--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে লাওছত অনুষ্ঠিত আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আংশগ্ৰহণ কৰে৷ আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি কয় যে ১০ বছৰ পূৰ্বে ভাৰতৰ এক্ট-ইষ্ট নীতি ঘোষণা কৰিছিলোঁ। বিগত দশকত এই নীতিয়ে ভাৰত আৰু আছিয়ানৰ দেশসমুহৰ সম্পৰ্কত নতুন শক্তি প্ৰদান কৰাৰ লগতে এক গতি প্ৰদান কৰিছে বুলি মন্তব্য কৰাৰ লগতে একবিংশ শতিকা ভাৰত আৰু আছিয়ান দেশৰ শতিকা বুলিএ মন্তব্য আগবঢ়ায়৷

ভাৰতৰ এক্ট-ইষ্ট নীতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বগত ১০ বছৰত আছিয়ান অঞ্চলৰ সৈতে ভাৰতৰ বাণিজ্য প্ৰায় দুগুণ বৃদ্ধিৰে ১৩০ বিলিয়ন ডলাৰতকৈও অধিক হৈছে। ভাৰতে আছিয়ানৰ ৭ খন দেশৰ সৈতে প্ৰত্যক্ষ বিমান সংযোগ স্থাপন কৰিছে আৰু অতি সোনকালে ব্ৰুনাইৰ পৰাও প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰে৷ 

২১ সংখ্যক আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত ভাষণ দি তেওঁ কয়, ‘চিংগাপুৰ আছিয়ান অঞ্চলৰ প্ৰথমখন দেশ যাৰ সৈতে ভাৰতে ফিনটেক সংযোগ স্থাপন কৰা হৈছে আৰু আন দেশৰ লগতো ফিনটেক সংযোগ স্থাপন কৰা হৈছে। নালন্দা বিশ্ববিদ্যালয়ত তিনিশৰো অধিক আছিয়ান দেশৰ ছাত্ৰ-ছাত্ৰীয়ে বৃত্তিৰ দ্বাৰা উপকৃত হৈছে বুলি মন্তব্য কৰে৷

যি সময়ত বিশ্বৰ বিভিন্ন ঠাইত সংঘাত আৰু উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে সময়ত ভাৰত আৰু আছিয়ানৰ মাজত বন্ধুত্ব, আলোচনা আৰু সহযোগিতা অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে৷

ভাৰত-আছিয়ান দেশসমূহৰ মতাদৰ্শৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-আছিয়ান শান্তিপ্ৰিয়, প্ৰত্যেক দেশে এখনে আনখনৰ প্ৰতি জাতীয় ঐক্য আৰু সাৰ্বভৌমত্বক সন্মান কৰাৰ লগতে যুৱক-যুৱতীসকলৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতিও দায়বদ্ধ বুলি মত প্ৰকাশ কৰে৷
 
ক’ভিড মহামাৰীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ক’ভিড মহামাৰীয়ে হওক বা প্ৰাকৃতিক দুৰ্যোগেই হওক। মানৱীয়তা ৰক্ষা কৰি পৰস্পৰ সহায় সহযোগীতা কৰি আহিছো। বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি পুঁজি, ডিজিটেল পুঁজি আৰু সেউজ পুঁজি স্থাপন কৰা হৈছে।এই পুঁজিত ভাৰতে ৩ কোটি ডলাৰতকৈ অধিক বৰঙণি আগবঢ়াইছে।ভৰাতৰ সৈতে আছিয়ানৰ সহযোগিতা পানীৰ তলৰ পৰা মহাকাশলৈকে বিস্তৃত বুলিও বক্তব্য দাঙি ধৰে৷

উল্লেখযোগ্য যে পিপলছ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ লাওছৰ প্ৰধানমন্ত্ৰী ছনেক্সাই ছিফনাডনৰ আমন্ত্ৰণত আছিয়ান-ভাৰত আৰু পূব এছিয়া সন্মিলনত অংশগ্ৰহণৰ বাবে ২ দিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে লাওছত উপস্থিত হয়। ইয়াৰোপৰি ১৯ সংখ্যক ইষ্ট এছিয়া সন্মিলনতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখনীয় যে ১৯৬৭ চনত এছ’চিয়েচন অৱ চাউথইষ্ট এছিয়ান নেচনছ (আছিয়ান) প্ৰতিষ্ঠা কৰা হৈছিল, ভাৰত আৰু ভিয়েটনামৰ লগতে আন আন সদস্য দেশসমূহৰ ভিতৰত আছে ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, থাইলেণ্ড, ছিংগাপুৰ, লাওছ, কম্বোডিয়া আৰু ব্ৰুনাই দাৰুছালাম অন্যতম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক