--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : মুখ্যমন্ত্ৰী হৈ থাকিবলৈ এই যুঁজখনত জয়ী হ’বই লাগিব মমতা বেনাৰ্জী। বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰু্দ্ধে তৃণমূলে চমকপ্ৰদ জয় সাব্যস্ত কৰিলেও বিজেপি প্ৰাৰ্থী তথা একালৰ তেওঁৰে সহযোগী শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছিল মমতা বেনাৰ্জী। নন্দীগ্ৰাম হাতৰ পৰা হেৰুওৱালেও তৃণমূলৰ মুৰব্বীগৰাকীৰ বাবে মুখ্যমন্ত্ৰীৰ আসন অসুৰক্ষিত হোৱাৰ কোনো প্ৰশ্নই নাছিল।

কিন্তু ৰীতিমতে তেওঁ উপ-নিৰ্বাচনৰ জৰিয়তে কোনো এটা সমষ্টিৰ পৰা বিজয়ী হৈ আহিব লাগিব। গাদী অটুট ৰখাৰ যুঁজত অৱতীৰ্ণ হ’বলৈ মমতা বেনাৰ্জীয়ে বাছি লৈছে ভবানীপুৰ সমষ্টি। কিন্তু কথা হৈছে যে, এইবাৰ মমতাৰ বাট ভেটিবলৈ বিজেপিয়ে সাজু কৰিছে কাক? বিজেপিয়ে আনু্ষ্ঠানিকভাৱে কাৰো নাম ঘোষণা কৰা নাই যদিও এটা নাম এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। জল্পনা অনুসৰি ভবানীপুৰত বিজেপিৰ হৈ মমতাৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰিব প্ৰিয়ংকা তিব্ৰেৱালে। উচ্চ ন্যায়ালয়ক অধিবক্তাগৰাকীয়ে ভবানীপুৰত মমতাৰ বিৰুদ্ধে প্ৰতিদ্বিন্দ্বিতা কৰাৰ সম্ভৱনা আছে। উল্লেখ্য যে, এইগৰাকী প্ৰিয়ংকা তিব্ৰেৱালে ২০১৪ চনত বিজেপি নেতা তথা সাংসদ বাবুল সুপ্ৰিয়ৰ আইনী পৰামৰ্শদাতা হিচাপে বিজেপিত যোগ দিছিল। তেওঁ বিজেপিৰ যুৱ-মৰ্চাৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছিল।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁক এণ্টালি সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব দিছিল যদি তেওঁ ৫৮হাজাৰ ভোটত তৃণমূলৰ স্বৰ্ণকমল সাহাৰ হাতত পৰাজিত হয়। এতিয়া তেৱেঁই ভবানীপুৰত মমতাৰ বিৰুদ্ধে একপ্ৰকাৰ এখন অসম্ভৱ যুঁজত অৱতীৰ্ণ হ’ব। দলে এই সন্দৰ্ভত এতিয়াই মুখ খুলিবলৈ ৰাজি নহয় যদিও প্ৰিয়ংকাই প্ৰকাশ কৰিছে যে, দলৰ ফালৰ পৰা এই সম্পৰ্কত তেওঁৰ মতামত জানিব বিচাৰিছে। দলে ভবানীপুৰত তেওঁক প্ৰাৰ্থিত্ব দিলে তেওঁ তাত যুঁজ দিবলৈ প্ৰস্তুত বুলিও প্ৰকাশ কৰে। ইয়াক ন্যায় বনাম অন্যায়ৰ যুঁজ বুলি অভিহিত কৰি জনগণে তেওঁক সমৰ্থন দিব বুলিও তেওঁ আশা কৰে। নিৰ্বাচনোত্তৰ হিংসাৰ পাছত এইখনেই তেওঁৰ বাবে যুঁজৰ ক্ষেত্ৰ হ’ব বুলিও তেওঁ মন্তব্য কৰে। বিশাল বিজেপি বাহিনীক অকলেই প্ৰতিহত কৰা মমতা বেনাৰ্জীৰ বিৰুদ্ধে যুঁজ দি জয়ী হোৱাটো এতিয়া অসম্ভৱ স্বপ্ন যেন বোধ হ’লেও এই যুঁজৰ বাবে আগুৱাই অহা বাবেই চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে প্ৰিয়ংকা তিব্ৰেৱাল। উল্লেখ্য যে, ৩০ ছেপ্টেম্বৰত ভবানীপুৰ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক