অট্টালিকাত একেলগে ৫৫ হাজাৰ  লোকে  বাস কৰিব পাৰিব। অৱশ্যে, সাগৰৰ মাজত এনে এটা উচ্চ অট্টালিকা নিৰ্মাণ কৰিবলৈ যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব।

ভৱনটো এনেদৰে ডিজাইন কৰা হৈছে  যে উচ্চতা বেছি হোৱাৰ বাবে তীব্ৰ বতাহ বা ধুমুহাই ইয়াৰ ক্ষতি কৰিব নোৱাৰে। সেইবাবে  ভৱনটো ষড়ভুজৰ আকৃতিত নিৰ্মাণ কৰা হ'ব। 

ফলস্বৰূপে গোটেই ভৱনটোৱে বায়ু প্ৰতিৰোধী হিচাপে কাম কৰিব।  ৪২১ টা  মহলা থাকিবলগীয়া টাৱাৰৰ ওপৰৰ মহলাত পানী যোগান ধৰাটো  এটা গুৰুতৰ সমস্যা হৈ থিয় দিব। ইয়াৰ সমাধান হিচাবে  ভৱনটোৰ মাজত পানী সংৰক্ষণ কৰিবলৈ  বিশেষ জল ভাণ্ডাৰ সজা হ'ব। 

টাৱাৰটোত ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ কৰি  জিম, শ্বপিং মল, চিকিৎসালয়, হোটেল, পুথিভঁৰাললৈকে সকলো সুবিধাই থাকিব। অৰ্থাৎ, যিসকলে ইয়াত বাস কৰিব  তেওঁলোকে যাতে হাতৰ কাষতে সকলো সুবিধা লাভ কৰে তাৰ ব্যৱস্থা কৰা হ’ব। এক কথাত ক’বলৈ গ’লে 'স্কাই মাইল টাৱাৰ' হ’ব বিশ্বৰ আধুনিক প্ৰযুক্তিৰ এক অন্যতম নিদৰ্শন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ