--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চেক গণৰাজ্যৰ সুন্দৰীলৈ ২০২৪ৰ বিশ্বসুন্দৰীৰ খিতাপ৷ ক্ৰিষ্টিনা পিস্জ’কোভাৰ শিৰত জিলিকিল বিশ্বসুন্দৰীৰ মুকুট৷ মুম্বাইৰ জিঅ’ ৱ’ৰ্ল্ড কনভেনচন চেণ্টাৰত শনিবাৰে অনুষ্ঠিত হয় ২০২৪ বৰ্ষৰ বিশ্বসুন্দৰী প্ৰতিযোগিতা৷ জাকজমকতাৰে সম্পন্ন হ’ল ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতা৷ য’ত অংশগ্ৰহণ কৰিছিল বিশ্বৰ ১১৫খন দেশৰ সুন্দৰীয়ে৷ সৌন্দৰ্যৰ সমাহাৰ ঘটা জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল চেক গণৰাজ্যৰ ২৪ বছৰীয়া যুৱতী ক্ৰিষ্টিনাই৷ 

২০২২ৰ বিশ্বসুন্দৰী পোলেণ্ডৰ কেৰ’লিনাই ক্ৰিষ্টিনাৰ শিৰত পিন্ধাই দিলে বিজয়ৰ মুকুট৷ এইবাৰৰ মিছ ৱৰ্ল্ড প্ৰতিযাগিতাত ১২ গৰাকী বিচাৰকৰ ভিতৰত আসন শুৱনি কৰিলে বহুকেইগৰাকী ভাৰতীয় চেলিব্ৰিটীয়ে৷ বিচাৰকৰ আসনত দেখা গ’ল বলীউডৰ ছবি নিৰ্মাতা ছাজিদ নাডিয়াৱালা, অভিনেত্ৰী কীৰ্তি ছেনন, পূজা হেগৰে তথা ক্ৰিকেটাৰ হৰভজন সিঙৰ দৰে তাৰকাসকলক৷ 

আনহাতে শনিবাৰৰ অনুষ্ঠানত ঘোষকৰ ভূমিকাত আছিল কৰণ জোহৰ৷ অনুষ্ঠানত বলীউডৰ গায়ক ছান আৰু নেহা কক্কৰৰ সংগীতানুষ্ঠানে মোহাচ্ছন্ন কৰিছিল উপস্থিত অতিথিসকলক৷ প্ৰতিযোগিতা লেবাননৰ য়াছমিন জেটুনে নিৰ্বাচিত হয় প্ৰথম ৰানাৰ আপ হিচাপে৷ আনহাতে মিছ ৱৰ্ল্ড ২০২৪ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল সুন্দৰী মডেল শ্বিনা ছেট্টীয়ে৷ কিন্তু প্ৰতিযোগিতাখনৰ প্ৰথম চাৰিটা স্থানলৈ উত্তীৰ্ণ হোৱাত ব্যৰ্থ হ’ল ভাৰতীয় সুন্দৰীগৰাকী৷ আনহাতে চেক গণৰাজ্যৰ খিতাপ বিজয়ী ক্ৰিষ্টিনা হৈছে আইন আৰু MBA পাঠ্যক্ৰমৰ এগৰাকী ছাত্ৰী৷ এগৰাকী আন্তঃৰাষ্ট্রীয় মডেলৰূপে পৰিচিত ক্ৰিষ্টিনাই দৰিদ্ৰ লোকৰ সহায়ৰ বাবে গঠন কৰিছে এক দাতব্য সংস্থা৷ যাৰ জৰিয়তে এইগৰাকী সুন্দৰীয়ে তাঞ্জানিয়াৰ দৰে পিছপৰা দেশত বঞ্চিত শিশুৰ বাবে গঢ়ি তুলিছে ইংৰাজী মাধ্যমৰ বিদ্যালয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন