--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিম ইণ্ডিয়াৰ অধিনায়ক  ৰোহিত শৰ্মাৰ বাবে সুখবৰ। ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়া খেলৰ পূৰ্বে বিৰাট কোহলীয়ে নেটত বহু সময় বেটিং অনুশীলন কৰা দেখিবলৈ পোৱা গৈছিল। বিচিচিআইয়ে টুইটাৰত কোহলীৰ অনুশীলনৰত এখন ছবি প্ৰকাশ কৰিছে। ফলত ক্ৰীড়ানুৰাগীৰ মনৰ সংশয় আঁতৰাই পুনৰ লৰ্ডছৰ খেলপথাৰত কিং কোহলীক দেখিবলৈ পাব  ক্ৰীড়ানুৰাগীয়ে।

উল্লেখ্য যে, ভাৰতীয় দলটোৱে টি-২০ শৃংখলাত ২-১ ৰ ব্যৱধানত ছিৰিজ দখল কৰিছিল। ‘মেন ইন ব্লু’ ব্ৰিগেডে এইবাৰ এদিনীয়া ছিৰিজ দখল কৰিবলৈ তত্‍পৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। শ্ৰেয়াস আয়াৰৰ পৰিৱৰ্তে বিৰাট কোহলীক ক্ৰীজত দেখিবলৈ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিৰাটৰ বেট ৰান নাথাকিলও ভাৰতীয় দলটোৱে দুগুণ আত্মবিশ্বাসেৰে খেলপথাৰত প্ৰৱেশ কৰাৰে পোষকতা ক্ৰীড়ানুৰাগীৰ।

স্মৰ্তব্য যে, অ’ভেলত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন এদিনীয়াত ৰোহিত শৰ্মাৰ ভাৰতে ইংলেণ্ডক ১০ উইকেটৰ বিশাল ব্যৱধানত পৰাস্ত কৰিছে। এইবাৰ ঐতিহাসিক লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন মেচত বিজয়ী হ’ব পাৰিলেই টীম ইণ্ডিয়াৰ হাতলৈ যাব ছিৰিজ।

অৱশ্যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাত বাদ পৰিল বিৰাট কোহলী। আইপিএলৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে দুখন টি-২০ মেচৰ বাহিৰে বিৰাটে কোনো টি-২০ মেচত খেলা নাই। দক্ষিণ আফ্ৰিকা আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে ছিৰিজত জিৰণি লৈছিল বিৰাটে। এইবাৰ কোহলী বাদ পৰিল কেৰিবিয়ানৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু