--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চেক গণৰাজ্যৰ সুন্দৰীলৈ ২০২৪ৰ বিশ্বসুন্দৰীৰ খিতাপ৷ ক্ৰিষ্টিনা পিস্জ’কোভাৰ শিৰত জিলিকিল বিশ্বসুন্দৰীৰ মুকুট৷ মুম্বাইৰ জিঅ’ ৱ’ৰ্ল্ড কনভেনচন চেণ্টাৰত শনিবাৰে অনুষ্ঠিত হয় ২০২৪ বৰ্ষৰ বিশ্বসুন্দৰী প্ৰতিযোগিতা৷ জাকজমকতাৰে সম্পন্ন হ’ল ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতা৷ য’ত অংশগ্ৰহণ কৰিছিল বিশ্বৰ ১১৫খন দেশৰ সুন্দৰীয়ে৷ সৌন্দৰ্যৰ সমাহাৰ ঘটা জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল চেক গণৰাজ্যৰ ২৪ বছৰীয়া যুৱতী ক্ৰিষ্টিনাই৷ 

২০২২ৰ বিশ্বসুন্দৰী পোলেণ্ডৰ কেৰ’লিনাই ক্ৰিষ্টিনাৰ শিৰত পিন্ধাই দিলে বিজয়ৰ মুকুট৷ এইবাৰৰ মিছ ৱৰ্ল্ড প্ৰতিযাগিতাত ১২ গৰাকী বিচাৰকৰ ভিতৰত আসন শুৱনি কৰিলে বহুকেইগৰাকী ভাৰতীয় চেলিব্ৰিটীয়ে৷ বিচাৰকৰ আসনত দেখা গ’ল বলীউডৰ ছবি নিৰ্মাতা ছাজিদ নাডিয়াৱালা, অভিনেত্ৰী কীৰ্তি ছেনন, পূজা হেগৰে তথা ক্ৰিকেটাৰ হৰভজন সিঙৰ দৰে তাৰকাসকলক৷ 

আনহাতে শনিবাৰৰ অনুষ্ঠানত ঘোষকৰ ভূমিকাত আছিল কৰণ জোহৰ৷ অনুষ্ঠানত বলীউডৰ গায়ক ছান আৰু নেহা কক্কৰৰ সংগীতানুষ্ঠানে মোহাচ্ছন্ন কৰিছিল উপস্থিত অতিথিসকলক৷ প্ৰতিযোগিতা লেবাননৰ য়াছমিন জেটুনে নিৰ্বাচিত হয় প্ৰথম ৰানাৰ আপ হিচাপে৷ আনহাতে মিছ ৱৰ্ল্ড ২০২৪ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল সুন্দৰী মডেল শ্বিনা ছেট্টীয়ে৷ কিন্তু প্ৰতিযোগিতাখনৰ প্ৰথম চাৰিটা স্থানলৈ উত্তীৰ্ণ হোৱাত ব্যৰ্থ হ’ল ভাৰতীয় সুন্দৰীগৰাকী৷ আনহাতে চেক গণৰাজ্যৰ খিতাপ বিজয়ী ক্ৰিষ্টিনা হৈছে আইন আৰু MBA পাঠ্যক্ৰমৰ এগৰাকী ছাত্ৰী৷ এগৰাকী আন্তঃৰাষ্ট্রীয় মডেলৰূপে পৰিচিত ক্ৰিষ্টিনাই দৰিদ্ৰ লোকৰ সহায়ৰ বাবে গঠন কৰিছে এক দাতব্য সংস্থা৷ যাৰ জৰিয়তে এইগৰাকী সুন্দৰীয়ে তাঞ্জানিয়াৰ দৰে পিছপৰা দেশত বঞ্চিত শিশুৰ বাবে গঢ়ি তুলিছে ইংৰাজী মাধ্যমৰ বিদ্যালয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক