--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইয়াৰ ভিতৰত এটা বাণিজ্যিক যোগাযোগ উপগ্ৰহ আৰু কেইবাটাও পি এছ এল ভি তথা জি এছ এল ভি অভিযানো আছে। তেওঁ লগতে কয় যে প্রথমটো পি এছ এল ভি সম্পূৰ্ণৰূপে ভাৰতীয় হ'ব।

ডিজিটেল ডেস্ক : ভাৰতে মানৱসহ প্রথমখন মহাকাশযান পূর্ব নির্ধাৰিত কাৰ্যসূচী অনুসৰি ২০২৭ চনত মহাকাশলৈ প্ৰেৰণ কৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৰ অধ্যক্ষ ড° ভি নাৰায়ণনে এই কথা প্রকাশ কৰে। তেওঁ লগতে কয় যে ইছৰ'ই চলিত বিত্তীয় বৰ্ষত আৰু সাতটা উৎক্ষেপণৰ পৰিকল্পনা কৰিছে।


ইয়াৰ ভিতৰত এটা বাণিজ্যিক যোগাযোগ উপগ্ৰহ আৰু কেইবাটাও পি এছ এল ভি তথা জি এছ এল ভি অভিযানো আছে। তেওঁ লগতে কয় যে প্রথমটো পি এছ এল ভি সম্পূৰ্ণৰূপে ভাৰতীয় হ'ব। ইছৰ'ই নিজৰ বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু ঔদ্যোগিক ক্ষমতা দ্রুত গতিত বৃদ্ধি কৰি আছে।


ইছৰ'ৰ মুৰব্বীজনে লগতে প্রকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰে চন্দ্ৰযান-৪ত অনুমোদন জনাইছে। এই অভিযানটোত চন্দ্রযানে চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ উভতি আহিব। ই এক জটিল অভিযান হ'ব বুলি ড° নাৰায়ণনে কয়। তেওঁ প্ৰকাশ কৰা মতে ২০২৮ চনত চন্দ্রযান-৪ক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ লগতে জাপান এৰ'স্পেচ এক্সপ্ল'ৰেশ্যন এজেন্সিৰ (জে এ এক্স এ) সৈতে মিলি লুনাৰ প'লাৰ এক্সপ্ল'ৰেশ্যন প্রগ্ৰেমৰ অৰ্থাৎ চন্দ্ৰৰ মেৰু অঞ্চলত অন্বেষণ চলোৱাৰ কাৰ্যসূচীৰ (এল ইউ পি ই এক্স) কামো চলি আছে বুলি তেওঁ কয়।


তেওঁ কয় যে ইছৰ'ই অহা তিনি বছৰত মহাকাশ যান নির্মাণ তিনি গুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে, যাতে বর্ধিত চাহিদা পূৰণ কৰিব পাৰি। ড° নাৰায়ণনে কয় যে ২০৩৫ চনৰ ভিতৰত ভাৰতে নিজৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰি আছে। ইয়াৰ পাঁচটা মডিউলৰ প্ৰথমটো ২০২৮ চনৰ ভিতৰত কক্ষপথ স্থাপন কৰা হ'ব। এই মহাকাশ আস্থানটোত স্থাপন কৰাৰ পাছত নিজা মহাকাশ আস্থান থকা ভাৰত তৃতীয়খন দেশ হ'ব।


তেওঁ কয় যে মহাকাশত মানববিহীন অভিযানসমূহৰ সময়ৰ সালসলনি কৰা হৈছে। ড° নাৰায়ণনে কয়, 'মই স্পষ্ট কৰি দিব বিচাৰোঁ যে মানববিহীন অভিযানৰ লক্ষ্য আছিল ২০২৫ আৰু মানৱযুক্ত মহাকাশ অভিযান আঁচনিৰ লক্ষ্য পূৰ্বতে নিৰ্ধাৰণ কৰাৰ দৰে ২০২৭ এই হৈ আছে। এই সময়সীমাৰ কোনো সালসলনি হোৱা নাই।' ইছৰ'ৰ মুৰব্বীজনে প্ৰকাশ কৰা মতে, ভাৰতীয় মহাকাশযাত্ৰীক চন্দ্ৰপৃষ্ঠলৈ প্ৰেৰণ আৰু তাৰ পৰা ২০৪০ চনৰ ভিতৰত নিৰাপদে ঘূৰাই অনাৰ দিশত কাম কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নির্দেশ দিছে। তেওঁৰ মতে, ভাৰতৰ মহাকাশ অর্থব্যৱস্থা বর্তমান প্রায় ৮২০ কোটি ডলাৰৰ আৰু ২০৩৩ চনৰ ভিতৰত ই ৪৪০০ কোটি ডলাৰলৈ বৃদ্ধি পাব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ