--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : মুখ্যমন্ত্ৰী হৈ থাকিবলৈ এই যুঁজখনত জয়ী হ’বই লাগিব মমতা বেনাৰ্জী। বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰু্দ্ধে তৃণমূলে চমকপ্ৰদ জয় সাব্যস্ত কৰিলেও বিজেপি প্ৰাৰ্থী তথা একালৰ তেওঁৰে সহযোগী শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছিল মমতা বেনাৰ্জী। নন্দীগ্ৰাম হাতৰ পৰা হেৰুওৱালেও তৃণমূলৰ মুৰব্বীগৰাকীৰ বাবে মুখ্যমন্ত্ৰীৰ আসন অসুৰক্ষিত হোৱাৰ কোনো প্ৰশ্নই নাছিল।

কিন্তু ৰীতিমতে তেওঁ উপ-নিৰ্বাচনৰ জৰিয়তে কোনো এটা সমষ্টিৰ পৰা বিজয়ী হৈ আহিব লাগিব। গাদী অটুট ৰখাৰ যুঁজত অৱতীৰ্ণ হ’বলৈ মমতা বেনাৰ্জীয়ে বাছি লৈছে ভবানীপুৰ সমষ্টি। কিন্তু কথা হৈছে যে, এইবাৰ মমতাৰ বাট ভেটিবলৈ বিজেপিয়ে সাজু কৰিছে কাক? বিজেপিয়ে আনু্ষ্ঠানিকভাৱে কাৰো নাম ঘোষণা কৰা নাই যদিও এটা নাম এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। জল্পনা অনুসৰি ভবানীপুৰত বিজেপিৰ হৈ মমতাৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰিব প্ৰিয়ংকা তিব্ৰেৱালে। উচ্চ ন্যায়ালয়ক অধিবক্তাগৰাকীয়ে ভবানীপুৰত মমতাৰ বিৰুদ্ধে প্ৰতিদ্বিন্দ্বিতা কৰাৰ সম্ভৱনা আছে। উল্লেখ্য যে, এইগৰাকী প্ৰিয়ংকা তিব্ৰেৱালে ২০১৪ চনত বিজেপি নেতা তথা সাংসদ বাবুল সুপ্ৰিয়ৰ আইনী পৰামৰ্শদাতা হিচাপে বিজেপিত যোগ দিছিল। তেওঁ বিজেপিৰ যুৱ-মৰ্চাৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছিল।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁক এণ্টালি সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব দিছিল যদি তেওঁ ৫৮হাজাৰ ভোটত তৃণমূলৰ স্বৰ্ণকমল সাহাৰ হাতত পৰাজিত হয়। এতিয়া তেৱেঁই ভবানীপুৰত মমতাৰ বিৰুদ্ধে একপ্ৰকাৰ এখন অসম্ভৱ যুঁজত অৱতীৰ্ণ হ’ব। দলে এই সন্দৰ্ভত এতিয়াই মুখ খুলিবলৈ ৰাজি নহয় যদিও প্ৰিয়ংকাই প্ৰকাশ কৰিছে যে, দলৰ ফালৰ পৰা এই সম্পৰ্কত তেওঁৰ মতামত জানিব বিচাৰিছে। দলে ভবানীপুৰত তেওঁক প্ৰাৰ্থিত্ব দিলে তেওঁ তাত যুঁজ দিবলৈ প্ৰস্তুত বুলিও প্ৰকাশ কৰে। ইয়াক ন্যায় বনাম অন্যায়ৰ যুঁজ বুলি অভিহিত কৰি জনগণে তেওঁক সমৰ্থন দিব বুলিও তেওঁ আশা কৰে। নিৰ্বাচনোত্তৰ হিংসাৰ পাছত এইখনেই তেওঁৰ বাবে যুঁজৰ ক্ষেত্ৰ হ’ব বুলিও তেওঁ মন্তব্য কৰে। বিশাল বিজেপি বাহিনীক অকলেই প্ৰতিহত কৰা মমতা বেনাৰ্জীৰ বিৰুদ্ধে যুঁজ দি জয়ী হোৱাটো এতিয়া অসম্ভৱ স্বপ্ন যেন বোধ হ’লেও এই যুঁজৰ বাবে আগুৱাই অহা বাবেই চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে প্ৰিয়ংকা তিব্ৰেৱাল। উল্লেখ্য যে, ৩০ ছেপ্টেম্বৰত ভবানীপুৰ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান