--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা মেৰুটৰ লোহিয়া নগৰ অঞ্চলৰ এটা ঘৰত হোৱা বিস্ফোৰণত ৪ জন লোকৰ মৃত্যু হয়। বিষয়াসকলৰ মতে, এই বিস্ফোৰণত ৫ জন লোক আহত হোৱাৰ লগতে চিকিৎসাৰ সময়ত ৪ জন লোকৰ মৃত্যু হয়।

ঘটনাস্থলীত উপস্থিত হৈ জিলা দণ্ডাধীশ দীপক মীনাই কয়, ''এই ঘটনাত ৫জন লোক আহত হয়, ইয়াৰে চাৰিজনৰ চিকিৎসালয়ত চিকিৎসাৰ সময়ত মৃত্যু হয়। সকলো পুৰুষ আৰু প্ৰাপ্তবয়স্ক। তেওঁলোকৰ চিনাক্তকৰণৰ বাবে এতিয়াও কোনো আগবাঢ়ি অহা নাই। এনে লাগে যেন এইসকল লোক কাৰখানাৰ শ্ৰমিক আছিল যিয়ে বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল।''

জিলা দণ্ডাধীশগৰাকীয়ে জানিবলৈ দিয়া মতে, সেই স্থানৰ পৰাই চাবোন তৈয়াৰ কৰা সামগ্ৰী আৰু চাবোনৰ মজুত পোৱা গৈছে, যাৰ বাবে চাবোন বনোৱা বা চাবোন পেকিং আদিৰ কাম ইয়াতেই কৰা যেন লাগে।

জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰোহিত সিং সাজৱানে জানিবলৈ দিয়া মতে, লোহিয়া নগৰ থানা এলেকাৰ দুমহলীয়া অট্টালিকাত সংঘটিত হৈছে এই ঘটনা। এছ এছ পিয়ে জনোৱা মতে, এই অট্টালিকাৰ তলত এটা চাবোন নিৰ্মাণ কাৰখানা আছিল, য’ত আজি পুৱা বিস্ফোৰণ ঘটি তাৰ পিছত ঘৰৰ চাল ভাঙি যায়। তেওঁৰ মতে, এই দুৰ্ঘটনাত ৫ জন লোকক ধ্বংসাৱশেষৰ তলত পোত খাই যায়।

এছ এছ পিয়ে কয় যে এই ঘটনাৰ কাৰণ তদন্ত অব্যাহত আছে। সেই স্থানৰ পৰা চাবোন প্ৰস্তুত কৰা ৰাসায়নিক পদাৰ্থ উদ্ধাৰ কৰা হৈছে বুলি এছ এছ পিয়ে জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু