--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষী সূত্ৰে জনোৱা অনুসৰি, MZ 01 T 3297 নম্বৰৰ বাহনৰ পৰা ৩২১টা মধ্যম আকাৰৰ পেকেট উদ্ধাৰ কৰা হয়।

ডিজিটেল ডেস্ক: কাছাৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী দিগৰখালৰ কালাইনছড়া নাকা চেকপ’ষ্টত নিয়মীয়া তালাচীৰ সময়ত গুমড়া আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰে। গোপন সূত্ৰৰ ভিত্তিত গুমড়া আৰক্ষী অনুসন্ধান কেন্দ্ৰৰ ইনচাৰ্জ প্ৰণৱ মিলিৰ নেতৃত্বত সন্দেহজনক এখন বাহন জব্দ কৰি তালাচী চলোৱা হয়। তালাচীৰ সময়ত বাহনখনৰ ভিতৰত নিৰ্মাণ কৰা গোপন চেম্বাৰৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চিগাৰেট উদ্ধাৰ হয়।


আৰক্ষী সূত্ৰে জনোৱা অনুসৰি, MZ 01 T 3297 নম্বৰৰ বাহনৰ পৰা ৩২১টা মধ্যম আকাৰৰ পেকেট উদ্ধাৰ কৰা হয়। প্ৰতিটো পেকেটত ২০০টাকৈ চিগাৰেট থকাৰ ফলত মুঠ ৬৪ হাজাৰ ২০০টা চিগাৰেট জব্দ কৰা হৈছে।


ঘটনাস্থলীৰ পৰাই বাহনত থকা দুই মেঘালয়বাসী - ডেভিড হাওলাই আৰু জাফেট ৰুয়ালথাংখুমক আটক কৰা হয়। প্ৰাথমিক জেৰাৰ সময়ত চোৰাং ব্যৱসায়ৰ সৈতে তেওঁলোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে সমগ্ৰ চোৰাং ব্যৱসায়ৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নে নাই, তাকে লৈ তদন্ত অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ