--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিংসা বিধ্বস্ত মণিপুৰলৈ শান্তি উভতি অহাৰ পিছতে কিছুদিন পূৰ্বে ৰাজ্য খনত মুকলি কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা। কিন্তু শেহতীয়াকৈ ৰাজ্য খনৰ পৰিস্থিতি পুনৰ অশান্ত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য খনত আকৌ বন্ধ হৈ পৰিছে ইণ্টাৰনেট সেৱা।   মেইটেই আৰু কুকি গোটৰ সংঘৰ্ষৰ  এতিয়া ছমাহ পূৰ্ণ হৈছে। 

ইয়াৰ মাজতে সময়ে সময়ে ৰাজ্যখনৰ পৰা বিভিন্ন বিতৰ্কিত ভিডিঅ' পোহৰলৈ আহিছে। ফলস্বৰূপে পুনৰ বহু ঠাইত  হিংসাৰ জুই জ্বলি উঠিছে। এনে পৰিস্থিতিত  মণিপুৰৰ চৰকাৰে   নতুন সংঘৰ্ষ প্ৰতিহত কৰিবলৈ আৰু কেইদিনমানৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।  শেহতীয়াকৈ  মণিপুৰৰ চৰকাৰে এই সন্দৰ্ভত এখন জাননী জাৰি কৰিছে। মণিপুৰৰ ডিজিপিয়ে হিংসাত্মক ঘটনা, জনপ্ৰতিনিধিৰ ঘৰত আক্ৰমণ, নিৰাপত্তা বাহিনী আৰু অসামৰিক লোকৰ মাজত সংঘৰ্ষ, আৰক্ষী থানা ঘেৰাও তথা অন্যান্য ঘটনাৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে।

 ফলস্বৰূপে নতুন সংঘৰ্ষ প্ৰতিৰোধ কৰিবলৈ পুনৰ  ইণ্টাৰনেট সেৱা ২১  অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী চৰকাৰী বিষয়াই কয়  "ইণ্টাৰনেট সেৱাই শান্তিপূৰ্ণ সহাবস্থান আৰু শৃংখলা বজাই ৰখাত হস্তক্ষেপ কৰিব পাৰে। মোবাইল মেচেজ সেৱা, ছ'চিয়েল মিডিয়া, ডংগল সেৱাৰ জৰিয়তে ভুৱা বাতৰি প্ৰচাৰ হোৱাৰ  আশংকা আছে। ফলস্বৰূপে, সংঘৰ্ষ, প্ৰাণহানি, ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ' 

উল্লেখ্য ২৩ ছেপ্টেম্বৰত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনত ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ কেইদিনমানৰ পিছতে দুজন শিক্ষাৰ্থীক অপহৰণ কৰি হত্যা কৰা হৈছিল।ইয়াৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছিল ।এনে ঘটনাৰ পিছতে  উত্তৰ-পূবৰ ৰাজ্যখন আকৌ উত্তপ্ত  হৈ পৰিছে। অক্টোবৰৰ আৰম্ভণিতে আন এটা বিতৰ্কিত ভিডিঅ' ভাইৰেল হৈছিল। ৰাজ্যজুৰি পুনৰ অস্থিৰতাৰ সৃষ্টি হৈছিল। ইম্ফলত মন্ত্ৰী য়ুম্নাম খেমচান্দৰ বাসগৃহত গ্ৰেনেড আক্ৰমণ কৰা হৈছিল। এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিততে ৰাজ্য খনত পুনৰ বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ