ডিজিটেল ডেস্ক: প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাক ভাৰতৰ পৰা প্রত্যর্পণৰ বাবে সকলোখিনি আইনী প্রক্রিয়া সম্পন্ন কৰিলে বাংলাদেশে। এই মন্তব্য প্রকাশ কৰিছে বাংলাদেশৰ আইন মন্ত্ৰী মহম্মদ আছাদুজ্জামানে। তেওঁ কয় যে ভাৰত-বাংলাদেশ প্রত্যর্পণ চুক্তি অনুসৰি হাছিনাৰ প্ৰত্যর্পণৰ বাবে প্রয়োজনীয় সকলোখিনি কাম দেশখনে সম্পন্ন কৰিছে। কিন্তু ভাৰতে কি কৰে সেয়া ভাৰতৰ কথা বুলিও তেওঁ প্রকাশ কৰে।
উল্লেখযোগ্য যে ২০২৪ চনত বাংলাদেশৰ ছাত্ৰ প্ৰতিবাদত সেও মানি প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰিছিল শ্বেখ হাছিনাই। তাৰ পাছতে তেওঁ ভাৰতলৈ আহি ৰাজনৈতিক আশ্রয় গ্রহণ কৰে। বাংলাদেশৰ আদালতে ইতিমধ্যেই প্ৰাক্তন প্রধানমন্ত্রীক মৃত্যুদণ্ডৰ আদেশ দি থৈছে আৰু চুবুৰীয়া দেশখনে হাছিনাক প্রত্যর্পণৰ বাবে বহুবাৰ ভাৰতক আহ্বান জনাইছে।
শেহতীয়াকৈ শ্বেখ হাছিনাই ডিচেম্বৰত নিজ দেশলৈ ঘূৰি যাব বুলি কৰা মন্তব্যৰ পাছতে বিষয়টো পুনৰ চৰ্চালৈ আহিছে। হাছিনাক নিজ দেশলৈ প্ৰেৰণৰ ক্ষেত্রত বাংলাদেশ চৰকাৰৰ ওচৰত ভাৰতে শুকুৰবাৰে দুটা চৰ্ত বান্ধি দিছিল। ইয়াৰ পাছতে দেওবাৰে বাংলাদেশে প্রকাশ কৰে যে হাছিনাৰ প্রত্যর্পণৰ ক্ষেত্ৰত সকলো আইনী প্রক্রিয়া সম্পন্ন কৰিছে দেশখনে।
উৎস: দৈনিক জনমভূমি