--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চীনে তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধটো নিৰ্মাণ কৰিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি  সংসদত সৰৱ হয় দৰং-ওদালগুৰিৰ সাংসদ তথা অসম প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া। লোক সভাৰ শূন্যকালত বিষয়টো উত্থাপন কৰি শইকীয়াই কয়, 'চীনৰ এই বান্ধে অসম তথা উত্তৰ-পূবত বিৰূপ প্ৰভাৱ পেলাব। ক্ষতি হ'ব অঞ্চলটোৰ সভ্যতা, সংস্কৃতি আৰু পৰিৱেশৰ।' ব্রহ্মপুত্র নদী তিব্বতত উৎপত্তি হৈ চীন, অৰুণাচল প্রদেশ আৰু অসমৰ মাজেৰে বাংলাদেশলৈ বৈ যোৱাৰ কথা ব্যক্ত কৰি তেওঁ লগতে কয় যে চীনত এই নদীখনক য়াৰলুং জংবো বুলি কোৱা হয়। 

আনহাতে, ব্রহ্মপুত্র নদীত নির্মাণ হ'বলগীয়া এই বান্ধটো তিব্বতৰ মালভূমিৰ পূব প্ৰান্তত থকা হিমালয়ৰ বিশাল উপত্যকাত নিৰ্মাণ কৰা হ'ব, যিটো অৰুণাচল প্ৰদেশৰ সীমান্তৰ নিচেই ওচৰত আৰু এই অঞ্চলটো ৰিং অব্ ফায়াৰ জ'নত পৰে। এনে পৰিস্থিতিত এই স্থানত ইমান বৃহৎ বান্ধ নিৰ্মাণকাৰ্য পৰিৱেশ আৰু স্থানীয় জনগোষ্ঠীৰ বাবে এক বৃহৎ ভাবুকি। ইফালে বান্ধ নিৰ্মাণ কৰিব লগীয়া অঞ্চলটোত সঘনাই ভূমিকম্প হৈ থাকে বুলি উল্লেখ কৰি শইকীয়াই লগতে কয় যে এনে পৰিস্থিতিত উক্ত বান্ধটো নিৰ্মাণ কৰিলে পৰিৱেশ তন্ত্ৰৰ ওপৰত ভীষণ হেঁচা পৰিব, যাৰ ফলত বহু দুর্ঘটনা সংঘটিত হ'ব পাৰে। উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ আৰু বাংলাদেশ ইতিমধ্যে ভয়াৱহ বানপানীৰ সন্মুখীন হৈ আহিছে। বৃহৎ নদীবান্ধটোৰ ফলত হ'বলগীয়া জলবায়ু পৰিৱৰ্তনৰ বাবে নামনি অঞ্চলৰ ৰাইজ ভূমিস্খলন, ভূমিকম্প আৰু বানপানীৰ দৰে সমস্যাৰ অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। 

প্রণিধানযোগ্য যে চীনে নির্মাণ কৰিবলগীয়া বান্ধটো সম্পূৰ্ণ হ'লে বিশ্বৰ ভিতৰতে বৃহত্তম নদীবান্ধ হিচাপে পৰিগণিত হ'ব। ২০২৩ চনৰ এক প্রতিবেদন অনুসৰি এই বান্ধটোৰ জৰিয়তে চীনে প্রতিবছৰে ৩০০ বিলিয়ন কিল'ৱাট আৱাৰৰো অধিক বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ'ব। সাংসদ শইকীয়াই স্পষ্টভাৱে কয় যে চীনে প্রায় ১৩৭ বিলিয়ন ডলাৰ ব্যয় কৰি এই বান্ধটো নির্মাণ কৰিবলৈ ওলাইছে। এই বান্ধৰ জৰিয়তে বৃহৎ পৰিমাণৰ পানী জমা কৰিব পৰা যাব। অৱধাৰিতভাৱেই নদীবান্ধ নিৰ্মাণৰ পাছত নদীখনৰ সোঁতৰ ওপৰত চীনৰ নিয়ন্ত্ৰণ থাকিব। ইয়াৰ ফলত ভৱিষ্যতে উত্তৰ-পূব ভাৰতত পানীৰ অভাৱ বা বানপানীৰ সংকটে সদায় দেখা দিব। ইয়াৰ সমানে সমানে অৰুণাচল প্ৰদেশৰ সীমান্তত চীনৰ প্ৰভাৱো বৃদ্ধি পাব। অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ ভাবুকি কঢ়িয়াই অনা এই বিষয়টো চীনৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰিবলৈ দাবী জনাই শইকীয়াই অসম তথা উত্তৰ-পূবৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত এতিয়াই প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

উৎস: দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ