--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা মেৰুটৰ লোহিয়া নগৰ অঞ্চলৰ এটা ঘৰত হোৱা বিস্ফোৰণত ৪ জন লোকৰ মৃত্যু হয়। বিষয়াসকলৰ মতে, এই বিস্ফোৰণত ৫ জন লোক আহত হোৱাৰ লগতে চিকিৎসাৰ সময়ত ৪ জন লোকৰ মৃত্যু হয়।

ঘটনাস্থলীত উপস্থিত হৈ জিলা দণ্ডাধীশ দীপক মীনাই কয়, ''এই ঘটনাত ৫জন লোক আহত হয়, ইয়াৰে চাৰিজনৰ চিকিৎসালয়ত চিকিৎসাৰ সময়ত মৃত্যু হয়। সকলো পুৰুষ আৰু প্ৰাপ্তবয়স্ক। তেওঁলোকৰ চিনাক্তকৰণৰ বাবে এতিয়াও কোনো আগবাঢ়ি অহা নাই। এনে লাগে যেন এইসকল লোক কাৰখানাৰ শ্ৰমিক আছিল যিয়ে বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল।''

জিলা দণ্ডাধীশগৰাকীয়ে জানিবলৈ দিয়া মতে, সেই স্থানৰ পৰাই চাবোন তৈয়াৰ কৰা সামগ্ৰী আৰু চাবোনৰ মজুত পোৱা গৈছে, যাৰ বাবে চাবোন বনোৱা বা চাবোন পেকিং আদিৰ কাম ইয়াতেই কৰা যেন লাগে।

জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰোহিত সিং সাজৱানে জানিবলৈ দিয়া মতে, লোহিয়া নগৰ থানা এলেকাৰ দুমহলীয়া অট্টালিকাত সংঘটিত হৈছে এই ঘটনা। এছ এছ পিয়ে জনোৱা মতে, এই অট্টালিকাৰ তলত এটা চাবোন নিৰ্মাণ কাৰখানা আছিল, য’ত আজি পুৱা বিস্ফোৰণ ঘটি তাৰ পিছত ঘৰৰ চাল ভাঙি যায়। তেওঁৰ মতে, এই দুৰ্ঘটনাত ৫ জন লোকক ধ্বংসাৱশেষৰ তলত পোত খাই যায়।

এছ এছ পিয়ে কয় যে এই ঘটনাৰ কাৰণ তদন্ত অব্যাহত আছে। সেই স্থানৰ পৰা চাবোন প্ৰস্তুত কৰা ৰাসায়নিক পদাৰ্থ উদ্ধাৰ কৰা হৈছে বুলি এছ এছ পিয়ে জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ