--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিংসা বিধ্বস্ত মণিপুৰলৈ শান্তি উভতি অহাৰ পিছতে কিছুদিন পূৰ্বে ৰাজ্য খনত মুকলি কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা। কিন্তু শেহতীয়াকৈ ৰাজ্য খনৰ পৰিস্থিতি পুনৰ অশান্ত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য খনত আকৌ বন্ধ হৈ পৰিছে ইণ্টাৰনেট সেৱা।   মেইটেই আৰু কুকি গোটৰ সংঘৰ্ষৰ  এতিয়া ছমাহ পূৰ্ণ হৈছে। 

ইয়াৰ মাজতে সময়ে সময়ে ৰাজ্যখনৰ পৰা বিভিন্ন বিতৰ্কিত ভিডিঅ' পোহৰলৈ আহিছে। ফলস্বৰূপে পুনৰ বহু ঠাইত  হিংসাৰ জুই জ্বলি উঠিছে। এনে পৰিস্থিতিত  মণিপুৰৰ চৰকাৰে   নতুন সংঘৰ্ষ প্ৰতিহত কৰিবলৈ আৰু কেইদিনমানৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।  শেহতীয়াকৈ  মণিপুৰৰ চৰকাৰে এই সন্দৰ্ভত এখন জাননী জাৰি কৰিছে। মণিপুৰৰ ডিজিপিয়ে হিংসাত্মক ঘটনা, জনপ্ৰতিনিধিৰ ঘৰত আক্ৰমণ, নিৰাপত্তা বাহিনী আৰু অসামৰিক লোকৰ মাজত সংঘৰ্ষ, আৰক্ষী থানা ঘেৰাও তথা অন্যান্য ঘটনাৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে।

 ফলস্বৰূপে নতুন সংঘৰ্ষ প্ৰতিৰোধ কৰিবলৈ পুনৰ  ইণ্টাৰনেট সেৱা ২১  অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী চৰকাৰী বিষয়াই কয়  "ইণ্টাৰনেট সেৱাই শান্তিপূৰ্ণ সহাবস্থান আৰু শৃংখলা বজাই ৰখাত হস্তক্ষেপ কৰিব পাৰে। মোবাইল মেচেজ সেৱা, ছ'চিয়েল মিডিয়া, ডংগল সেৱাৰ জৰিয়তে ভুৱা বাতৰি প্ৰচাৰ হোৱাৰ  আশংকা আছে। ফলস্বৰূপে, সংঘৰ্ষ, প্ৰাণহানি, ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ' 

উল্লেখ্য ২৩ ছেপ্টেম্বৰত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনত ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ কেইদিনমানৰ পিছতে দুজন শিক্ষাৰ্থীক অপহৰণ কৰি হত্যা কৰা হৈছিল।ইয়াৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছিল ।এনে ঘটনাৰ পিছতে  উত্তৰ-পূবৰ ৰাজ্যখন আকৌ উত্তপ্ত  হৈ পৰিছে। অক্টোবৰৰ আৰম্ভণিতে আন এটা বিতৰ্কিত ভিডিঅ' ভাইৰেল হৈছিল। ৰাজ্যজুৰি পুনৰ অস্থিৰতাৰ সৃষ্টি হৈছিল। ইম্ফলত মন্ত্ৰী য়ুম্নাম খেমচান্দৰ বাসগৃহত গ্ৰেনেড আক্ৰমণ কৰা হৈছিল। এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিততে ৰাজ্য খনত পুনৰ বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু