--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথম এদিনীয়া মেচখনৰ দৰেই ভাৰতীয় বলিং লাইন আপে প্ৰভাৱিতে কৰিলে দ্বিতীয় এদিনীয়াতো। পুনৰবাৰ আধিপত্য প্ৰদৰ্শন ভাৰতীয় স্পিনাৰ-পেচাৰৰ। ঐতিহাসিক লৰ্ডছত পুনৰ ভাৰতীয় বলাৰৰ চমকপ্ৰদ প্ৰদৰ্শন। অ’ভেলত যছপ্ৰীত বুমৰা-মহম্মদ ছামীৰ ছুইঙত দিশহাৰা হৈ পৰিছিল ইংলেণ্ডৰ বেটাৰসকল। এইবাৰ 'হোম অৱ ক্ৰিকেট' খ্যাত লৰ্ডছত স্পিন মেজিক দেখুৱালে  যুজবেন্দ্ৰ চাহালে। জছ বাটলাৰৰ ইংলেণ্ডে তেওঁৰ লেগ স্পিনৰ ওচৰত অসহায়ভাৱে আত্মসমৰ্পণ কৰা দেখিবলৈ পোৱা যায়। ৪৯ অ’ভাৰত ২৪৬ ৰানতে স্তব্ধ হৈ পৰে ইংলেণ্ডৰ ইনিংছ।

বিপক্ষৰ শীৰ্ষ অৰ্ডাৰত তিনিগৰাকী মূল বেটছমেন জনী বেয়াৰষ্ট’, জো ৰুট আৰু বেন ষ্ট’কছক পেভেলিয়নৰ বাট দেখুৱায় চাহালে। ৪৮ ৰানত ৪টা উইকেট দখল কৰে চাহালে। ইফালে,  ২৮ ৰানত ২টা উইকেট দখল কৰে হার্দিক পাণ্ডিয়াই। প্ৰথম এদিনীয়াৰ নায়ক বুমেৰাহে ৪৯ ৰানত ২টা উইকেট দখল কৰে। এটাকৈ উইকেট দখল ছামী আৰু প্ৰসিদ্ধ কৃষ্ণাই।

আনহাতে, ইংলেণ্ডৰ হৈ মঈন আলীয়ে সৰ্বাধিক ৪৭ ৰান সংগ্ৰহ কৰে। ডেভিড ৱাইলীৰ বেচৰ পৰা আহে ৪১ ৰান। দ্বিতীয় এদিনীয়াত জয়ী হৈ ছিৰিজ দখল কৰিবলৈ ভাৰতক প্ৰয়োজন ২৪৭ ৰানৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ