--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হাতে হাতে প্লে-কাৰ্ড লৈ SAVE DRIVE SAVE LIFE, SLOW DRIVE SAVE KIDS আদি বিভিন্ন লিখনিৰে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷

ডিজিটেল ডেস্ক: বিদ্যালয়ৰ পৰা আৰু কেতিয়াও ঘৰলৈ উভতি নহাৰ বাটেৰে গুচি গ’ল সপ্তম শ্ৰেণীৰ ছাত্ৰী হিমাক্ষী ৰায়৷


চাপৰৰ বহলপুৰত যাত্ৰী বাছৰ দৌৰাত্মত পুনৰ এগৰাকী স্কুলীয়া ছাত্ৰীয়ে হেৰুৱালে প্ৰাণ৷ 


চাপৰৰ বহলপুৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে SFS বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন৷


হাতে হাতে প্লে-কাৰ্ড লৈ SAVE DRIVE SAVE LIFE, SLOW DRIVE SAVE KIDS আদি বিভিন্ন লিখনিৰে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷


বহলপুৰ তটপাৰাস্থিত SFS স্কুলৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ 


আল্ট্ৰা বাছ, ডাম্পাৰ, ট্ৰাক আদি বিভিন্ন বাহনৰ গতি বেগ ৰোধৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী৷


উল্লেখ্যে যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত চাপৰ থানাৰ অন্তৰ্গত বহলপুৰৰ তটপাৰাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছৰ খুন্দা গুৰুতৰভাৱে আহত হৈছিল হিমাক্ষী ৰায় (আদি) নামৰ SFS স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী গৰাকী। মূৰত গুৰুতৰ আঘাত হোৱাত বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰিয়ালৰ লোকে ভৰ্তি কৰায় আৰু চিকিৎসাধীন অৱস্থাতে সোমবাৰে নিশা ছাত্ৰীগৰাকীয়ে অকাল‌ মৃত্যুক আঁকোৱালি লয়। বহলপুৰৰ তটপাৰা নিবাসী ১০৮ৰ চালক তিলক চন্দ্ৰ ৰায় আৰু অনজিতা ৰায়ৰ একমাত্ৰ কন্যা আছিল মৃত হিমাক্ষী ৰায়৷


ছাত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ