--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে লাওছত অনুষ্ঠিত আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আংশগ্ৰহণ কৰে৷ আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি কয় যে ১০ বছৰ পূৰ্বে ভাৰতৰ এক্ট-ইষ্ট নীতি ঘোষণা কৰিছিলোঁ। বিগত দশকত এই নীতিয়ে ভাৰত আৰু আছিয়ানৰ দেশসমুহৰ সম্পৰ্কত নতুন শক্তি প্ৰদান কৰাৰ লগতে এক গতি প্ৰদান কৰিছে বুলি মন্তব্য কৰাৰ লগতে একবিংশ শতিকা ভাৰত আৰু আছিয়ান দেশৰ শতিকা বুলিএ মন্তব্য আগবঢ়ায়৷

ভাৰতৰ এক্ট-ইষ্ট নীতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বগত ১০ বছৰত আছিয়ান অঞ্চলৰ সৈতে ভাৰতৰ বাণিজ্য প্ৰায় দুগুণ বৃদ্ধিৰে ১৩০ বিলিয়ন ডলাৰতকৈও অধিক হৈছে। ভাৰতে আছিয়ানৰ ৭ খন দেশৰ সৈতে প্ৰত্যক্ষ বিমান সংযোগ স্থাপন কৰিছে আৰু অতি সোনকালে ব্ৰুনাইৰ পৰাও প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰে৷ 

২১ সংখ্যক আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত ভাষণ দি তেওঁ কয়, ‘চিংগাপুৰ আছিয়ান অঞ্চলৰ প্ৰথমখন দেশ যাৰ সৈতে ভাৰতে ফিনটেক সংযোগ স্থাপন কৰা হৈছে আৰু আন দেশৰ লগতো ফিনটেক সংযোগ স্থাপন কৰা হৈছে। নালন্দা বিশ্ববিদ্যালয়ত তিনিশৰো অধিক আছিয়ান দেশৰ ছাত্ৰ-ছাত্ৰীয়ে বৃত্তিৰ দ্বাৰা উপকৃত হৈছে বুলি মন্তব্য কৰে৷

যি সময়ত বিশ্বৰ বিভিন্ন ঠাইত সংঘাত আৰু উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে সময়ত ভাৰত আৰু আছিয়ানৰ মাজত বন্ধুত্ব, আলোচনা আৰু সহযোগিতা অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে৷

ভাৰত-আছিয়ান দেশসমূহৰ মতাদৰ্শৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-আছিয়ান শান্তিপ্ৰিয়, প্ৰত্যেক দেশে এখনে আনখনৰ প্ৰতি জাতীয় ঐক্য আৰু সাৰ্বভৌমত্বক সন্মান কৰাৰ লগতে যুৱক-যুৱতীসকলৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতিও দায়বদ্ধ বুলি মত প্ৰকাশ কৰে৷
 
ক’ভিড মহামাৰীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ক’ভিড মহামাৰীয়ে হওক বা প্ৰাকৃতিক দুৰ্যোগেই হওক। মানৱীয়তা ৰক্ষা কৰি পৰস্পৰ সহায় সহযোগীতা কৰি আহিছো। বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি পুঁজি, ডিজিটেল পুঁজি আৰু সেউজ পুঁজি স্থাপন কৰা হৈছে।এই পুঁজিত ভাৰতে ৩ কোটি ডলাৰতকৈ অধিক বৰঙণি আগবঢ়াইছে।ভৰাতৰ সৈতে আছিয়ানৰ সহযোগিতা পানীৰ তলৰ পৰা মহাকাশলৈকে বিস্তৃত বুলিও বক্তব্য দাঙি ধৰে৷

উল্লেখযোগ্য যে পিপলছ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ লাওছৰ প্ৰধানমন্ত্ৰী ছনেক্সাই ছিফনাডনৰ আমন্ত্ৰণত আছিয়ান-ভাৰত আৰু পূব এছিয়া সন্মিলনত অংশগ্ৰহণৰ বাবে ২ দিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে লাওছত উপস্থিত হয়। ইয়াৰোপৰি ১৯ সংখ্যক ইষ্ট এছিয়া সন্মিলনতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখনীয় যে ১৯৬৭ চনত এছ’চিয়েচন অৱ চাউথইষ্ট এছিয়ান নেচনছ (আছিয়ান) প্ৰতিষ্ঠা কৰা হৈছিল, ভাৰত আৰু ভিয়েটনামৰ লগতে আন আন সদস্য দেশসমূহৰ ভিতৰত আছে ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, থাইলেণ্ড, ছিংগাপুৰ, লাওছ, কম্বোডিয়া আৰু ব্ৰুনাই দাৰুছালাম অন্যতম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক