--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইয়াৰ ভিতৰত এটা বাণিজ্যিক যোগাযোগ উপগ্ৰহ আৰু কেইবাটাও পি এছ এল ভি তথা জি এছ এল ভি অভিযানো আছে। তেওঁ লগতে কয় যে প্রথমটো পি এছ এল ভি সম্পূৰ্ণৰূপে ভাৰতীয় হ'ব।

ডিজিটেল ডেস্ক : ভাৰতে মানৱসহ প্রথমখন মহাকাশযান পূর্ব নির্ধাৰিত কাৰ্যসূচী অনুসৰি ২০২৭ চনত মহাকাশলৈ প্ৰেৰণ কৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৰ অধ্যক্ষ ড° ভি নাৰায়ণনে এই কথা প্রকাশ কৰে। তেওঁ লগতে কয় যে ইছৰ'ই চলিত বিত্তীয় বৰ্ষত আৰু সাতটা উৎক্ষেপণৰ পৰিকল্পনা কৰিছে।


ইয়াৰ ভিতৰত এটা বাণিজ্যিক যোগাযোগ উপগ্ৰহ আৰু কেইবাটাও পি এছ এল ভি তথা জি এছ এল ভি অভিযানো আছে। তেওঁ লগতে কয় যে প্রথমটো পি এছ এল ভি সম্পূৰ্ণৰূপে ভাৰতীয় হ'ব। ইছৰ'ই নিজৰ বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু ঔদ্যোগিক ক্ষমতা দ্রুত গতিত বৃদ্ধি কৰি আছে।


ইছৰ'ৰ মুৰব্বীজনে লগতে প্রকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰে চন্দ্ৰযান-৪ত অনুমোদন জনাইছে। এই অভিযানটোত চন্দ্রযানে চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ উভতি আহিব। ই এক জটিল অভিযান হ'ব বুলি ড° নাৰায়ণনে কয়। তেওঁ প্ৰকাশ কৰা মতে ২০২৮ চনত চন্দ্রযান-৪ক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ লগতে জাপান এৰ'স্পেচ এক্সপ্ল'ৰেশ্যন এজেন্সিৰ (জে এ এক্স এ) সৈতে মিলি লুনাৰ প'লাৰ এক্সপ্ল'ৰেশ্যন প্রগ্ৰেমৰ অৰ্থাৎ চন্দ্ৰৰ মেৰু অঞ্চলত অন্বেষণ চলোৱাৰ কাৰ্যসূচীৰ (এল ইউ পি ই এক্স) কামো চলি আছে বুলি তেওঁ কয়।


তেওঁ কয় যে ইছৰ'ই অহা তিনি বছৰত মহাকাশ যান নির্মাণ তিনি গুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে, যাতে বর্ধিত চাহিদা পূৰণ কৰিব পাৰি। ড° নাৰায়ণনে কয় যে ২০৩৫ চনৰ ভিতৰত ভাৰতে নিজৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰি আছে। ইয়াৰ পাঁচটা মডিউলৰ প্ৰথমটো ২০২৮ চনৰ ভিতৰত কক্ষপথ স্থাপন কৰা হ'ব। এই মহাকাশ আস্থানটোত স্থাপন কৰাৰ পাছত নিজা মহাকাশ আস্থান থকা ভাৰত তৃতীয়খন দেশ হ'ব।


তেওঁ কয় যে মহাকাশত মানববিহীন অভিযানসমূহৰ সময়ৰ সালসলনি কৰা হৈছে। ড° নাৰায়ণনে কয়, 'মই স্পষ্ট কৰি দিব বিচাৰোঁ যে মানববিহীন অভিযানৰ লক্ষ্য আছিল ২০২৫ আৰু মানৱযুক্ত মহাকাশ অভিযান আঁচনিৰ লক্ষ্য পূৰ্বতে নিৰ্ধাৰণ কৰাৰ দৰে ২০২৭ এই হৈ আছে। এই সময়সীমাৰ কোনো সালসলনি হোৱা নাই।' ইছৰ'ৰ মুৰব্বীজনে প্ৰকাশ কৰা মতে, ভাৰতীয় মহাকাশযাত্ৰীক চন্দ্ৰপৃষ্ঠলৈ প্ৰেৰণ আৰু তাৰ পৰা ২০৪০ চনৰ ভিতৰত নিৰাপদে ঘূৰাই অনাৰ দিশত কাম কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নির্দেশ দিছে। তেওঁৰ মতে, ভাৰতৰ মহাকাশ অর্থব্যৱস্থা বর্তমান প্রায় ৮২০ কোটি ডলাৰৰ আৰু ২০৩৩ চনৰ ভিতৰত ই ৪৪০০ কোটি ডলাৰলৈ বৃদ্ধি পাব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু