--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষী সূত্ৰে জনোৱা অনুসৰি, MZ 01 T 3297 নম্বৰৰ বাহনৰ পৰা ৩২১টা মধ্যম আকাৰৰ পেকেট উদ্ধাৰ কৰা হয়।

ডিজিটেল ডেস্ক: কাছাৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী দিগৰখালৰ কালাইনছড়া নাকা চেকপ’ষ্টত নিয়মীয়া তালাচীৰ সময়ত গুমড়া আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰে। গোপন সূত্ৰৰ ভিত্তিত গুমড়া আৰক্ষী অনুসন্ধান কেন্দ্ৰৰ ইনচাৰ্জ প্ৰণৱ মিলিৰ নেতৃত্বত সন্দেহজনক এখন বাহন জব্দ কৰি তালাচী চলোৱা হয়। তালাচীৰ সময়ত বাহনখনৰ ভিতৰত নিৰ্মাণ কৰা গোপন চেম্বাৰৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চিগাৰেট উদ্ধাৰ হয়।

আৰক্ষী সূত্ৰে জনোৱা অনুসৰি, MZ 01 T 3297 নম্বৰৰ বাহনৰ পৰা ৩২১টা মধ্যম আকাৰৰ পেকেট উদ্ধাৰ কৰা হয়। প্ৰতিটো পেকেটত ২০০টাকৈ চিগাৰেট থকাৰ ফলত মুঠ ৬৪ হাজাৰ ২০০টা চিগাৰেট জব্দ কৰা হৈছে।

ঘটনাস্থলীৰ পৰাই বাহনত থকা দুই মেঘালয়বাসী - ডেভিড হাওলাই আৰু জাফেট ৰুয়ালথাংখুমক আটক কৰা হয়। প্ৰাথমিক জেৰাৰ সময়ত চোৰাং ব্যৱসায়ৰ সৈতে তেওঁলোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে সমগ্ৰ চোৰাং ব্যৱসায়ৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নে নাই, তাকে লৈ তদন্ত অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক