--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হেকাৰে ডিফল্ট এডমিন লগিনৰ জৰিয়তে উক্ত চিকিৎসালয়খনৰ চি চি টিভি ব্যৱস্থাৰ নিৰাপত্তা ভেদ কৰি স্ত্ৰীৰোগ ৱাৰ্ডত পৰীক্ষা কৰা মহিলাসকলৰ বহু ঘণ্টাৰ গোপনীয় ফুটেজ চুৰি কৰিছিল আৰু ধনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্ণ বজাৰত বিক্ৰী কৰিছিল।

ডিজিটেল ডেস্ক: ঘটনাটোৰ সূত্রপাত হৈছিল গুজৰাটৰ ৰাজকোটৰ পায়ল মেটাৰনিটি হস্পিটেলত, ডিজিটেল বিষয়ক অমনোযোগী ব্যৱস্থাপনা হিচাপে। কিন্তু উক্ত ঘটনাই এনে কিছু শুংসূত্ৰৰ সন্ধান দিলে যে এতিয়া ঘটনাটো হৈ পৰিছে ভাৰতৰ জঘন্যতম চাইবাৰ কেলেংকাৰি।


হেকাৰে ডিফল্ট এডমিন লগিনৰ জৰিয়তে উক্ত চিকিৎসালয়খনৰ চি চি টিভি ব্যৱস্থাৰ নিৰাপত্তা ভেদ কৰি স্ত্ৰীৰোগ ৱাৰ্ডত পৰীক্ষা কৰা মহিলাসকলৰ বহু ঘণ্টাৰ গোপনীয় ফুটেজ চুৰি কৰিছিল আৰু ধনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্ণ বজাৰত বিক্ৰী কৰিছিল। এই বছৰৰ ফেব্ৰুৱাৰী মাহত অপৰাধীসকলক গ্ৰেপ্তাৰ কৰাৰ আগলৈকে ২০২৪ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ডিচেম্বৰৰ আগলৈকে চলি আছিল এই ফুটেজ চুৰি-কাণ্ড।


ন মাহতকৈ অধিক সময়ত হেকাৰবোৰে দেশজুৰি প্রায় ৫০,০০০ ক্লিপ চুৰ কৰিছিল। ৰাজকোটৰ চিকিৎসালয়খনৰ টীজাৰ ক্লিপ 'মেঘা এম বি বি এছ' আৰু 'চি পি মোণ্ডা'ৰ দৰে ইউটিউব চেনেলত অনলাইন প'ষ্ট কৰাৰ পাছতে উক্ত কেলেংকাৰিৰ কথা পোহৰলৈ আহে। গ্রাহকসকলক ৭০০ টকাৰ পৰা ৪০০০ টকা দামত ফুটেজ কিনিবলৈ টেলিগ্রাম চেনেললৈ মাতি নিয়া হৈছিল। এই কেলেংকাৰিৰ তদন্তকাৰীসকলৰ মতে 'পুনে, মুম্বাই, নাছিক, ছুৰাট, আহমেদাবাদ আৰু দিল্লীকে ধৰি দেশজুৰি ৮০ চি চি টিভি ডেছব'ৰ্ড' হেক কৰা হৈছিল।


দেশৰ ২০খন ৰাজ্যৰ চিকিৎসালয়, বিদ্যালয়, কোম্পানী, চিনেমা হল, ফেক্টৰী, আনকি ব্যক্তিগত বাসভৱনৰ ক্লিপ চুৰ কৰা হৈছে। ২০২৫ চনৰ আৰম্ভণিতেই প্রাথমিক গ্ৰেপ্তাৰসমূহ কৰা হৈছিল যদিও তদন্তকাৰীৰ মতে অবৈধভাৱে সংগ্ৰহ কৰা এনে ক্লিপ যোৱা জুনলৈকে টেলিগ্রামত সুলভ আছিল। হেকাৰে ৰাজকোটৰ চিকিৎসালয়খনৰ ক্লিপ চুৰ কৰিছিল 'এডমিন ১২৩' ডিফল্ট পাছৱৰ্ডেৰে। কিন্তু তদন্তকাৰীসকলে তদন্তত তথ্য লাভ কৰিছে যে উক্ত চি চি টিভি ব্যৱস্থাৰ বহুততে এতিয়াও 'এডমিন ১২৩'ৰ দৰে পাছৱৰ্ড ব্যৱহাৰ কৰি থকা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ'ৰ উদ্বেগজনক তথ্য: দেশত দৈনিক ৫০০টা শিশুৰ বিৰুদ্ধে অপৰাধ
কলকাতাত ভোগালী উৎসৱ আৰু শিল্পী দিৱস উদযাপন;  বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ন
জলজীৱন আঁচনিৰ কাম সম্পূৰ্ণ কৰিও নাপালে প্ৰাপ্য ধন, ৰাজ্যত ১৪ হাজাৰ ঠিকাদাৰৰ হাহাকাৰ
জানুৱাৰী মাহৰ শেষৰ ফালে নক্ষত্ৰৰ পৰিবৰ্তন হ’ব, যাৰ ফলত এই ৭ ৰাশিৰ বাবে আহিব সমৃদ্ধি
পুনৰ জাগ্ৰত বিষ্ণোই গেং ! ১০ কোটি টকাৰ দাবী,নহ'লে বিপদত বি প্ৰাক
বিশ্ব কাপ চাবলৈ ৫০ কোটিৰ আৱেদন, ফিফাৰ সৰ্বশ্রেষ্ঠ প্রতিযোগিতাক লৈ ফুটবলপ্ৰেমীৰ অভূতপূর্ব উৎসাহ
মকৰ সংক্ৰান্তিৰ দিনা গঠন হ’ব বুধাদিত্য ৰাজযোগ! এই ৩টা ৰাশিৰ বাবে শুভ দিনৰ সূচনা কৰিব
৬.৬% বিকাশেৰে ২০২৬ত বিশ্বৰ দ্রুত অৰ্থনীতিৰ দেশ হ'ব ভাৰত, ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ প্ৰতিবেদনৰ তথ্য
উত্তৰ পূৱৰ প্ৰথমটো উপগ্ৰহ লাচিত-১ৰ মহাকাশ যাত্ৰা; উৎক্ষেপণত বিজুতি
গুৱাহাটীৰ নাৰেংগীত ভয়ংকৰ ঘটনা; ড্ৰাগছ আসক্ত ব্লেডমেনৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক
ফেচবুকত হিন্দুবিৰোধী মন্তব্য দি আটক শোণিতপুৰৰ গুদামঘাটৰ দুই যুৱক
কণ্ঠশিল্পী মানস ৰবীনলৈ 'গণ শিল্পী ৰাজীৱ শদিয়া সোঁ‌ৱৰণী বঁ‌টা' ; ৰসবাৰী পৰ্যটন মেলাৰ উদযাপন সমিতিয়ে প্ৰদান কৰে এই বঁটা
জৈৱিক অস্ত্ৰ : মাইক্ৰ'ছফটৰ সহঃ প্ৰতিষ্ঠাপক বিল গেটছৰ বাৰ্ষিক প্রতিবেদনত আশংকা, জৈৱ সন্ত্রাসবাদে বিশ্বত নমাব নতুন সংকট
আজি ভোগালী বিহুৰ উৰুকা, ভোগৰ সামগ্ৰীৰে উভৈনদী বজাৰ