--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিম ইণ্ডিয়াৰ অধিনায়ক  ৰোহিত শৰ্মাৰ বাবে সুখবৰ। ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়া খেলৰ পূৰ্বে বিৰাট কোহলীয়ে নেটত বহু সময় বেটিং অনুশীলন কৰা দেখিবলৈ পোৱা গৈছিল। বিচিচিআইয়ে টুইটাৰত কোহলীৰ অনুশীলনৰত এখন ছবি প্ৰকাশ কৰিছে। ফলত ক্ৰীড়ানুৰাগীৰ মনৰ সংশয় আঁতৰাই পুনৰ লৰ্ডছৰ খেলপথাৰত কিং কোহলীক দেখিবলৈ পাব  ক্ৰীড়ানুৰাগীয়ে।

উল্লেখ্য যে, ভাৰতীয় দলটোৱে টি-২০ শৃংখলাত ২-১ ৰ ব্যৱধানত ছিৰিজ দখল কৰিছিল। ‘মেন ইন ব্লু’ ব্ৰিগেডে এইবাৰ এদিনীয়া ছিৰিজ দখল কৰিবলৈ তত্‍পৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। শ্ৰেয়াস আয়াৰৰ পৰিৱৰ্তে বিৰাট কোহলীক ক্ৰীজত দেখিবলৈ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিৰাটৰ বেট ৰান নাথাকিলও ভাৰতীয় দলটোৱে দুগুণ আত্মবিশ্বাসেৰে খেলপথাৰত প্ৰৱেশ কৰাৰে পোষকতা ক্ৰীড়ানুৰাগীৰ।

স্মৰ্তব্য যে, অ’ভেলত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন এদিনীয়াত ৰোহিত শৰ্মাৰ ভাৰতে ইংলেণ্ডক ১০ উইকেটৰ বিশাল ব্যৱধানত পৰাস্ত কৰিছে। এইবাৰ ঐতিহাসিক লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন মেচত বিজয়ী হ’ব পাৰিলেই টীম ইণ্ডিয়াৰ হাতলৈ যাব ছিৰিজ।

অৱশ্যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাত বাদ পৰিল বিৰাট কোহলী। আইপিএলৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে দুখন টি-২০ মেচৰ বাহিৰে বিৰাটে কোনো টি-২০ মেচত খেলা নাই। দক্ষিণ আফ্ৰিকা আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে ছিৰিজত জিৰণি লৈছিল বিৰাটে। এইবাৰ কোহলী বাদ পৰিল কেৰিবিয়ানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ