--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হেকাৰে ডিফল্ট এডমিন লগিনৰ জৰিয়তে উক্ত চিকিৎসালয়খনৰ চি চি টিভি ব্যৱস্থাৰ নিৰাপত্তা ভেদ কৰি স্ত্ৰীৰোগ ৱাৰ্ডত পৰীক্ষা কৰা মহিলাসকলৰ বহু ঘণ্টাৰ গোপনীয় ফুটেজ চুৰি কৰিছিল আৰু ধনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্ণ বজাৰত বিক্ৰী কৰিছিল।

ডিজিটেল ডেস্ক: ঘটনাটোৰ সূত্রপাত হৈছিল গুজৰাটৰ ৰাজকোটৰ পায়ল মেটাৰনিটি হস্পিটেলত, ডিজিটেল বিষয়ক অমনোযোগী ব্যৱস্থাপনা হিচাপে। কিন্তু উক্ত ঘটনাই এনে কিছু শুংসূত্ৰৰ সন্ধান দিলে যে এতিয়া ঘটনাটো হৈ পৰিছে ভাৰতৰ জঘন্যতম চাইবাৰ কেলেংকাৰি।


হেকাৰে ডিফল্ট এডমিন লগিনৰ জৰিয়তে উক্ত চিকিৎসালয়খনৰ চি চি টিভি ব্যৱস্থাৰ নিৰাপত্তা ভেদ কৰি স্ত্ৰীৰোগ ৱাৰ্ডত পৰীক্ষা কৰা মহিলাসকলৰ বহু ঘণ্টাৰ গোপনীয় ফুটেজ চুৰি কৰিছিল আৰু ধনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্ণ বজাৰত বিক্ৰী কৰিছিল। এই বছৰৰ ফেব্ৰুৱাৰী মাহত অপৰাধীসকলক গ্ৰেপ্তাৰ কৰাৰ আগলৈকে ২০২৪ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ডিচেম্বৰৰ আগলৈকে চলি আছিল এই ফুটেজ চুৰি-কাণ্ড।


ন মাহতকৈ অধিক সময়ত হেকাৰবোৰে দেশজুৰি প্রায় ৫০,০০০ ক্লিপ চুৰ কৰিছিল। ৰাজকোটৰ চিকিৎসালয়খনৰ টীজাৰ ক্লিপ 'মেঘা এম বি বি এছ' আৰু 'চি পি মোণ্ডা'ৰ দৰে ইউটিউব চেনেলত অনলাইন প'ষ্ট কৰাৰ পাছতে উক্ত কেলেংকাৰিৰ কথা পোহৰলৈ আহে। গ্রাহকসকলক ৭০০ টকাৰ পৰা ৪০০০ টকা দামত ফুটেজ কিনিবলৈ টেলিগ্রাম চেনেললৈ মাতি নিয়া হৈছিল। এই কেলেংকাৰিৰ তদন্তকাৰীসকলৰ মতে 'পুনে, মুম্বাই, নাছিক, ছুৰাট, আহমেদাবাদ আৰু দিল্লীকে ধৰি দেশজুৰি ৮০ চি চি টিভি ডেছব'ৰ্ড' হেক কৰা হৈছিল।


দেশৰ ২০খন ৰাজ্যৰ চিকিৎসালয়, বিদ্যালয়, কোম্পানী, চিনেমা হল, ফেক্টৰী, আনকি ব্যক্তিগত বাসভৱনৰ ক্লিপ চুৰ কৰা হৈছে। ২০২৫ চনৰ আৰম্ভণিতেই প্রাথমিক গ্ৰেপ্তাৰসমূহ কৰা হৈছিল যদিও তদন্তকাৰীৰ মতে অবৈধভাৱে সংগ্ৰহ কৰা এনে ক্লিপ যোৱা জুনলৈকে টেলিগ্রামত সুলভ আছিল। হেকাৰে ৰাজকোটৰ চিকিৎসালয়খনৰ ক্লিপ চুৰ কৰিছিল 'এডমিন ১২৩' ডিফল্ট পাছৱৰ্ডেৰে। কিন্তু তদন্তকাৰীসকলে তদন্তত তথ্য লাভ কৰিছে যে উক্ত চি চি টিভি ব্যৱস্থাৰ বহুততে এতিয়াও 'এডমিন ১২৩'ৰ দৰে পাছৱৰ্ড ব্যৱহাৰ কৰি থকা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ