--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হাতে হাতে প্লে-কাৰ্ড লৈ SAVE DRIVE SAVE LIFE, SLOW DRIVE SAVE KIDS আদি বিভিন্ন লিখনিৰে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷

ডিজিটেল ডেস্ক: বিদ্যালয়ৰ পৰা আৰু কেতিয়াও ঘৰলৈ উভতি নহাৰ বাটেৰে গুচি গ’ল সপ্তম শ্ৰেণীৰ ছাত্ৰী হিমাক্ষী ৰায়৷


চাপৰৰ বহলপুৰত যাত্ৰী বাছৰ দৌৰাত্মত পুনৰ এগৰাকী স্কুলীয়া ছাত্ৰীয়ে হেৰুৱালে প্ৰাণ৷ 


চাপৰৰ বহলপুৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে SFS বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন৷


হাতে হাতে প্লে-কাৰ্ড লৈ SAVE DRIVE SAVE LIFE, SLOW DRIVE SAVE KIDS আদি বিভিন্ন লিখনিৰে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷


বহলপুৰ তটপাৰাস্থিত SFS স্কুলৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ 


আল্ট্ৰা বাছ, ডাম্পাৰ, ট্ৰাক আদি বিভিন্ন বাহনৰ গতি বেগ ৰোধৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী৷


উল্লেখ্যে যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত চাপৰ থানাৰ অন্তৰ্গত বহলপুৰৰ তটপাৰাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছৰ খুন্দা গুৰুতৰভাৱে আহত হৈছিল হিমাক্ষী ৰায় (আদি) নামৰ SFS স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী গৰাকী। মূৰত গুৰুতৰ আঘাত হোৱাত বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰিয়ালৰ লোকে ভৰ্তি কৰায় আৰু চিকিৎসাধীন অৱস্থাতে সোমবাৰে নিশা ছাত্ৰীগৰাকীয়ে অকাল‌ মৃত্যুক আঁকোৱালি লয়। বহলপুৰৰ তটপাৰা নিবাসী ১০৮ৰ চালক তিলক চন্দ্ৰ ৰায় আৰু অনজিতা ৰায়ৰ একমাত্ৰ কন্যা আছিল মৃত হিমাক্ষী ৰায়৷


ছাত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু